নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ঢকুৱাখনা সমষ্টিৰ ফটোযুক্ত খচৰা ভোটাৰ তালিকা প্ৰকাশ

নিয়মীয়া বাৰ্তা, ৮ ডিচেম্বৰ : ভাৰতৰ নিৰ্বাচন আয়োগৰ নিৰ্দেশনা অনুসৰি ৭৭নং ঢকুৱাখনা বিধানসভা সমষ্টিৰ ফটোযুক্ত খচৰা ভোটাৰ তালিকা আজি প্ৰকাশ কৰা হয়।এই উদ্দেশ্যে আজি বিয়লি ঢকুৱাখনাৰ মহকুমাধিপতি কাৰ্যলয়ৰ সভাকক্ষত ঢকুৱাখনা জিলা নিৰ্বাচনী বিষয়া কাৰ্তিক কলিতাই বিভিন্ন ৰাজনৈতিক দলৰ প্ৰতিনিধিৰ উপস্থিতিত এক সংবাদমেলৰ আয়োজন কৰি এই সম্পৰ্কে অৱগত কৰে। ২০২১ চনৰ পহিলা জানুৱাৰীক ভিত্তি তাৰিখ হিচাপে লৈ প্ৰস্তুত কৰা খচৰা ভোটাৰ তালিকাত সন্নিবিষ্ট মুঠ ভোটাৰৰ সংখ্যা হল– ১,৬০,২৪৬গৰাকী।ইয়াৰে পুৰুষ ভোটাৰৰ সংখ্যা ৮০,৬৬৫ আৰু মহিলা ভোটাৰৰ সংখ্যা ৭৯,৫৮১ গৰাকী।ইফালে ভোটাৰ তালিকাত ভোটাৰৰ নাম অন্তৰ্ভুক্তি/কৰ্তন, শুধৰণি আৰু স্থানাতকৰণৰ বাবে দাবী বা নিস্পতি থাকিলে সংশোধিত সূচী অনুসৰি নিৰ্দিষ্ট লোকজনে নিজৰ দাবী বা আপত্তি জনাব পাৰিব।এইক্ষেত্ৰত ভোটাৰসকলে নিজ নিজ অঞ্চলত থকা ভোট গ্ৰহণ কেন্দ্ৰ,অৰুণোদয় কেন্দ্ৰ বা অনলাইন পৰ্টেলত নিজৰ নিজৰ দাবী বা আপত্তি সাব্যস্ত কৰিব পাৰিব। ৮ ডিচেম্বৰৰ পৰা অহা বছৰৰ ৮ জানুৱাৰীলৈ এই সন্দৰ্ভত ওজৰ-আপত্তি দাখিল কৰিব পাৰিব। আনহাতে, ১৬ ডিচেম্বৰৰ পৰা অহা বছৰৰ ২২ জানুৱাৰীলৈ ওজৰ-আপত্তি নিষ্পত্তি কৰা হ’ব।আনহাতে ২০২৪ চনৰ ৮ ফেব্ৰুৱাৰীত চূড়ান্ত ভোটাৰ তালিকা প্রকাশ পাব বুলি জিলা নিৰ্বাচনী বিষয়াই প্ৰকাশ কৰিছে। আজিৰ সংবাদমেলত ঢকুৱাখনাৰ নিৰ্বাচনী বিষয়া পাৰ্থপ্ৰতীম বৰুৱা,সহকাৰী আয়ুক্ত মৈত্ৰী বিন্দ্ৰা গগৈ আৰু জানুমা সোণোৱাল উপস্থিত থাকে।

প্ৰেৰক পুলকজ্যোতি বৰা

You might also like