নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

শৃংখলা হেৰুৱালেও ভাৰতে মান ৰক্ষা কৰিলে আজিৰ জয়লাভেৰে

নিয়মীয়া বাৰ্তা, ২ ডিচেম্বৰঃ এদিনীয়া শৃংখলাৰ অন্তিমখন মেচত জয়লাভ কৰি ভাৰতে সন্মান ৰক্ষা কৰিলে। আজি কেনবেৰাত ভাৰতীয় দলে অষ্ট্ৰেলিয়াক ১৩ ৰানৰ ব্যৱধানত পৰাস্ত কৰে। ভাৰতে বান্ধি দিয়া ৩০৩ ৰানৰ লক্ষ্য অনুসৰণ কৰি অষ্ট্ৰেলিয়াৰ দলটোৱে ৪৯.৩ অভাৰত আটাইকেইটা উইকেট হেৰুৱাই ২৮৯ ৰান সংগ্ৰহ কৰে।

মেন অৱ দি মেচ লাভ কৰে অলৰাউণ্ডাৰ হাৰ্দিক পাণ্ডিয়াই। মেচখনত তেওঁ ৭৬টা বলত ৯২ৰান সংগ্ৰহ কৰে। অষ্ট্ৰেলিয়াই ২-১ৰ ব্য়ৱধানত শৃংখলা লাভ কৰাৰ পিছত মেন অৱ দি ছিৰিজ ষ্টীভ স্মিথে লাভ কৰে। শাৰ্দুল ঠাকুৰে ৩টা উইকেট (৫১ ৰান) দখল কৰে, যাৰ ভিতৰত আছে ষ্টিভ স্মিথৰ মূল্যবান উইকেট।

জীৱনৰ প্ৰথম আন্তঃৰাষ্ট্ৰীয় মেচত টি নটৰাজনে ৭০ ৰানৰ বিনিময়ত ২টা উইকেট লাভ কৰে। ভাৰতৰ ৩০২ৰ স্কোৰত শেখৰ ধৱন (১৬), শুভমন গিল (৩৩), শ্ৰেয়াস আয়াৰ (১৯), কে এল ৰাহুল (৫) ৰানত আউট হয়।

ভাৰতৰ অধিনায়ক বিৰাট কোহলিয়ে ৭৮ টা বলত ৬৩ ৰান কৰে। কোহলিয়ে ২৩ ৰান সংগ্ৰহ কৰাৰ লগে লগে এটা দিনৰ ক্ৰিকেটত ১২,০০০ ৰান স্পৰ্শ কৰি শচীন তেণ্ডুলকাৰৰ অভিলেখ ভংগ কৰে। ইয়াৰ পিছত হাৰ্ডিক পাণ্ডিয়াই ৯২ ৰান কৰাৰ লগতে ৰবীন্দ্ৰ জাদেজাই ৫০ টা বলত ৬৬ ৰান সংগ্ৰহ কৰে।

You might also like