বিনিয়োগকাৰীৰ সন্ধানত দক্ষিণ কোৰিয়াত ড০ হিমন্ত বিশ্ব শর্মা
নিয়মীয়া বাৰ্তা ডিজিটেল, ২০ জানুৱাৰীঃ এডভাণ্টেজ আছাম ২.০ৰ বিনিয়োগ আৰু আন্তঃগাঁথনি সন্মিলনত অসমৰ সম্ভাৱনাসমূহ উপস্থাপন কৰিবলৈ আৰু ঔদ্যোগিক নেতা–সংস্থাসমূহৰ সৈতে ফলপ্রসূ আলোচনা কৰিবলৈ নতুন দিল্লীৰ পৰা দক্ষিণ কোৰিয়ালৈ উৰা মাৰে মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মা৷ দক্ষিণ কোৰিয়াত এডভাণ্টেজ আছাম ২.০ৰ ৰোড শ্ব’ৰ বাবে কৰা ভ্রমণৰ সময়ত মুখ্যমন্ত্রী ড০ শর্মাই বানপো হানগাং নদী উদ্যানলৈ যায়৷ সামাজিক মাধ্যমত এই বিষয়ে শ্বেয়াৰ কৰি মুখ্যমন্ত্রী ড০ শর্মাই কয় যে হানগাং নদীৰ পাৰত অৱস্থিত পৰিসেৱা চিউলবাসীৰ বিনোদনৰ বাবে এক পৰিকল্পিত দ্বীপ৷ গুৱাহাটীৰ ৰিভাৰফ্রণ্ট প্রকল্পও এই একেই চিন্তা–দর্শনেৰে নির্মীয়মাণ অৱস্থাত আছে আৰু শীঘ্রেই জনসাধাৰণৰ বাবে মুকলি কৰা হ’ব৷ জানিব পৰা মতে, দক্ষিণ কোৰিয়াত তিনি দিন বিভিন্ন ঔদ্যোগিক নেতা আৰু সংস্থাসমূহৰ সৈতে মুখ্যমন্ত্রী ড০ শর্মাই আলোচনাত মিলিত হৈ তেওঁলোকক এডভাণ্টেজ আছাম ২.০লৈ আমন্ত্রণ জনোৱাৰ লগতে অসমৰ সম্ভাৱনাসমূহৰ বিষয়েও অৱগত কৰিব৷ ইয়াৰ পাছতে মুখ্যমন্ত্রী ড০ শর্মা জাপানলৈ উৰা মাৰিব৷ ইপিনে লণ্ডনত এডভাণ্টেজ আছাম ২.০ৰ প্রচাৰৰ অংশ হিচাপে ৰাজ্যৰ উদ্যোগ মন্ত্রী বিমল বড়াই ব্রিটেইনৰ প্রযুক্তি, চিকিৎসা, বিত্ত, শিক্ষা আৰু ঔদ্যোগিক ক্ষেত্রখনত নিজস্ব দক্ষতাৰে উজলি উঠি গুৰুত্বপূর্ণ ভূমিকা পালন কৰা প্রৱাসী অসমীয়াসকলৰ সৈতে এক গুৰুত্বপূর্ণ বৈঠকত মিলিত হয়৷ অসমক ভাৰতৰ অন্যতম শ্রেষ্ঠ বিনিয়োগৰ গন্তব্য স্থান ৰূপে গঢ়ি তোলাৰ ক্ষেত্রত ভাৰতৰ প্রধানমন্ত্রী নৰেন্দ্র মোদী আৰু অসমৰ মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাৰ নেতৃত্বত হোৱা গুৰুত্বপূর্ণ পদক্ষেপসমূহৰ বিষয়েও অৱগত কৰে৷ ৰাজ্য চৰকাৰে হাতত লোৱা বিনিয়োগ অনুকূল ঔদ্যোগিক নীতি সন্দর্ভত অসমীয়া সমাজৰ প্রতিনিধি দলটোৰ আগত মন্ত্রী বড়াই অৱগত কৰে৷ দক্ষিণ–পূব এছিয়াৰ দুৱাৰমুখ হিচাপে অসমৰ গুৰুত্বপূর্ণ অৱস্থান সম্পর্কত মন্ত্রী বড়াই অসমৰ প্রাকৃতিক সম্পদ আৰু ইয়াৰ প্রাকৃতিক সৌন্দর্যক লৈ হ’ব পৰা ঔদ্যোগিক বিকাশৰ বিষয়েও প্রতিনিধি দলটোৰ সৈতে মত বিনিময় কৰি ব্রিটিছ বিনিয়োগকাৰীসকলক অসমত বিনিয়োগৰ দিশত আগ্রহী কৰি তোলাৰ ওপৰত গুৰুত্ব আৰোপ কৰে৷