দ্বিতীয় পর্যায়ৰ ক’ৰোনা ভেকচিন ল’লে ড০ হিমন্ত বিশ্ব শর্মাই
নিয়মীয়া বাৰ্তা ২ ফেব্ৰুৱাৰীঃ দেশত সোমবাৰৰ পৰা আৰম্ভ হোৱা ক’ভিড–১৯ৰ দ্বিতীয় পর্যায়ৰ টিকাকৰণৰ প্রথম দিনটোতে প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে ভেকচিনৰ প্রথনটো ড’জ গ্রহণ কৰাৰ পাছত অসম চৰকাৰৰ স্বাস্থ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মায়ো সোমবাৰে বিয়লিৰ ভাগত লয় ক’ৰোনা ভাইৰাছৰ ভেকচিন৷ গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত (জি এম চি এইচ) বিয়লিৰ ভাগত চিকিৎসালয়খনৰ অধ্যক্ষ অচ্যুত বৈশ্য আৰু অধীক্ষক অভিজিৎ শর্মাৰ উপস্থিতিত এই টিকা গ্রহণ কৰে মন্ত্রীগৰাকীয়ে৷ উল্লেখ্য যে ক’ৰোনা ভাইৰাছৰ দ্বিতীয় পর্যায়ৰ ভেকচিন ৬০ বছৰ বয়সৰ ঊর্ধ্বৰ আৰু ৪৫ বছৰতকৈ অধিক তথা অসুস্থ লোকক দ্বিতীয় পর্যায়ৰ টিকাকৰণত অন্তর্ভুক্ত কৰা হৈছে৷
ইফালে নতুন দিল্লীৰ এইমছত ক’ভিড–১৯ ভেকচিনৰ প্রথম পালি লোৱাৰ সময়ত অসমীয়াৰ স্বাভিমান গামোচা লৈ থকা প্রধানমন্ত্রী নৰেন্দ্র মোদীক উচ্চ প্রশংসা বিত্তমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাৰ৷ প্রধানমন্ত্রী মোদীয়ে ভেকচিন লোৱাৰ পাছতেই টুইটযোগে বিত্ত–স্বাস্থ্য–শিক্ষামন্ত্ৰী ড০ শর্মাই কয়– প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে আজি ভাৰতত প্রস্তুত কৰা ভেকচিন লৈ এই কথা প্রমাণিত কৰিছে যে আত্মনির্ভৰ ভাৰত দৃষ্টিভংগীক নতুন গতি দিয়াৰ বাবে তেওঁ কিমান সমর্পিত৷ ভেকচিন লোৱাৰ সময়ত গামোচা ডিঙিত লৈ আত্মনির্ভৰ ভাৰতক লৈ অংগীকাৰ আৰু অসমীয়া সংস্কৃতিৰ প্রতি স্নেহ কিমান, তাক দেখুৱালে৷ আন এক টুইটত ড০ শর্মাই কয়– ‘অসমীয়া সংস্কৃতি আৰু ঐতিহ্যৰ প্রতীক গামোচাখনৰ প্রতি তেওঁৰ স্নেহ তথা সন্মান কিমান, ইয়েই প্রতিফলিত কৰিছে৷ আমি আপোনাৰ প্রতি চিৰকৃতজ্ঞ৷’ উল্লেখ্য যে বিত্তমন্ত্রী ড০ শর্মাই ইংৰাজী, হিন্দী আৰু অসমীয়াত টুইট কৰিছে৷