নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ইতিহাসপ্ৰসিদ্ধ ধুবুৰীৰ ভিক্টোৰিয়া পাৰ্কৰ কোঠালিত ড্ৰাগ্ছসেৱীৰ আড্ডা বহাৰ সন্দেহ

নিয়মীয়া বাৰ্তা, ৩০ মেঃ ধুবুৰী আৰক্ষীৰ ড্ৰাগছবিৰোধী কঠোৰ স্থিতিৰ মাজতেই চহৰখনৰ মাজমজিয়াৰ এখন ৰাজহুৱা উদ্যানত বিভিন্ন ধৰণৰ অনৈতিক কাৰবাৰকে ধৰি গোপনে ড্ৰাগছ সেৱনকাৰীৰ আড্ডা বহাৰ সন্দেহ কৰা হৈছে। উল্লেখ্য যে, চহৰখনৰ দুই নং ৱাৰ্ডত আছে দীঘলীয়া এক ইতিহাসৰ সাক্ষী ৰাণী ভিক্টোৰিয়াৰ প্ৰতিমূৰ্তি। ব্ৰিটিছে ১৯০৫ চনতেই ইংলেণ্ডৰ পৰা আনি স্থাপন কৰিছিল সেই দূৰ্মূল্য শ্বেত সেই মূৰ্তিটো।চহৰখনৰ তেতুলতৱা অঞ্চলত থকা ৰাণী ভিক্টোৰিয়াৰ সেই সম্পূৰ্ণ অবয়বৰ প্ৰতিমূৰ্তিটো থকা স্থানখিনিতেই আছে স্থানীয় ৰাইজৰ মাজত ‘‘ভিক্টোৰিয়া পাৰ্ক’’ বুলি এখন সৰু উদ্যান। সেই উদ্যানখনৰ ৰাণী ভিক্টোৰিয়াৰ সেই প্ৰতিমূৰ্তিটোৰ পিছফালে প্ৰায় গাতে লাগি থকা স্থানত আছে দৰজাবিহীন এটা সৰু কোঠা। এক বিশেষ খৱৰ অনুসৰি আজি সেই উদ্যানখনত থকা সেই কোঠালীত উপস্থিত হৈছিল কেইবাগৰাকী স্থানীয় সাংবাদিক। সেই দলটোৰ কেমেৰাত বন্দী হোৱা দৃশ্যই এতিয়া সৃষ্টি কৰিছে প্ৰতিক্ৰিয়াৰ। মোবাইল কেমেৰাত ব্যৱহাৰ হোৱা কেইবাটাও বেজীকে ধৰি অতি লেতেৰা বিছনা, শীতল পানীয়ৰ লেতেৰা বটল আৰু অন্যান্য সামগ্ৰীয়ে এতিয়া উত্থাপিত কৰিছে প্ৰশ্ন যে সেই কোঠালিটোত বহে নেকি ড্ৰাগছসেৱীৰ গোপন আড্ডা। উল্লেখনীয় যে, ধুবুৰী পৌৰসভাৰ সেই ‘‘ভিক্টোৰিয়া পাৰ্ক’খনত নিশা নজ্বলে কোনো লাইট; বৰ্তমানে প্ৰায় এৰাবাৰী সদৃশ অৱস্থা উদ্যানখনৰ । এনে প্ৰেক্ষাপটত প্ৰাক্–স্বাধীনোত্তৰ যুগৰ ইতিহাসৰ সাক্ষী এই উদ্যানখনকে ধৰি ৰাণী ভিক্টোৰিয়াৰ দূৰ্মূল্য সেই প্ৰতিমূৰ্তিটোৰ যথাযথ ৰক্ষণাবেক্ষণৰ বাবে ধুবুৰী পৌৰসভা কৰ্তৃপক্ষই গুৰুত্ব দিয়াটো প্ৰয়োজনীয় বুলিয়েই বিবেচিত হৈছে এতিয়া।

প্ৰেৰক অমিতাভ চক্ৰৱৰ্তী

You might also like