নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

‘দুর্গাপূজা পাতিলে অসমত সৃষ্টি হ’ব ভয়ংকৰ পৰিস্থিতিৰ: বিটিএডিত সভা অনুষ্ঠিত কৰিবলৈ অনুমতি দি উপায়ুক্তই ভুল কৰিছে’

নিয়মীয়া বাৰ্তা, ১৩ ছেপ্টেম্বৰঃ ক’ৰোনা ভাইৰাছৰ দ্রুত সংক্রমণে ৰাজ্যত সৃষ্টি কৰি থকা জটিল পৰিৱেশ অধিক ভয়াৱহ হ’ব নৱেম্বৰ–ডিচেম্বৰ মাহত৷ –শনিবাৰে এই শংকা ব্যক্ত কৰিলে স্বাস্থ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই৷

জনতা ভৱনত কালি এখন সংবাদ মেলত মন্ত্রীগৰাকীয়ে এই জটিল পৰিৱেশৰ কথা আঙুলিয়াই কয়– আগষ্ট মাহত ৰাজ্যত ক’ৰোনা আক্রান্তৰ সংখ্যা ৬৮ হাজাৰলৈ বৃদ্ধি হৈছিল৷ আনহাতে, ছেপ্টেম্বৰ মাহত দহ দিনতে আক্রান্তৰ সংখ্যা ৩০ হাজাৰ হৈছে৷ এনে অৱস্থাত চলিত মাহৰ শেষলৈকে আক্রান্তৰ সংখ্যা ৯০ হাজাৰ হ’ব পাৰে৷ আগন্তুক দুর্গাপূজাই ক’ৰোনাৰ সংক্রমণ অধিক বৃদ্ধি কৰাৰ সম্ভাৱনীয়তাক লৈও আজি আশংকা প্রকাশ কৰি মন্ত্রীগৰাকীয়ে কয়– পূর্বৰ দৰে দুর্গাপূজা অনুষ্ঠিত কৰিলে নৱেম্বৰ–ডিচেম্বৰত অসমত ভয়াৱহ পৰিস্থিতি সৃষ্টি হ’ব৷ অষ্টমী, নৱমীৰ দিনা যদি নির্মালি লোৱাৰ বাবে সকলো সমৱেত হয়, তেনেহ’লে অসমৰ অৱস্থা অতি বেয়া হ’ব৷ ক’ভিড–১৯ৰ সংক্রমণৰ বাবেই সাৱধানতাৰ স্বার্থত বিহু আমি পতা নাই৷ গতিকে দুর্গাপূজা আগৰ দৰে পাতিলে অসমত কি পৰিস্থিতি হ’ব, সেয়া সহজেই অনুমেয়৷ গতিকে মই বিনম্রতাৰে আহ্বান জনাওঁ– মাক পূজা কৰক৷ কিন্তু পূজা কমিটী আৰু পূজাৰীয়ে লগ হৈ অনুষ্ঠিত কৰক৷ যিসকল লোকে পূজাত দান–বৰঙণি দিয়ে, তেওঁলোকক ঘৰে ঘৰে গৈ প্রসাদ আৰু নির্মালি বিতৰণ কৰক৷ মন্ত্রীগৰাকীয়ে পূজা কমিটীক নিয়ম মানি চলাৰ বাবেও আহ্বান জনায়৷

আনহাতে, বি টি এ ডিত শেহতীয়াকৈ ৰাজনৈতিক সভা অনুষ্ঠিত কৰাৰ নামত মাস্ক পৰিধান নকৰাকৈ আৰু সামাজিক দূৰত্ব বজাই নাৰাখি ৰাইজ সমৱেত হোৱাক লৈও যথেষ্ট উদ্বিগ্ণতা প্রকাশ কৰি মন্ত্রী শর্মাই কয়– বি টি এ ডিত সভা অনুষ্ঠিত কৰিবলৈ অনুমতি দিয়াৰ ক্ষেত্রত জিলা উপায়ুক্তই ভুল কৰিছে৷ এই সভাসমূহে নামনি অসমত সর্বনাশ মাতি আনিব৷ এক অপৰিপক্ব নেতৃত্বৰ ফলতেই এই সভাসমূহ চলি আছে৷

ইফালে, আক্রান্তৰ সমান্তৰালকৈ ৰাজ্যত এতিয়া ক’ৰোনাত মৃত্যু হোৱা লোকৰ সংখ্যা বৃদ্ধি পোৱাক লৈও উদ্বিগ্ণতা প্রকাশ কৰি স্বাস্থ্যমন্ত্রীগৰাকীয়্ আজি জানিবলৈ দিয়ে যে মৃত্যু হোৱা লোকৰ হাৰ পূর্বতকৈ ০.৩১ শতাংশলৈ বৃদ্ধি পাইছে৷ তেওঁ কয়– ক’ৰোনাত মৃত্যু হোৱা সর্বাধিক লোক কামৰূপ মহানগৰ জিলাৰ৷ এতিয়ালৈ জিলাখনত ক’ৰোনাত আক্রান্ত হৈ ৯০জন লোকৰ মৃত্যু হৈছে৷ গুৱাহাটী মহানগৰীৰ সর্বাধিক লোক ক’ৰোনাত আক্রান্ত হৈছে দিছপুৰ অঞ্চলৰ৷ দিছপুৰৰ চাৰিটা ৱার্ডত শেহতীয়াকৈ ১,২০০ লোক ক’ৰোনাত আক্রান্ত হৈছে৷ গুৱাহাটী মহানগৰৰ পাছতেই সর্বাধিক মৃত্যু হৈছে ডিব্রুগড় জিলাত ৬৩গৰাকী, কাছাৰ জিলাত ২৯গৰাকী, তিনিচুকীয়া জিলাত ২৬গৰাকী, কৰিমগঞ্জ জিলাত ২৭গৰাকী, যোৰহাট জিলা আৰু কামৰূপ জিলাত ১৯গৰাকীকৈ৷

আনহাতে, গোৱালপাৰা আৰু মাজুলী জিলাত এজনকৈ লোক মৃত্যু হোৱাৰ বিপৰীতে বিশ্বনাথ, ডিমা হাছাও, দক্ষিণ শালমাৰাত এজনো লোকৰ ক’ভিডত মৃত্যু হোৱা নাই৷ অৱশ্যে এনে পৰিৱেশৰ মাজতো ক’ৰোনামুক্ত হোৱা লোকৰ সংখ্যা বৃদ্ধি পাইছে৷ ইয়াৰ হাৰ হ’ল ৭৮.৩ শতাংশ৷ এতিয়াও ৩০ দিনৰ মূৰতহে ক’ৰোনা আক্রান্তৰ সংখ্যা দুগুণ হৈছে৷ আনহাতে, ক’ৰোনা আক্রান্ত ১,৩০৪জনক প্লাজমা দিয়া হৈছে বুলি জানিবলৈ দি মন্ত্রীগৰাকীয়ে ২৭ লাখ লোকক ক’ৰোনা পৰীক্ষা কৰা হৈছে বুলিও উল্লেখ কৰে৷

You might also like