বিশেষ বার্তা, ২৬ মেঃ গুৱাহাটীত সক্রিয় হৈ আছে আন্তঃৰাষ্ট্রীয় ড্রাগ্ছ সৰবৰাহকাৰী চক্র৷ এই চক্রটোৱে বিভিন্ন কৌশলেৰে গুৱাহাটীৰ মাজেৰে বহিঃৰাজ্যলৈ ড্রাগ্ছৰ সৰবৰাহ অব্যাহত ৰখাৰ লগতে গুৱাহাটীতো ড্রাগ্ছৰ ৰমৰমীয়া বেহা চলাই আহিছে৷ মহানগৰ আৰক্ষীৰ ড্রাগ্ছবিৰোধী ধাৰাবাহিক অভিযানৰ পিছতো লাখটকীয়াৰ ২নং ৰে’ল গেটত মুকলিকৈ ড্রাগ্ছৰ বেহা চলি আহিছে৷ স্থানীয় ৰাইজৰ অভিযোগ অনুসৰি ২নং ৰে’ল গেটত বহিঃৰাজ্যৰ এটা চক্রই মুকলিকৈ ড্রাগ্ছৰ বেহা চলাই যুৱপ্রজন্মক ধ্বংসৰ মুখলৈ ঠেলি দিছে৷ প্রাপ্ত তথ্য অনুসৰি লাখটকীয়াৰ ২নং ৰে’ল গেটত চলা ড্রাগ্ছৰ ঘাটিৰ পৰা ড্রাগ্ছ ক্রয় কৰা লোকসকলৰ অধিকাংশই হৈছে কিশোৰ আৰু যুৱক৷ ড্রাগ্ছ আসক্ত ২২ বছৰ অনূর্ধ্ব এই যুৱক–যুৱতীসকলে এতিয়া প্রতিদিনে লাখটকীয়াৰ ২নং গেটৰ পৰা ড্রাগ্ছ ক্রয় কৰি আহিছে৷ স্থানীয় কেইবাগৰাকীও ব্যৱসায়ীয়ে অভিযোগ কৰা অনুসৰি প্রতিদিনে পাণবজাৰ থানাৰ আৰক্ষীয়ে উক্ত অঞ্চলটোত টহল দিয়ে যদিও ৰহস্যজনকভাৱে ড্রাগ্ছৰ ঘাটিত অভিযান চলোৱাৰ পৰা বিৰত থাকে৷ মহানগৰ আৰক্ষীৰ নির্বিকাৰ ভূমিকাৰ বাবেই এতিয়া লাখটকীয়াৰ ২নং ৰে’ল গেটত পুৱাৰে পৰা নিশালৈকে মুকলিকৈ ড্রাগ্ছ বিক্রী কৰি আহিছে এটা দুষ্ট চক্রই৷ মহানগৰ আৰক্ষীৰে থকা গোপন বুজাবুজিৰ বাবেই ড্রাগ্ছ সৰবৰাহকাৰী চক্রটোৰ বিৰুদ্ধে আৰক্ষীয়ে অভিযান চলোৱাৰ পৰা বিৰত আছে৷ কেৱল লাখটকীয়াৰ ২নং ৰে’ল গেটেই নহয়, মহানগৰীৰ বিভিন্ন স্থানত একাংশ অসাধু আৰক্ষী বিষয়াৰ ছত্রছায়াত ড্রাগ্ছৰ বেহা চলি আহিছে৷ মহানগৰীত মুকলিকৈ চলি থকা ড্রাগ্ছ ব্যৱসায়ী চক্রটোৰ বিৰুদ্ধে শীঘ্রে অভিযান চলাবলৈ স্থানীয় ৰাইজে আহ্বান জনাইছে৷ যদিহে আৰক্ষীয়ে ড্রাগ্ছ সৰবৰাহকাৰী চক্রটোৰ বিৰুদ্ধে অভিযান তীব্রতৰ নকৰে, তেন্তে অনাগত দিনত ৰাইজে অভিযান চলাই ড্রাগ্ছবিৰোধী চক্রটোক উৎখাত কৰিব বুলি সদৰী কৰিছে৷