নিয়মীয়া বাৰ্তা, ৮ ডিচেম্বৰঃ জোনাই মহকুমাধিপতিৰ কাৰ্যালয়ত ভোটাৰ তালিকাৰ আগন্তুক বিশেষ সংক্ষিপ্ত সংশোধনী বিষয়ক লৈ আজি মহকুমাধিপতিৰ সভাকক্ষত অনুষ্ঠিত হয় এক সংবাদ মেল৷ সংবাদমেলত জোনাই মহকুমাৰ অতিৰিক্ত আয়ুক্ত শান্তনু গগৈয়ে জানিবলৈ দিয়া মতে ৮০নং জোনাই বিধান সভা সমষ্টিত মুঠ ভোটাৰৰ সংখ্যা ২১১০৮৫গৰাকী ভিতৰত পুৰুষ ভোটাৰ সংখ্যা ১০৬০৯৫গৰাকী আৰু মহিলা সংখ্যা ১০৪৭৬৩গৰাকী ভোটাৰৰ আৰু চাকৰি সুত্ৰে বাহিৰত থকা ভোটাৰ সংখ্যা ২২৭গৰাকী নাম খচৰাত অন্তৰ্ভুক্ত হৈছে আৰু জোনাই সমষ্টিত এইবাৰ মুঠ ভোট গ্ৰহণ কেন্দ্ৰ ২৩৩টা বুলি সদৰী কৰিছে৷ ইয়াৰোপৰি জোনাই নিৰ্বাচনী বিষয়া আৰু বিভিন্ন ৰাজনৈতিক দলৰ নেতা কৰ্মী সৈতে ভোটাৰ খচৰা তালিকা প্ৰকাশ সন্দৰ্ভত আলোচনা কৰে জোনাই মহকুমা অতিৰিক্ত আয়ুক্ত গৰাকীয়ে৷ উল্লেখযোগ্য আজি অৰ্থাৎ ৮ ডিচেম্বৰ পৰা ৮ জানুৱাৰী ভিতৰত ভোটৰ তালিকাত নামভৰ্তি বা শুধৰণিৰ সুযোগ লব পৰিব বুলি সংবাদমেলযোগে জোনাই মহকুমা অতিৰিক্ত আয়ুক্তগৰাকীয়ে জানিব দিয়ে আৰু প্ৰকাশিত খচৰা ভোটাৰ তালিকাৰ সন্দৰ্ভত দাবী আৰু নিষ্পত্তিৰ বাবে নিজ ভোট কেন্দ্ৰলৈ গৈ সংশ্লিষ্ট বি .এল. অ./ডেজিগনেটেড বিষয়া লগ কৰি বিশেষ সমক্ষিপ্ত সংশোধন ভোটাৰ তালিকাত নিজৰ নামসমূহ শুদ্ধভাৱে সন্নিবিষ্ট হৈ থকাটো নিশ্চিত কৰিবলৈ জোনাই ৰাইজক অনুৰোধ জনাইছে৷আনহাতে ২০২৪ চনৰ ৮ ফেব্ৰুৱাৰীত চূড়ান্ত ভোটাৰ তালিকা প্রকাশ পাব বুলি জানিব জোনাই মহকুমা অতিৰিক্ত আয়ুক্ত শান্তনু গগৈয়ে৷
প্ৰেৰক কৰবী গগৈ