নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

১২ৰ পৰা ১৫জন অগপ-বিজেপি বিধায়কে নাপাব টিকট, দিল্লীত ওলমিছে ভাগ্য

নিয়মীয়া বাৰ্তা, ৩ মাৰ্চঃ অৱশেষত প্ৰায় চূড়ান্ত হ’ল অগপ আৰু বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থী তালিকা। বিগত ৪৮ ঘণ্টা ধৰি দিছপুৰত পৃথকে পৃথকে চলিছিল প্ৰাৰ্থী তালিকাক লৈ ৰুদ্ধদ্বাৰ বৈঠক।

দিছপুৰত প্ৰায় ৯৯ শতাংশ কৰ্ম প্ৰক্ৰিয়া চূড়ান্ত কৰি এতিয়া দিল্লীলৈ উৰা মাৰিছে মিত্ৰজোঁট অগপ আৰু বিজেপিৰ নেতৃত্ব। মুখ্য়মন্ত্ৰী সৰ্বানন্দ সোণোৱাল, বিত্তমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা, অতুল বৰা, ৰঞ্জিত দাস, কেশৱ মহন্ত প্ৰমুখ্যে দুয়ো দলৰ নেতৃত্ব দিল্লীলৈ ৰাওনা হয়।

এই সম্পৰ্কে ড০ হিমন্ত বিশ্ব শৰ্মাই কয় যে দিছপুৰত প্ৰায় ৯৮ শতাংশ কাম হৈ গৈছে, এতিয়া বাকী থকা কামখিনি দিল্লীত চূড়ান্ত কৰা হ’ব। তেওঁ লগতে দিছপুৰত চূড়ান্ত কৰা ৯৮ শতাংশ কামত দল দুটা একমত আৰু বাকী দুই-এটা কথা দিল্লীত চূড়ান্ত কৰা হ’ব।

কাইলৈ সন্ধিয়ালৈ চূড়ান্ত প্ৰাৰ্থী তালিকা প্ৰকাশ পাব বুলি উল্লেখ কৰে দলটোৰ নেতৃত্বই।

গতিকে সম্পূৰ্ণ কথা কালি স্পষ্ট হ’ব যদিও গোপন সূত্ৰৰ পৰা জানিব পৰা মতে, দুয়োটা দলৰ ১২ৰ পৰা ১৫ গৰাকী বৰ্তমানৰ বিধায়কে নাপাব দলীয় টিকট। দুয়োটা দলৰ কমেও ৬জনকৈ বিধায়কে টিকট নোপোৱাটো প্ৰায় খাটাং কৰা হৈছে দিছপুৰত।

You might also like