🔹 ড০ সোনাল মানসিঙক শ্রীমন্ত শংকৰদেৱ বঁটা প্রদান
🔹 কলাক্ষেত্রত গাম্ভীর্যপূর্ণ অনুষ্ঠান
🔹 বঁটা গ্রহণ কৰি ড০ মানসিঙে ক’লে– অসম মোৰ হূদয়ত আছে
বিশেষ বাৰ্তা, ১৩ জুন : আন্তঃৰাষ্ট্রীয় খ্যাতিসম্পন্ন ধ্রুপদী নৃত্যশিল্পী, পণ্ডিত, লেখিকা, সমাজকর্মী তথা ৰাজ্যসভাৰ প্রাক্তন সাংসদ পদ্মবিভূষণ ড০ সোনাল মানসিঙক ২০২৩ বর্ষৰ শ্রীমন্ত শংকৰদেৱ বঁটা প্রদান কৰা হয়৷ সংস্কৃতিৰ ক্ষেত্রখনলৈ আগবঢ়োৱা অনবদ্য অৱদানৰ স্বীকৃতিস্বৰূপে বিশিষ্ট নৃত্যশিল্পীগৰাকীক শ্রীমন্ত শংকৰদেৱ আন্তঃৰাষ্ট্রীয় প্রেক্ষাগৃহত কালি আয়োজন কৰা এক গাম্ভীর্যপূর্ণ অনুষ্ঠানত ৰাজ্যপাল লক্ষ্মণ প্রসাদ আচার্যই এই বঁটা প্রদান কৰে৷ বঁটাত আছে এখন অংগবস্ত্র, শৰাই, স্বর্ণপদক, প্রশস্তি–পত্র আৰু ৫ লাখ টকা৷ বঁটা প্রদান কৰি দিয়া ভাষণত ৰাজ্যপাল আচার্যই কয় যে শ্রীমন্ত শংকৰদেৱ কেৱল অসম বা উত্তৰ–পূর্বাঞ্চলৰ এগৰাকী মহাপুৰুষ নহয়৷ বৰঞ্চ শ্রীমন্ত শংকৰদেৱ আছিল সমগ্র ভাৰতৰ সামগ্রিক সাংস্কৃতিক চেতনাৰ প্রতীক৷ তেওঁ মহাপুৰুষ শ্রীমন্ত শংকৰদেৱ নৱবৈষ্ণৱ ধর্মৰ প্রসংগ উত্থাপন কৰি কয় যে নৱবৈষ্ণৱ ধর্মই সামাজিক একতাৰ লগতে ভক্তি, কলা, সংগীত, নাটক আৰু দার্শনিক চিন্তাৰে সমাজৰ জাতিভেদ প্রথাক দূৰ কৰিছিল৷ তেওঁ লগতে এইবুলিও কয় যে বৰগীত, অংকীয়া নাট আৰু ভাগৱত পুৰাণৰ অনুবাদেৰে মহাপুৰুষ শ্রীমন্ত শংকৰদেৱে অসমৰ সাংস্কৃতিক পৰিচয় অধিক সুদৃঢ় কৰিছে৷ শ্রীমন্ত শংকৰদেৱৰ কর্মৰাজিৰ প্রচাৰ আৰু প্রসাৰৰ বাবে ৰাজ্য চৰকাৰে গ্রহণ কৰা পদক্ষেপৰো ৰাজ্যপালগৰাকীয়ে শলাগ লয়৷ বিশেষকৈ বটদ্রৱা থান, পাটবাউসী সত্র, শংকৰদেৱ কলাক্ষেত্র আদিৰ দৰে অনুষ্ঠানসমূহৰ উন্নীতকৰণৰ বাবে লোৱা পদক্ষেপৰ বিষয়ে তেওঁ ভাষণত উল্লেখ কৰে৷ ৰাজ্যপালগৰাকীয়ে ড০ সোনাল মানসিঙে ভাৰতীয় ধ্রুপদী নৃত্যৰ ক্ষেত্রখনলৈ আগবঢ়োৱা অৱদানৰো শলাগ লয়৷
ইফালে, অনুষ্ঠানত ভাষণ দি মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই কয় যে মহাপুৰুষ শ্রীমন্ত শংকৰদেৱ কেৱল অসমীয়া সমাজৰ সম্পদ নহয়, তেৰা হৈছে সমগ্র মানৱ জাতিৰ সম্পদ৷ তেৰাৰ শিক্ষা, ইতিহাস চেতনা অসমৰ সীমাৰেখাৰ ভিতৰতে আবদ্ধ হৈ থকা উচিত নহয়৷ ১৫শ শতিকাত মহাপুৰুষজনাই যি ভাৰতীয়ত্ববোধৰ উন্মেষ সাধন কৰিছিল, সেয়া সমসাময়িক ইতিহাসত বিৰল৷ তেৰাৰ ৰচনাৰাজি আৰু দর্শনত ভাৰত মাতৃৰ বন্দনা প্রতিফলিত হৈছিল৷ মহাপুৰুষজনাৰ আদর্শই গোষ্ঠীগত পৰিচয়ৰ ঊর্ধ্বলৈ গৈ আমাক অসমীয়া হিচাপে এক পৰিচয় প্রদান কৰিছিল৷ সংকীর্ণ মানসিকতাৰ পৰা মুক্ত এখন বৃহৎ অসমীয়া সমাজ গঢ়িবলৈ তেৰা সক্ষম হৈছিল৷ মহাপুৰুষজনাৰ বিশ্বজনীন চিন্তাধাৰা তথা দর্শনক সমগ্র বিশ্বৰ প্রতিটো জাতি–জনগোষ্ঠীৰ মাজলৈ আগবঢ়াই নিয়াৰ বাবে আমি সকলোৱে নিষ্ঠা আৰু একাগ্রতাৰ সৈতে এই প্রচেষ্টাত ব্রতী হোৱাটো প্রয়োজনীয়৷ মহাপুৰুষ শ্রীমন্ত শংকৰদেৱৰ কর্মৰাজিৰ প্রচাৰ আৰু প্রসাৰৰ বাবে ৰাজ্য চৰকাৰে গ্রহণ কৰা বিভিন্ন পদক্ষেপৰ বিষয়েও মুখ্যমন্ত্রীগৰাকীয়ে ভাষণ প্রসংগত উল্লেখ কৰে৷ ড০ শর্মাই কয় যে শ্রীমন্ত শংকৰদেৱে বহু বছৰ পাটবাউসী সত্রত অতিবাহিত কৰি বৰগীত আৰু অংকীয়া নাট ৰচনা কৰিছিল৷ অসম চৰকাৰে বৰপেটা জিলাৰ শ্রীশ্রীশংকৰদেৱ থান আৰু পাটবাউসী সত্রৰ উন্নয়নৰ বাবে এক বিস্তৃত প্রকল্পৰ কাম আৰম্ভ কৰিছে৷ গুৰুজনাৰ জন্মস্থান নগাঁও জিলাৰ বটদ্রৱা থানক এক আধ্যাত্মিক আৰু সাংস্কৃতিক কেন্দ্র ৰূপে গঢ়ি তুলিবলৈ ২০০ কোটি টকা ব্যয়েৰে ইয়াৰ উন্নয়ন আৰু আধুনিকীকৰণৰ প্রকল্প ৰূপায়ণ কৰিছে৷ অহা ডিচেম্বৰ মাহত ইয়াক আনুষ্ঠানিকভাৱে মুকলি কৰা হ’ব৷ এই প্রকল্প সম্পূর্ণ হোৱাৰ পাছত গুৰুজনাৰ জন্মস্থান ধর্মীয় আৰু আধ্যাত্মিকতাৰ এক নতুন কেন্দ্রলৈ ৰূপান্তৰ হ’ব৷ অসম চৰকাৰে জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয়, পঞ্জাব বিশ্ববিদ্যালয় আৰু বিশ্ব ভাৰতী বিশ্ববিদ্যালয়ত যোৱা ৪টা বছৰৰ প্রচেষ্টাৰ পাছত শ্রীমন্ত শংকৰদেৱৰ জীৱন আৰু সৃষ্টিৰাজি, তেওঁৰ শিক্ষা আৰু মতাদর্শ, অসমৰ ভক্তি আন্দোলনৰ ওপৰত গৱেষণা আৰু অধ্যয়নৰ সুবিধা প্রদান কৰিবলৈ শ্রীমন্ত শংকৰদেৱ আসন প্রতিষ্ঠা কৰিবলৈ সক্ষম হৈছে৷ তেজপুৰ বিশ্ববিদ্যালয়ত এই বছৰৰ ভিতৰতে শ্রীমন্ত শংকৰদেৱ আসন স্থাপনৰ প্রক্রিয়া সম্পূর্ণ কৰা হ’ব৷ মহাপুৰুষ শ্রীমন্ত শংকৰদেৱৰ জীৱন আৰু আধ্যাত্মিক যাত্রাৰ সৈতে জড়িত ২১টা গুৰুত্বপূর্ণ স্থানত মহাপুৰুষ শ্রীমন্ত শংকৰদেৱ আধ্যাত্মিক চার্কিটৰ অধীনত উন্নয়ন আৰু সৌন্দর্যবর্ধনৰ কাম অসম চৰকাৰে আৰম্ভ কৰিছে৷ এই পদক্ষেপে সামৰি লোৱা স্থানসমূহ হৈছে– বৰদোৱা, আলিপুখুৰী, চিংগাৰী, ৰৌতা, গাংমৌ, ঘিলাধাৰী, ভালুকাগুৰি (কমাৰকাটা–চাংগিনী), মালোৱাল, ধুৱাহাট–বেলাগুৰি, কাপলা, চূণপৰা, গণককুছি, কমাৰকুছি, পাটবাউসী, তাঁতীকুছি, মধুকোট, কোচবিহাৰ, ভেলা, কাকটকুটা, চিলাৰায় গৃহ (ফুলবাৰী) আৰু ৰামৰায়কুঠি সত্র৷ শ্রীমন্ত শংকৰদেৱ কলা সমিতিয়ে শ্রীমন্ত শংকৰদেৱৰ জীৱন আৰু দর্শনৰ ওপৰত বহুভাষিক গ্রন্থ প্রকাশৰ কার্য আৰম্ভ কৰিছে৷ গ্রন্থখন অসমীয়া, ইংৰাজী আৰু হিন্দীৰ উপৰি বড়ো, ৰাভা, তিৱা, দেউৰী, কার্বি, নেপালী, মিচিং, ডিমাচা আদি আঞ্চলিক ভাষাত প্রকাশ কৰিবলৈ ব্যৱস্থা লোৱা হৈছে৷ শ্রীমন্ত শংকৰদেৱ কলাক্ষেত্রৰ উন্নয়নৰ অর্থে চলিত বর্ষত ১০০ কোটি টকাৰ এককালীন পুঁজি আগবঢ়োৱাৰ বাবেও ৰাজ্য চৰকাৰে সিদ্ধান্ত লৈছে৷
মুখ্যমন্ত্রীগৰাকীয়ে নামঘৰৰ প্রসংগ উত্থাপন কৰি এইদৰে কয়– মহাপুৰুষ শ্রীমন্ত শংকৰদেৱে নামঘৰ স্থাপন কৰি ধর্ম আৰু সংস্কৃতি চর্চাৰ ভেটি গঢ়াৰ লগতে বৰগীত আৰু অংকীয়া ভাওনাৰ সৃষ্টিৰে অসমীয়া সংস্কৃতিলৈ যাউতিযুগীয়া বৰঙণি আগবঢ়াই গৈছে৷ ৬খন নাট ৰচনাৰ উপৰি ভাগৱতৰ কেইবাটাও স্কন্ধ আৰু উত্তৰাকাণ্ড ৰামায়ণৰ দৰে সংস্কৃতি শাস্ত্রসমূহ অসমীয়ালৈ অনুবাদ কৰি গুৰুজনাই ৰাজ্যত এক নতুন জাগৰণ সৃষ্টি কৰিছিল৷ মহাপুৰুষজনাৰ জীৱনৰ কীর্তিস্তম্ভস্বৰূপ কীর্তন ঘোষাৰ লগতে গুণমালা, ভক্তিপ্রদীপ, ভক্তি ৰত্নাকৰ, নিমি নৱসিদ্ধ সংবাদ আৰু অনাদি পাতনৰ দৰে ভক্তিতত্ত্ব প্রকাশক গ্রন্থসমূহে মহাপুৰুষজনাৰ উচ্চ মানসিকতা, বিশাল পাণ্ডিত্য তথা চিন্তাৰ ব্যাপকতাৰ স্বাক্ষৰ বহন কৰিছে৷ গুৰুজনাৰ অদ্বিতীয় সৃষ্টি সত্রীয়া নৃত্যই ভাৰতীয় ধ্রুপদী নৃত্যৰ জগতখনক সমৃদ্ধ কৰিছে৷ বিভিন্ন ভাষা–ভাষী, জাতি–ধর্ম নির্বিশেষে পৰিপূর্ণ বৃহৎ অসমত সকলোৰে মাজত সম্প্রীতি, ঐক্য আৰু আধ্যাত্মিক ভাব গঢ়ি তুলিবলৈ একশৰণ নামধর্ম প্রচাৰ কৰি গুৰুজনাই ভক্তিমার্গৰ প্রৱর্তন কৰিছিল৷’ তেওঁ লগতে কয় যে খ্রীষ্টিয় ষষ্ঠ শতিকাৰ পৰা নৱম শতিকালৈকে ভাৰতবর্ষত ধর্মীয় আৰু সামাজিক সংস্কাৰৰ উদ্দেশ্যে ভক্তি আন্দোলনৰ মাধ্যমেৰে এক যুগান্তকাৰী আলোড়নৰ সূত্রপাত হৈছিল৷ ভক্তিবাদৰ মাধ্যমেৰে মহান বৈষ্ণৱ গুৰুসকলে মানৱীয় প্রমূল্যবোধসম্পন্ন গণতান্ত্রিক সমাজ ব্যৱস্থাৰ প্রৱর্তন কৰিবলৈ অহোপুৰুষার্থ কৰিছিল৷ ইফালে, স্বনামধন্য শিল্পী ড০ সোনাল মানসিঙক বঁটা প্রদান কৰিবলৈ পাই অসম চৰকাৰে গৌৰৱ অনুভৱ কৰিছে বুলি মন্তব্য কৰি কয়– ড০ সোনাল মানসিং ভাৰতীয় নাৰীশক্তিৰ এক শাশ্বত প্রতিভূ৷ প্রসিদ্ধ নৃত্যশিল্পীগৰাকীৰ অসাধাৰণ জীৱন কাহিনী, মানসিক দৃঢ়তা, সৃষ্টিশীলতা আৰু নৃত্যৰ প্রতি গভীৰ অনুৰাগে কেইবাদশক ধৰি দেশৰ সমাজ আৰু সাংস্কৃতিক জীৱন জীপাল কৰি অহাৰ লগতে তেওঁৰ কর্মৰাজিয়ে উঠি অহা প্রজন্মক গভীৰভাৱে অনুপ্রাণিত কৰি আহিছে৷ ভাৰত নাট্যম আৰু ওডিচি নৃত্যৰ জৰিয়তে ড০ সোনাল মানসিঙে নৃত্যকলা, মহিলা সবলীকৰণ, সামাজিক ন্যায় আৰু পৰিৱেশ সচেতনতাৰ এক অনন্য শক্তিশালী মাধ্যমলৈ ৰূপান্তৰ কৰিছে৷ দেৱী দুর্গা, দ্রৌপদী, মুক্তি, মানৱতা, মেৰা ভাৰত আদিৰ দৰে ড০ সিঙৰ বিখ্যাত সৃষ্টিয়ে শাশ্বতপুৰাণক সমকালীন প্রাসংগিকতাৰ সৈতে একত্র কৰিবলৈ সক্ষম হৈছে৷ জীৱনৰ সকলো প্রত্যাহ্বান নেওচি নতুন দিল্লীত বিশিষ্ট শিল্পীগৰাকীয়ে প্রতিষ্ঠা কৰা চেণ্টাৰ ফৰ ইণ্ডিয়ান ক্লাছিকেল ডেন্সেছৰ জৰিয়তে উঠি অহা প্রজন্মৰ হাজাৰ হাজাৰ শিল্পীক অনুপ্রাণিত আৰু প্রশিক্ষিত কৰিছে৷’ ড০ মানসিঙক এই বঁটা প্রদানে গুৰুজনাৰ কীর্তি আৰু অধিক বিয়পাই তোলাত সহায় কৰিব বুলিও তেওঁ মন্তব্য কৰে৷
ইফালে অনুষ্ঠানত অংশগ্রহণ কৰি কেন্দ্রীয় মন্ত্রী সর্বানন্দ সোণোৱালে জগতগুৰুজনাৰ নামত এই আগশাৰীৰ ৰাষ্ট্রীয় বঁটা আগবঢ়াই ড০ সোনাল মানসিঙৰ অনন্য কর্মৰাজি আৰু প্রতিভাৰ প্রতি এক সন্মান যচাৰ বাবে ৰাজ্য চৰকাৰক ধন্যবাদ জ্ঞাপন কৰে৷ ভাষণ প্রসংগত তেওঁ কয়– ‘অসমত নৱবৈষ্ণৱ ধর্মৰ প্রৱর্তনৰ উপৰি সত্র, নামঘৰৰ পৰা বৰগীত, ভাওনা, সত্রীয় সংস্কৃতিৰ প্রসাৰলৈ মহাপুৰুষ শ্রীমন্ত শংকৰদেৱ গুৰুজনাই জাতীয় জীৱনত এক নৱজাগৰণৰ সূচনা কৰি থৈ গৈছে৷ গুৰুজনাই একশৰণ নামধর্মৰ ঐশ্বৰিক তত্ত্বৰ জৰিয়তে অসমীয়া সাহিত্য আৰু সংস্কৃতিৰ এক সুদৃঢ় ভেটি স্থাপন কৰাই নহয়, জাত–পাত, ধর্ম আৰু সামাজিক ভেদাভেদৰ বাধাসমূহো আঁতৰাই পেলাইছে৷ গুৰুজনাই প্রতিষ্ঠা কৰা নামঘৰসমূহ গ্রামাঞ্চলৰ প্রাণকেন্দ্রস্বৰূপ৷ গুৰুজনাই তাহানিতে তৃণমূল পর্যায়ৰ পৰা আহি উত্তৰণৰ ভেটি স্থাপন কৰি পঞ্চায়তীৰাজ ব্যৱস্থাৰো নিদর্শন দেখুৱাই থৈ গ’ল৷ মহাপুৰুষ শ্রীমন্ত শংকৰদেৱে এনে এখন সমাজৰ কল্পনা কৰিছিল, য’ত জাতি–জনগোষ্ঠী আৰু বিভিন্ন সম্প্রদায়, ভাষা–ধর্ম–বর্ণ নির্বিশেষে সকলো শ্রেণীৰ লোকে একেলগে বহিব পাৰে আৰু থিয় হ’ব পাৰে৷ নৱবৈষ্ণৱ ধর্মৰ প্রচাৰ আৰু প্রসাৰৰ ক্ষেত্রত মহাপুৰুষজনাৰ অনবদ্য অৱদান অতুলনীয়৷ আধ্যাত্মিক চিন্তা–চেতনা আৰু সমন্বয়ৰ বাণীৰে সমাজত শান্তি প্রতিষ্ঠা কৰিবলৈ গুৰুজনাই দেখুৱাই যোৱা বাটেৰে আমিও আগবাঢ়ি এখন বিকশিত, সমৃদ্ধ আৰু আত্মনির্ভৰ ভাৰত গঢ়াত আগভাগ ল’ব লাগিব৷’
আনহাতে বঁটা গ্রহণ কৰি দিয়া ভাষণত বিশিষ্ট নৃত্যশিল্পী ড০ সোনাল মানসিঙে অসমৰ সৈতে থকা তেওঁৰ আত্মিক সম্পর্কৰ আভাস দাঙি ধৰে৷ অসম তেওঁৰ হূদয়ত আছে বুলি উল্লেখ কৰি তেওঁ কয়– ‘মই যেতিয়া নৃত্য শিকি আছিলোঁ, তেতিয়া মহাপুৰুষ শ্রীমন্ত শংকৰদেৱ আৰু তেওঁৰ পৰম শিষ্য মাধৱদেৱৰ নাম শুনা নাছিলোঁ৷ কিন্তু এতিয়া সমগ্র ভাৰততে গুৰু দুজনাৰ বন্দনা শুনিবলৈ পোৱা যায়৷ ১৯৮০ চনৰ পৰা মই অসমলৈ আহিছোঁ আৰু বিভিন্ন স্থানত অনুষ্ঠান পৰিৱেশন কৰিছোঁ৷ মই ব্রহ্মপুত্রৰে যোৰহাটৰ পৰা মাজুলীলৈ গৈছিলোঁ আৰু তাত মোৰ অনুষ্ঠান পৰিৱেশন কৰিছিলোঁ৷’ বিশিষ্ট ধ্রুপদী নৃত্যশিল্পীগৰাকীয়ে ভাষণ প্রসংগত কয় যে ভাৰত নাট্যম আৰু ওডিচি নৃত্যৰ পৰিসৰত তেওঁ অধিক বৰগীত সংযুক্ত কৰিব৷ তদুপৰি মহাপুৰুষ শ্রীমন্ত শংকৰদেৱৰ ওপৰত এটা অনুষ্ঠান সৃষ্টি কৰিবলৈও তেওঁ আগ্রহী বুলি প্রকাশ কৰে৷ শিল্পীগৰাকীয়ে কয়– ‘শ্রীমন্ত শংকৰদেৱৰ বৰগীতত শ্রীকৃষ্ণৰ শিশু আৰু কিশোৰ কালৰ লীলা আছে৷ এয়া অত্যন্ত তাৎপর্যপূর্ণ৷ তেওঁ নিজকে ভগৱান শ্রীকৃষ্ণৰ সেই সময়ছোৱাৰ মাজত বিলীন কৰি দিছিল৷ য’ত গোপীৰ সৈতে ৰাসলীলা কৰা, গোপসৱৰ সৈতে বনত বিচৰণ কৰা, গোপাল বনৰ গো–ধন সুৰক্ষা কৰা আৰু অতি নির্দোষ ভাবেৰে শ্রীকৃষ্ণই কংসই প্রেৰণ কৰা অসুৰক নিধন কৰিছিল৷’ শ্রীমন্ত শংকৰদেৱে প্রতিষ্ঠা কৰা নামঘৰৰ প্রসংগ উত্থাপন কৰি ড০ মানসিঙে কয় যে নামঘৰসমূহত সমাজৰ লোকসকলে জাতিভেদ পাহৰি একেলগে নাম–প্রসংগ কৰে৷ য’ত সামাজিক সম্প্রীতিৰ ছবিৰ প্রতিফলন ঘটে৷ আনহাতে, সত্রীয়া নৃত্যক ধ্রুপদী নৃত্য হিচাপে ঘোষণা কৰাৰ ক্ষেত্রত তেওঁ আগভাগ লোৱাৰ প্রসংগ উত্থাপন কৰি কয়– ‘ড০ ভূপেন হাজৰিকা যেতিয়া সংগীত নাটক একাডেমীৰ অধ্যক্ষ আছিল, তেতিয়া মই তেওঁৰ সৈতে চৰকাৰৰ পৰা মনোনীত সদস্য হিচাপে আছিলোঁ৷ তেতিয়া তেওঁ মোক কৈছিল– আপুনি কওক যে আমাৰ সত্রীয়া নৃত্যক বাকী ৭টা শাস্ত্রীয় নৃত্যৰ সৈতে কিয় একেশাৰীত ৰাখিব নোৱাৰি? আপুনি অনুসন্ধান কৰি মোক জনাওক৷ মই অসম চৰকাৰৰ প্রতিনিধি হিমাংশু শেখৰ দাসৰ সৈতে মিলি ইয়াৰ ওপৰত অধ্যয়ন কৰিলোঁ, গুৰুসকলৰ সৈতে মত বিনিময় কৰিলোঁ, সত্রীয়া নৃত্য চালোঁ আৰু ভূপেনদাক গৈ ক’লোঁ–সত্রীয়া নৃত্য ভাৰতৰ অষ্টম ধ্রুপদী নৃত্য৷ তেতিয়াৰ পৰাই সত্রীয় নৃত্যৰ অধিক প্রচাৰ আৰু প্রসাৰ হ’ল৷ আজি বিশ্বজুৰি সত্রীয়া নৃত্য প্রসিদ্ধ৷ আনহাতে, অসমৰ মেখেলা–চাদৰ প্রায়ে পৰিধান কৰা সন্দর্ভতো তেওঁ ব্যাখ্যা আগবঢ়ায়৷ ড০ সিঙে এই প্রসংগত কয়– ‘মই মেখেলা–চাদৰ পৰিধান কৰি আহিছোঁ৷ ৰাজহুৱা অনুষ্ঠানৰ ৯০ শতাংশ অনুষ্ঠানতে মই মেখেলা–চাদৰ পিন্ধো৷ ৰাজ্যসভালৈ মই ছবছৰ মেখেলা–চাদৰ পিন্ধি গৈছিলোঁ৷ মেখেলা–চাদৰৰ মই বহুতো প্রচাৰ–প্রসাৰ কৰিলোঁ৷ বহু মহিলা সাংসদক মেখেলা–চাদৰ উপহাৰ হিচাপে দিছোঁ আৰু পিন্ধিবলৈ শিকাইছোঁ৷’
শ্রীমন্ত শংকৰদেৱৰ নামত প্রৱর্তন কৰা এই উচ্চতম সন্মান লাভ কৰি তেওঁ কৃতার্থ বুলিও উল্লেখ কৰে৷ ড০ মানসিঙে কয় যে এয়া সামান্য সন্মান নহয়, কিছুমান সন্মান মোৰ বাবে বিশেষ৷ প্রাক্তন ৰাষ্ট্রপতি প্রয়াত এপিজে আব্দুল কালামৰ পৰা যেতিয়া মই পদ্মবিভূষণ গ্রহণ কৰিছিলোঁ, সেই সময়ত হোৱা অনুভৱ আজি মোৰ পুনৰ অনুভৱ হৈছে৷ মই ধন্য হৈছোঁ৷ পৰৱর্তী সময়ত অসমৰ বাবে সকলো সময়তে তেওঁ থিয় হ’বলৈ সাজু বুলিও উল্লেখ কৰে৷ লক্ষণীয় যে ৰাষ্ট্রপতি দ্রৌপদী মুর্মুৱে এই বঁটা প্রদান কৰাৰ কথা আছিল যদিও বিশেষ অসুবিধাবশতঃ তেওঁ উপস্থিত হ’ব নোৱাৰিলে৷ সেয়েহে এক লিখিত শুভেচ্ছা বার্তা কালিৰ অনুষ্ঠানলৈ প্রেৰণ কৰিছে৷
সাংস্কৃতিক মন্ত্রী বিমল বড়াই আদৰণী ভাষণ আগবঢ়োৱা এই অনুষ্ঠানত বিশিষ্ট শিল্পী যতীন গোস্বামী, ৰাজ্য চৰকাৰৰ মুখ্য সচিব ড০ ৰবি কোটাৰ উপৰি কেইবাগৰাকী সত্রাধিকাৰ, জ্যেষ্ঠ শিল্পী তথা মন্ত্রী–বিধায়কসকল উপস্থিত থাকে৷