নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কংগ্ৰেছ-এআইইউডিএফ একলগঃ ৰাইজৰ মতামত কি ১২ তাৰিখে গম পাবঃ ড০ হিমন্ত বিশ্ব শৰ্মা

নিয়মীয়া বাৰ্তা, ২ ডিচেম্বৰঃ বি টি আৰৰ নিৰ্বাচনী প্ৰচাৰত একেলগে ভাগ লোৱা কংগ্ৰেছ সভাপতি ৰিপুণ বৰা আৰু এ আই ইউ ডি প্ৰমুখ বদৰুদ্দিন আজমল প্ৰসংগত মতামত আগবঢ়ালে স্বাস্থ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই। সাংবাদিকৰ আগত মন্ত্ৰী ড০ শৰ্মাই কয় য়ে একেলগে নিৰ্বাচনী সভাত প্ৰচাৰ চলোৱাৰ পিছত তেওঁলোকৰ মিত্ৰতা আনুষ্ঠানিক হ’ল আৰু এইক্ষেত্ৰত ৰাইজৰ মতামত কি সেয়া ১২ তাৰিখে আপোনালোকে নিজেই দেখা পাব।

আনহাতে বদৰুদ্দিন আজমলে আজি এখন নিৰ্বাচনী সভাত তেওঁৰ ওচৰত আত্মসমৰ্পণ কৰিবলৈ আহ্বান জনোৱা বিষয়ত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই কয়- আজমলৰ দৰে মানুহৰ ওচৰত মই ছাৰেণ্ডাৰ কৰিম! সেইটো এই জনমত নহ’ব। উল্লেখ্য, আজি বি টি আৰ নিৰ্বাচনৰ প্ৰচাৰত কংগ্ৰেছ আৰু এআইইউডিএফ নেতাই একেখন হেলিকপ্টাৰত উঠি নিৰ্বাচনী প্ৰচাৰ চলোৱাৰ পিছত দুয়োটা দলৰ মিত্ৰতাই আনুষ্ঠানিক ৰূপ লয়।

You might also like