নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

প্ৰেমৰ তাগিদা : প্রেয়সীক লগ পাবলৈ ছুইডেনলৈ চাইকেলেৰে যাত্রা

বিশেষ বাৰ্তা, ২৬ মেঃ ছুইডিছ পত্নীক লগ কৰিবলৈ ভাৰতৰ পৰা ইউৰোপীয় দেশখনৰ বাৰোছ চহৰলৈ চাইকেল যাত্রা কৰা দুৰন্ত প্রেমিক তথা চিত্রকৰ পিকে মহানান্দিয়াৰ কাহিনীয়ে শেহতীয়াকৈ সংবাদ মাধ্যমত সৃষ্টি কৰিছে আলোড়ন৷ অৱশ্যে এই ঘটনা যথেষ্ট পুৰণি৷ ১৯৭৫ চনত ভাৰতীয় চিত্রকৰ পিকে মহানান্দিয়াক দিল্লীত লগ পাইছিল ছুইডেনৰ ছাত্রী চাৰ্লোট ভন স্কেডভিনে৷ তেতিয়া মহানান্দিয়া আছিল দিল্লী আর্ট কলেজৰ ছাত্র৷ দুখীয়া মহানান্দিয়াৰ সৈতে প্রণয়ৰ সম্পর্ক হয় চাৰ্লোটৰ৷ চাৰ্লোটৰ গৃহ চহৰ ছুইডেনৰ বোৰাছলৈ চাইকেলেৰে যাত্রা কৰিছিল মহানান্দিয়াই৷ বিমানৰ টিকট ক্রয়ৰ ধন নথকা মহানান্দিয়াই ১৯৭৭ৰ ২২ জানুৱাৰীত চাইকেল যাত্রা আৰম্ভ কৰি একেটা বর্ষৰ ২৮ মে’ত বোৰাছত উপস্থিত হৈছিল৷ ছুইডেনত বিবাহ পাশত আবদ্ধ হয় মহানান্দিয়া আৰু চাৰ্লোটে৷ বর্তমান দুই সন্তানসহ ছুইডেনতে বাস কৰে মহানান্দিয়া আৰু চাৰ্লোটে৷

You might also like