নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

গুৱাহাটীৰ মাজেৰে আজি কইনাধৰাত উপস্থিত হ’ব মোদী

🔹 প্রধানমন্ত্রীক লৈ নহয় ৰোড শ্ব’ : ড০ শর্মা

ষ্টাফ ৰিপ’ৰ্টাৰ, ৩ ফেব্রুৱাৰী : লোকসভা নির্বাচনৰ ৰণশিঙা বজাবলৈ দুদিনীয়া কার্যসূচীৰে আজি গুৱাহাটীত উপস্থিত হ’ব প্রধানমন্ত্রী নৰেন্দ্র মোদী৷ নির্বাচনত ৪০০ আসনৰ লক্ষ্য বান্ধি লোৱা বিজেপিয়ে এইবাৰ উত্তৰ–পূবৰ ২৫খন আসনক লৈ বিশেষ পৰিকল্পনা কৰিছে৷ মুখ্যতঃ গুৱাহাটীৰ পৰাই প্রধানমন্ত্রী মোদীয়ে উত্তৰ–পূবক লক্ষ্য কৰি আৰম্ভ কৰিব নির্বাচনী প্রচাৰ৷ প্রধানমন্ত্রীগৰাকীৰ আগমনক লৈ সেয়েহে ৰাজ্যিক বিজেপিত আৰম্ভ হৈছে ব্যাপক তৎপৰতা৷ আজি বিয়লি ৭.৩০ বজাত গুৱাহাটী বিমানবন্দৰত উপস্থিত হ’বলগীয়া প্রধানমন্ত্রীগৰাকীক গায়ন–বায়ন, পৰম্পৰাগত লোকনৃত্য, গীত–মাতেৰে আদৰণি জনোৱা হ’ব৷ গুৱাহাটীৰ মাজেৰে কইনাধৰাস্থিত ৰাজ্যিক অতিথিশালাত উপস্থিত হ’বলগীয়া প্রধানমন্ত্রীগৰাকীয়ে আজি নিশাৰ ভাগত মিলিত হ’ব ৰাজ্যিক বিজেপিৰ শীর্ষ নেতৃত্বৰ সৈতে৷ ৰাজ্যিক বিজেপিৰ ক’ৰ কমিটীৰ সৈতে হ’বলগীয়া এই বৈঠকতে লোকসভা নির্বাচনৰ প্রস্তুতি, ৰণকৌশল সন্দর্ভত আলোচনা হোৱাৰ লগতে প্রধানমন্ত্রীয়ে ৰাজ্যিক বিজেপিক এলানি পৰামর্শ প্রদানৰ সম্ভাৱনা আছে৷ ইফালে, কালি মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই প্রকাশ কৰা মতে ৪ ফেব্রুৱাৰীত অনুষ্ঠিত হ’বলগীয়া জন সমাৱেশতে প্রধানমন্ত্রীয়ে প্রায় ১০টা প্রকল্পৰ আধাৰশিলা স্থাপন কৰিব৷ চৰকাৰীভাৱে হ’বলগীয়া এই অনুষ্ঠানত ৰাজ্যিক বিজেপিৰ কার্যকর্তা, সমর্থকসকলেও অংশগ্রহণ কৰিব৷ প্রধানমন্ত্রীক লৈ ৰোড শ্ব’ হ’ব বুলি চলা চর্চাক কালি নস্যাৎ কৰি মুখ্যমন্ত্রীয়ে ইয়াকো কয় যে প্রধানমন্ত্রীক লৈ কোনোধৰণৰ ৰোড শ্ব’ নহয়৷ অৱশ্যে দলীয় কার্যকর্তাই প্রধানমন্ত্রীগৰাকীক বিশেষভাৱে আদৰণি জনাব৷ ইফালে, প্রধানমন্ত্রীৰ আগমন উপলক্ষে ৪ ফেব্রুৱাৰীত খানাপাৰাৰ খেলপথাৰত সমৱেত হ’ব দুই লক্ষাধিক লোক৷ জন সমাৱেশত মানুহৰ সমাগমৰ দায়িত্ব অর্পণ কৰা হৈছে প্রতিগৰাকী মন্ত্রীক৷ মুখ্যমন্ত্রীৰ নির্দেশৰ পিছতেই কালি নলবাৰীত উপস্থিত হয় মন্ত্রী বিমল বড়া৷ একেদৰে মন্ত্রী যোগেন মহনে ৰঙিয়া আৰু হাজো, মন্ত্রী অজন্তা নেওগে গুৱাহাটী, চন্দ্রমোহন পাটোৱাৰীয়ে দৰঙত, ৰণোজ পেগুৱে ওদালগুৰি–তামুলপুৰ, ৰঞ্জিত দাসে মৰিগাঁৱত আৰু নগাঁৱত উপস্থিত হয় পীয়ূষ হাজৰিকা–জয়ন্ত মল্ল বৰুৱা৷ আটাইকেইজন মন্ত্রীয়ে দলীয় কার্যকর্তাসকলৰ সৈতে আলোচনা কৰি প্রধানমন্ত্রীৰ সভালৈ কেনেকৈ যাব, কিমানসংখ্যক লোক যাব, সেই সন্দর্ভত বিস্তৃত আলোচনা কৰে৷ জানিব পৰা মতে, প্রতিজন মন্ত্রীকে ৬–৭ হাজাৰ লোক সভাস্থলীলৈ অনাৰ বাবে বিশেষ নির্দেশনা দিয়া হৈছে৷ আনহাতে, ৰাজ্যিক বিজেপিৰ শীর্ষ নেতৃত্বকো মানুহ অনাৰ দায়িত্ব দিয়া হৈছে৷

You might also like