নগৰবেৰাত ৰাইজে হাতে-লোটে ধৰিলে ড্ৰাগছ পেডলাৰ
নিয়মীয়া বাৰ্তা, ২৭ এপ্ৰিলঃ নগৰবেৰা থানাৰ অন্তৰ্গত মহিশখুটিত ৰাইজে পহুখেদা দি ধৰিলে ড্ৰাগছ সৰবৰাহকাৰীক, উত্তম-মধ্যম শোধাই গতালে আৰক্ষীক। বাইকেৰে এজনক খুন্দিয়াই পলাব খোজোতেই ৰাইজৰ হাতত নাটকীয়ভাৱে ধৰা পৰিল ড্ৰাগছ পেডলাৰ। বাইকেৰে তীব্ৰবেগে পলাব লওঁতেই ৰাইজে খেদি গৈ আগভেটি দুজনক আটক কৰে যদিও ৰাইজৰ ব্যহু ভাঙি এজনৰ পলায়ন। বুধবাৰে সন্ধিয়াৰ ভাগত ৰাইজে হাতে-লোটে ধৰিবলৈ সক্ষম হয় ড্ৰাগছ সৰবৰাহকাৰী যুৱকজনক। আটক ড্ৰাগছ সৰবৰাহকাৰী যুৱকজন বাঘবৰ সমষ্টিৰ ৩নং মাজৰচৰ গাঁৱৰ স্বাহিনুৰ ইছলাম। যুৱকজনৰ লগত পোৱা গৈছে ১৮টাকৈ ড্ৰাগছ কণ্টেইনাৰ। জানিব পৰা মতে নগৰবেৰা থানাৰ অন্তৰ্গত মহিশখুটি গাৱঁৰ আশ্ৰফ আলী নামৰ এজন ব্যবসায়ীৰ ঘৰৰ পৰা নগদ ৮,৫০০ টকাত ক্ৰয় কৰিছিল ড্ৰাগছ খিনি। ধৃত যুৱকজনৰ লগতে ব্যৱহাৰ কৰা এএছ-০১-এই৯৫৬২ নম্বৰৰ পেশ্বন বাইক খন ৰাইজে টুপামাৰী আৰক্ষীক গতাই দিয়ে। স্মৰ্তৱ্য যে প্ৰশাসনৰ নিৰ্লিপ্ততাত দীৰ্ঘদিনৰে পৰা অঞ্চলজুৰি ড্ৰাগছৰ মুকলি ছিণ্ডিকেট গঢ়ি উঠাৰ অভিযোগ। শীঘ্ৰে অঞ্চলটোৰ পৰা ড্ৰাগছৰ ঘাটিবোৰ উৎখাত কৰিবলৈ প্ৰশাসনক দাবী জনাইছে সচেতন ৰাইজে।
প্ৰেৰক সঞ্জীৱ কুমাৰ দাস