নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ৰাইজৰ দলৰ উপদেষ্টা পদৰ পৰা অব্যাহতি ল’লে ড০ হীৰেন গোহাঁয়ে, কিয়?

নিয়মীয়া বাৰ্তা, ৩ মাৰ্চঃ বিজেপি বিৰোধী মিত্ৰজোঁটৰ মাজত মিলি অহা নাই অংক। কালি ৰাইজৰ দলৰ সভাপতি অখিল গগৈয়ে কাৰাগাৰৰ পৰা চিঠি লিখি এই অংকত লগাইছে জটিলতা। কিয়নো আজি ৰাইজৰ দলৰ উপদেষ্টা পদৰ পৰা অব্যাহতি লোৱাৰ কথা ঘোষণা কৰে ৰাজ্য বিশিষ্ট চিন্তাবিদ ড০ হীৰেন গোহাঁয়ে।

এক বিবৃতিত ড০ গোহাঁয়ে কয়- ‘অখিল গগৈৰ শেহতীয়া সিদ্ধান্ত মোৰ দীৰ্ঘদিনৰ মতৰ বিপৰীতে যোৱা বাবে ৰাইজৰ দলৰ উপদেষ্টা বাবৰ পৰা মই অব্যাহতি লৈছো। ইয়াৰ পিছত তেওঁলোকৰ কোনো কামৰ বাবে মোৰ সামান্য দায়িত্বও নাথাকিব।’

উল্লেখ্য, অখিল গগৈয়ে কালি বিজেপিৰ বিৰুদ্ধে উমৈহতীয়া প্ৰাৰ্থী প্ৰক্ষেপৰ বাবে সকলো বিজেপি বিৰোধী দলক আহ্বান জনাইছিল। লগতে গগৈয়ে এআইইউডিএফ দলৰ সৈতে কংগ্ৰেছে মিত্ৰতা কৰাটো এটা চূড়ান্ত ভুল বুলি উল্লেখ কৰাৰ লগতে এআইইউডিএফক সাম্প্ৰদায়িক বুলি ইংগিত দিছিল।

You might also like