নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

টকিঅ’ত ১৬০ ব্যৱসায়ী–উদ্যোগপতিৰে বৈঠক ড০ শৰ্মাৰ

🔹 জাপানত এডভাণ্টেজ আছাম ২.০ৰ ৰোড শ্ব’ মুখ্যমন্ত্রীৰ

বিশেষ বাৰ্তা, ২৩ জানুৱাৰী : ‘আন্তঃগাঁথনি, স্বাস্থ্যসেৱা, দক্ষতা আদিৰ ক্ষেত্রত অসমৰ কেইবাটাও উন্নয়নী যাত্রাত জাপানে অংশীদাৰিত্ব আগবঢ়াইছে৷’ –এই মন্তব্য মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাৰ৷ দক্ষিণ কোৰিয়া ভ্রমণ সামৰি জাপানত উপস্থিত হৈ মুখ্যমন্ত্রী ড০ শর্মাই কালি এডভাণ্টেজ আছাম ২.০ সন্মিলন সন্দর্ভত বহুজাতিক সংস্থা, ব্যক্তিবিশেষ, বিষয়া–প্রতিনিধি, উদ্যোগপতিৰে সাক্ষাতত মিলিত হৈ ৰোড শ্ব’ত অংশগ্রহণ কৰি তেওঁলোকক আমন্ত্রণ জনায়৷ ভাৰত আৰু জাপানৰ মাজত শক্তিশালী অর্থনৈতিক সম্পর্কক অধিক সুদৃঢ় কৰাৰ ক্ষেত্রত অসমৰ অর্থনৈতিক বিকাশ আৰু ব্যৱসায়িক সুচলতাৰ বিষয়ে ব্যাখ্যা আগবঢ়াই মুখ্যমন্ত্রী ড০ শর্মাই কয় যে শেহতীয়া বছৰবোৰত অসমে ৰাজ্যখনলৈ বৃহৎ পৰিসৰৰ বিনিয়োগ সুনিশ্চিত কৰাৰ ক্ষেত্রত উল্লেখনীয় অগ্রগতি লাভ কৰিছে আৰু তিনি বিলিয়ন ডলাৰৰ উৎপাদন সংযোজিত উদ্গনি আবণ্টন দিছে৷ মুখ্যমন্ত্রী ড০ শর্মাই অসমৰ বিকাশ আৰু উন্নয়নৰ এই ধাৰাত অধিক চামিল হ’বলৈ জাপানক আহ্বান জনায়৷ তেওঁ আৰু কয় যে অসমে তিনিটা বিশেষ মৌলিক ধাৰণা– সৰলতা, স্বচ্ছতা আৰু দক্ষতাৰ ওপৰত ভিত্তি কৰি ৰাজ্যত বিনিয়োগ কৰিবলৈ ব্যৱসায়ীসকলক আমন্ত্রণ জনাইছে৷ আমি এই নীতিসমূহ অনুসৰণ কৰিছোঁ আৰু নতুন যুগত তেওঁলোকৰ স্থিতি স্থাপন কৰিবলৈ উৎসাহিত কৰিছোঁ৷ মুখ্যমন্ত্রী ড০ শর্মাই অসমৰ শক্তিশালী আন্তঃগাঁথনি, সুচল যোগাযোগ ব্যৱস্থা আৰু ৰাজ্যখনৰ সুষ্ট শৈক্ষিক পৰিৱেশৰ বিষয়ে আলোকপাত কৰি কয় যে অসম বিনিয়োগকাৰীসকলৰ বাবে এক উপযুক্ত স্থান হ’ব পাৰে৷ ভাৰতৰ প্রধানমন্ত্রী নৰেন্দ্র মোদীৰ নেতৃত্বত কেন্দ্রীয় চৰকাৰে অসম তথা উত্তৰ–পূর্বাঞ্চলৰ উন্নয়নৰ হকে বিশেষ অগ্রাধিকাৰ প্রদান কৰি আহিছে৷ প্রধানমন্ত্রী মোদীয়ে আৰম্ভ কৰা এক্ট ইষ্ট পলিচীৰ বিষয়ে উল্লেখ কৰি মুখ্যমন্ত্রী ড০ শর্মাই কয় যে এই নীতিৰ লক্ষ্য হৈছে দক্ষিণ–পূব আৰু দক্ষিণ–পূব এছিয়াৰ ৰাষ্ট্রসমূহৰ সৈতে ভাৰতৰ সম্পর্ক বৃদ্ধিৰ বাবে অসমক দক্ষিণ–পূব এছিয়াৰ দুৱাৰমুখ হিচাপে চিহ্ণিত কৰা৷ কালিৰ দিনটোত মুখ্যমন্ত্রী ড০ শর্মাই জাপানত ৬খন বৈঠকত অংশগ্রহণ কৰে৷ অসমৰ অর্থনৈতিক উন্নয়নৰ খতিয়ান আৰু ইজ অৱ ডুয়িং বিজনেছৰ বিষয়ত ১৬০গৰাকীতকৈও অধিক জাপানী ব্যৱসায়িক নেতাৰ সৈতে মত বিনিময় কৰে৷ মুখ্যমন্ত্রী ড০ শর্মাই কয় যে ২০১৪ চনৰ তুলনাত অসমে অহা বছৰৰ ভিতৰত ইয়াৰ অর্থনীতি তিনিগুণ কৰিবলৈ আগবাঢ়িছে, যি ১২.৪ শতাংশ অভূতপূর্ব নিৰন্তৰ বিকাশৰ হাৰ প্রতিনিধিত্ব কৰে৷ আমাৰ একক উইণ্ড’ মেকানিজিম আৰু তিনি বিলিয়ন আমেৰিকান ডলাৰৰ উৎপাদন সংযোজিত উদ্গনিয়ে অসমক বিনিয়োগৰ সুযোগৰ দিশত উজলাই তুলিছে৷ ভাৰত আৰু জাপানৰ মাজত শক্তিশালী অর্থনীতি বন্ধনৰ দিশত অসমে এক অনুপ্রেৰণামূলক প্রভাৱ সাব্যস্ত কৰি আগুৱাই যাবলৈ সক্ষম হ’ব বুলিও মুখ্যমন্ত্রী ড০ শর্মাই উল্লেখ কৰে৷ পৰৱর্তী সময়ত জাপানৰ অর্থনীতি, বাণিজ্য আৰু উদ্যোগ মন্ত্রী কোগা য়ুইচিৰোৰ সৈতে সাক্ষাতত মিলিত হৈ জাপানী প্রতিষ্ঠানসমূহৰ প্রতি সমর্পিত এটা ব্যৱসায়িক কেন্দ্র স্থাপনৰ বাবে অসমৰ প্রস্তুতিৰ বিষয়ে অৱগত কৰে৷ লগতে জাপান চৰকাৰক কাৰিকৰী ইষ্টার্ন প্রশিক্ষণ আৰু নির্দিষ্ট দক্ষতা কর্মী কার্যসূচীৰ বাবে পৰীক্ষা কেন্দ্র স্থাপনৰ বিষয়ে বিবেচনা কৰিবলৈও অনুৰোধ জনায়৷ যাৰ দ্বাৰা অসমৰ যুৱকসকলে জাপানত হ্রস্বম্যাদী কামৰ সুযোগ উন্নত কৰিব পাৰিব৷ পাছত মুখ্যমন্ত্রী ড০ শর্মাই জাপান বাহ্যিক বাণিজ্য সংস্থা (জেট্র’)ৰ কার্যবাহী উপাধ্যক্ষ কাজুয়া নাকাজোৰ সৈতেও সাক্ষাতত মিলিত হয়৷ ৰাজ্যৰ পাৰস্পৰিক বিকাশ সাধনৰ বাবে বাণিজ্য, ব্যৱসায় আৰু উদ্যোগ খণ্ডত জাপান–অসমৰ মাজত সহযোগিতা বৃদ্ধিৰ বিষয়ে সেই আলোচনাত স্থান পায়৷ সেইদৰে টকিঅ’ত হিটাচিৰ উপাধ্যক্ষ হিৰোহিড়ে হিৰাইকো মুখ্যমন্ত্রী ড০ শর্মাই সাক্ষাৎ কৰে৷ নৱীকৰণযোগ্য শক্তিৰ ক্ষেত্রত অসমৰ উচ্চাকাংক্ষী লক্ষ্য, বিনিয়োগ আৰু দক্ষ জনশক্তিক আকর্ষিত কৰিব পৰাকৈ কেনেদৰে হিটাচিৰ সৈতে অংশীদাৰিত্ব ত্বৰান্বিত কৰিব পাৰি, সেই বিষয়ে বিশদভাৱে আলোচনা কৰাৰ লগতে তেওঁলোকক এডভাণ্টেজ আছাম ২.০ৰ সুযোগ অন্বেষণ কৰিবলৈ আহ্বান জনায়৷ একেদৰে মুখ্যমন্ত্রী ড০ শর্মাই কালিৰ দিনটোতে জাপানৰ আগশাৰীৰ ছেমিকণ্ডাক্টৰ নির্মাতা ৰেনেছাছ ইলেক্ট্র’নিকছৰ অধ্যক্ষ চার্লছ কাৱাছিমাকো সাক্ষাৎ কৰি আলোচনাত মিলিত হয়৷ সেই আলোচনাত মুখ্যমন্ত্রী ড০ শর্মাই কয় যে জাগীৰোডত নির্মাণৰত টাটা ছেমিকণ্ডাক্টৰ প্রকল্পই দৈনিক ৪৮ নিযুত চিপ উৎপাদনৰ লক্ষ্যৰে কাম কৰিব৷ যাৰ ফলত অসম চিপ যোগানৰ দিশত এক বিশ্বব্যাপী কেন্দ্র হৈ পৰিব৷ ৰেনেছাছক ছেমিকণ্ডাক্টৰৰ দিশত অসমত উচ্চাকাংক্ষী বিকাশৰ কাহিনীত অংশীদাৰ হ’বলৈ অনুৰোধ জনায়৷ সেইদৰে টয়’ ইঞ্জিনীয়াৰিঙৰ অধ্যক্ষ তথা মুখ্য কার্যবাহী বিষয়া ইজি হোছোইৰ সৈতে মুখ্যমন্ত্রী ড০ শর্মাই এক অন্তর্দৃষ্টিপূর্ণ আলোচনাত মিলিত হৈ টয়’ৰ বিশাল অভিজ্ঞতা আৰু হাইড্র’ কার্বন খণ্ডত অসমৰ অপৰিসীম ক্ষমতাৰ সমন্বয়েৰে ৰাজ্যৰ বিকাশৰ বাবে সুযোগ অন্বেষণ কৰিবলৈ আৰু অসমত তেওঁলোকৰ প্রসাৰ সম্প্রসাৰিত কৰিবলৈ আহ্বান জনায়৷ ইফালে, জাপান প্রতিনিধি সদনৰ অধ্যক্ষ ফুকুছিৰো নুকাগাৰ সৈতে কালি নৈশভোজত অংশগ্রহণ কৰে মুখ্যমন্ত্রী ড০ শর্মাই৷ এই নৈশভোজৰ সময়ত মুখ্যমন্ত্রী ড০ শর্মা আৰু নুকাগাই অসমৰ দৃষ্টিকোণেৰে ভাৰত আৰু জাপানৰ মাজত শক্তিশালী সাংস্কৃতিক আৰু অর্থনৈতিক সম্পর্কৰ দিশত বার্তালাপ কৰে৷ অসমৰ দক্ষ কর্মশক্তিৰ বাবে জাপানত কামৰ সুযোগ অন্বেষণত অসমে পালন কৰিব পৰা গুৰুত্বপূর্ণ ভূমিকাৰ বিষয়ে আলোচনা কৰে৷

You might also like