নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আৰক্ষীৰ জালত ড্ৰাগছ সৰবৰাহকাৰী

🔹 লক্ষাধিক টকাৰ ড্ৰাগছসহ দুখন মটৰচাইকেল উদ্ধাৰ

নিয়মীয়া বাৰ্তা, ১৭ অক্টোবৰ : হোজাইত দিনকদিনে বৃদ্ধি পাবলৈ ধৰিছে ড্ৰাগছ সৰবৰাহকাৰীৰ সংখ্যা৷ ড্ৰাগছ সৰবৰাহকাৰীৰ সংখ্যা যিমানেই বৃদ্ধি পাইছে, তাৰ সমান্তৰালভাৱে আৰক্ষীৰ অভিযানো অধিক তীব্ৰতৰ হৈছে৷ আজি পুনৰ হোজাই আৰক্ষীৰ ড্ৰাগছ্বিৰোধী অভিযানত ডবকা আৰক্ষীয়ে ডবকাৰ কাঞ্চিবজাৰৰ পৰা এজন ড্ৰাগছ্ সৰবৰাহকাৰীক আটক কৰে৷ ধৃত ড্ৰাগছ্ সৰবৰাহকাৰীজনৰ নাম ৰাজীৱ উদ্দিন বুলি জানিব পৰা গৈছে৷ ৰাজীৱ উদ্দিনৰ লগতে আন এজন ড্ৰাগছ্ সৰবৰাহকাৰী আছিল যদিও আৰক্ষীৰ অভিযানৰ সময়ত ঘটনাস্থলীৰ পৰা পলায়ন কৰে। আৰক্ষীয়ে দুখন মটৰচাইকেল জব্দ কৰে৷ ডবকা থানাৰ ভাৰপ্ৰাপ্ত বিষয়া কৈলাস মালাকাৰৰ নেতৃত্বত ডবকা আৰক্ষীয়ে আজি দুপৰীয়া এক গোপন সূত্ৰৰ খবৰৰ ভিত্তিত অভিযান চলাই ডবকাৰ কাঞ্চিবজাৰৰ পৰা ড্ৰাগছ সৰবৰাহকাৰীক আটক কৰে৷ ধৃত ড্ৰাগছ সৰবৰাহকাৰীৰ ঘৰ মোৰাঝাৰ থানাৰ অন্তৰ্গত বৰহাৱৰত ৷ ধৃত ড্ৰাগছ সৰবৰাহকাৰীৰ কবলৰ পৰা ডবকা আৰক্ষীয়ে ১০টাকৈ চাবোনৰ বাকচত ড্ৰাগছ্ জব্দ কৰে৷ উক্ত দহটা বাকচত মুঠ ৩৯৯ গ্ৰাম নিষিদ্ধ ব্ৰাউন ছুগাৰ থকা বুলি জনা যায়। ড্ৰাগছ সৰবৰাহকাৰী ৰাজীৱ উদ্দিনৰ লগতে উক্ত স্থানৰ পৰা আৰক্ষীয়ে As-31(A)6303 আৰু AS-31(B)9072 নম্বৰৰ দুখন মটৰ চাইকেল জব্দ কৰে। উদ্ধাৰ হোৱা ড্ৰাগছখিনি মোৰজাৰ থানাৰ অন্তৰ্গত বৰহাৱাৰৰ পৰা ডবকালৈ আনি আছিল । উদ্ধাৰ হোৱা ড্ৰাগছ খিনিৰ মূল্য লক্ষাধিক টকা হ’ব বুলি আৰক্ষীৰ সূত্ৰত প্ৰকাশ । আৰক্ষীয়ে ধৃত ড্ৰাগছ্ সৰৱৰাহকাৰী ৰাজীৱ উদ্দিনৰ বিপক্ষে এন ডি পি এছ আইনৰ অধীনত এক গোচৰ ৰুজু কৰি তদন্ত অব্যাহত ৰাখিছে।

প্ৰেৰক কিশলয় ডি গোস্বামী

You might also like