নিয়মীয়া বাৰ্তা, ২৬ ছেপ্টেম্বৰ : কংগ্ৰেছে চৰে চৰে অভিযান আৰম্ভ কৰাৰ পূৰ্বেই মৰিগাঁও জিলাৰ চৰ চাপৰিত কংগ্ৰেছ মুৰ্দাবাদ, বিধায়ক আছিফ মহম্মদ নাজাৰ মুৰ্দাবাদ ধ্বনিৰে উত্তাল কৰি তোলে চৰ চাপৰিৰ লোকসকলে। মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা জিন্দাবাদ, বিজেপি জিন্দাবাদ, নৰেন্দ্ৰ মোদী জিন্দাবাদ ধ্বনিৰে মূখৰিত চৰ চাপৰি অঞ্চল। মৰিগাঁও জিলাৰ লাহৰীঘাটৰ নাঙলী চাপৰিত সমবেত হৈছে শ শ চৰবাসী। জিলাখনৰ কেবাটাও চৰ চাপৰিৰ কেবা শতাধিক পুৰুষ মহিলা উপস্থিত হৈ ড০ হিমন্ত বিশ্ব শৰ্মাক জিন্দাবাদ, বিজেপি জিন্দাবাদ দিয়া পৰিলক্ষিত হৈছে। আনকি কংগ্ৰেছ মূৰ্দাবাদ, লাহৰীঘাটৰ বিধায়ক আছিফ নাজাৰ মুৰ্দাবাদ ধ্বনিৰে উত্তাল কৰি তুলিছে। চৰ চাপৰিৰ কেবা শতাধিক লোক মিলিত হৈ নাঙলী চাপৰিত অনুষ্ঠিত কৰে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মালৈ কৃতজ্ঞতা আৰু সহযোগিতাৰ সংকল্প সভা।আজিৰ সভাত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ প্ৰতি পূৰ্ণ আস্থা প্ৰকাশ কৰে চৰবাসীয়ে। আজিৰ সভাত নগাঁও লোকসভাৰ বিজেপিৰ সহ সংযোজক বিষ্ণু ভাগৱতীয়ে চৰবাসীৰ সমস্যা সমূহ একমাত্ৰ মূখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সমাধান কৰিব পাৰিব বুলি আশ্বাস দিয়ে।চৰবাসীৰ প্ৰকাশ কৰে যে বছৰ বছৰ ধৰি কংগ্ৰেছ সমৰ্থন কৰাৰ পিছতো একো নকৰিলে, এতিয়া মূখ্যমন্ত্ৰীৰ কৰ্মদক্ষতা চাই বিজেপিক সমৰ্থন আগবঢ়াব বুলি সদম্ভে ঘোষণা কৰে চৰাঞ্চলৰ লোক সকলে। উচ্ছেদিত চৰবাসীক উৎপাদিত শস্য ছপাবলৈ সুবিধা কৰি দিবলৈ মুখ্যমন্ত্ৰীক অনুৰোধ জনাইছে উচ্ছেদিত চৰবাসীয়ে। ইয়াৰ উপৰি মুখ্যমন্ত্ৰীক চৰবাসীৰ সমস্যা সমাধান কৰাৰ বাবে অনুৰোধ জনায় চৰবাসীয়ে।
প্ৰেৰক আবুল কালাম