বিশেষ বাৰ্তা, ৩ ফেব্ৰুৱাৰী : শোণিতপুৰৰ চাৰিদুৱাৰ আৰক্ষীৰ বৃহৎ সাফল্য। চাৰিদুৱাৰ থানাৰ অন্তৰ্গত অকাবস্তি বঙালী গাঁৱত অভিযান চলাই ৭৩টা ড্ৰাগছভৰ্তি কন্টেইনাৰ আৰু চাবোনৰ বাকচৰ ভিতৰত বৃহৎ পৰিমাণৰ ড্ৰাগছ জব্দ কৰিবলৈ সক্ষম হয়। জব্দ কৰা ড্ৰাগছখিনিৰ মূল্য ১০ লক্ষাধিক টকা হ’ব বুলি আৰক্ষী সূত্ৰে জানিব পৰা গৈছে ।
লগতে এখন সোণৰ নকল নাও জব্দ কৰে। ঘটনা সন্দৰ্ভত চাৰিদুৱাৰ আৰক্ষীয়ে ৰুস্তম আলী, ফিৰোজ খান, বসু বৰাইক আৰু ৰেহেনা খাতুন নামৰ এগৰাকী মহিলাক আটক কৰে। এক গোপন সূত্ৰৰ পম খেদি চাৰিদুৱাৰ থানাৰ আৰক্ষী অধীক্ষক দীপজ্যোতি ভৰালীৰ নেতৃত্বত ৰেহেনা খাতুন নামৰ মহিলাগৰাকীৰ ঘৰত অভিযান চলাই উক্ত ড্ৰাগছখিনি জব্দ কৰাৰ লগতে নকল সোণৰ নাওখন জব্দ কৰিবলৈ সক্ষম হয়। বৰ্তমানেও আৰক্ষীয়ে তদন্ত চলাই আছে।
প্ৰেৰক প্ৰাঞ্জল প্ৰতিম