বোকাজানত একেদিনাই ১৪ খন আঁচনিৰ আধাৰশিলা স্থাপন বিধায়ক ডাঃ নোমল মমিনৰ
নিয়মীয়া বাৰ্তা, ৩ জুনঃ অসম চৰকাৰৰ ২০১৯-২০ বৰ্ষৰ অসম দৰ্শন আঁচনিৰ অধীনত বোকাজান মহকুমাৰ বাবে ৪৫ টাকৈ বিভিন্ন ধৰ্মীয় অনুষ্ঠান আৰু ঐতিহাসিক কীৰ্তিচিহ্নৰ বাবে পুঁজি আবণ্টন হৈছে যদিও প্ৰথম পৰ্যায়ত আজি ১৪ খনকৈ আঁচনিৰ কামৰ আধাৰশিলা স্থাপন কৰা হয় ।
বোকাজানৰ বিধায়ক ডাঃ নোমল মমিনৰ উপস্থিতিত আজি বোকাজান উন্নয়ন খণ্ডৰ অধীনস্থ এলেকাৰ বিভিন্ন স্থানত আধাৰশিলা স্থাপন কৰা হয় । সেই অনুসৰি বোকাজান পৰিষদীয় সমষ্টিৰ অন্তৰ্গত নাওকাটা শিৱ মন্দিৰ, জপৰাজান ফুলবাৰীৰ শংকৰজ্যোতি নামঘৰ, বোকাজানৰ শীতলবাৰী মন্দিৰ, মাটিপুলৰ মাজগাঁও বুদ্ধ মন্দিৰ, অমৰাজানৰ মণিপুৰী বস্তি হৰি মন্দিৰ, বোকাজান দুমুখীয়াৰ মেচ কছাৰী নামঘৰ, বোকাজান গগৈচুকৰ ঘঁৰিয়ালডুবি নামঘৰ আৰু দুই নং ডিলাওজানৰ কোঁচ নামঘৰৰ নতুন ভৱন নিৰ্মাণৰ আধাৰশিলা স্থাপন কৰা হয় ।![]()
থিক সেইদৰে বৰজান পৰিষদীয় সমষ্টিৰ অন্তৰ্গত ফিছাৰীপাৰৰ শ্ৰীমন্ত শংকৰ কৃষ্টি কেন্দ্ৰ নামঘৰ, মাধৱপুৰ নামঘৰ, হিদিপিৰ মইছ’কিলিং লখিমন মন্দিৰ ভৱনৰ নিৰ্মাণৰ আধাৰশিলা আৰু দেওপানী পৰিষদীয় সমষ্টিৰ অন্তৰ্গত বোকাজানৰ বৰগাঁও বুদ্ধ মন্দিৰ আৰু তিনি নং হলৌখোৱা কছাৰী খেল নামঘৰৰ ভৱনৰ নিৰ্মাণৰ আধাৰশিলা স্থাপন কৰা হয় ।
উক্ত কাৰ্যসূচীত বিধায়কগৰাকীৰ লগতে উপস্থিত থাকে কাৰ্বি-আংলং স্বায়ত্ত শাসিত পৰিষদৰ অধ্যক্ষ লংকি তিমুং, দেওপানী পৰিষদীয় সদস্য মুকুট মহন্ত, খণ্ড উন্নয়ন বিষয়া জোনালী নাথকে আদি কৰি ভালেসংখ্যক গণ্য-মান্য ব্যক্তি উপস্থিত থাকে ।
চাওক ভিডিঅ’-
