বিশেষ বাৰ্তা, ৯ ডিচেম্বৰঃ ড্রাগ্ছৰ বিৰুদ্ধে অসম আৰক্ষীয়ে ধাৰাবাহিক অভিযান অব্যাহত ৰখাৰ মাজতে মহানগৰীত ড্রাগ্ছৰ প্রচলন ক্রমাৎ বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে৷ মহানগৰীৰ একাংশ সম্ভ্রান্ত পৰিয়ালৰ যুৱক–যুৱতীয়ে নৈশ পার্টীত যোগদান কৰি ড্রাগ্ছ সেৱনৰ লগতে নিচাৰ ৰাগিত উদ্যম নৃত্য পৰিৱেশন কৰি আভিজাত্যৰ নামত পৰিৱেশ বিনষ্ট কৰিছে৷ নিশাৰ মহানগৰীত বিলাসী হোটেল, ৰিজ’ৰ্ট, ৰেভ পার্টী আৰু মিউজিকৰ অনুষ্ঠানত মুকলিকৈ হেৰ’ইন, কোকেইনকে ধৰি অন্যান্য নিচাজাতীয় সামগ্রীৰ প্রচলনে যুৱপ্রজন্মৰ ভৱিষ্যৎ অন্ধকাৰলৈ ঠেলি দিয়া পৰিলক্ষিত হৈছে৷ এইক্ষেত্রত যদিহে অভিভাৱকসকলে সময় থাকোঁতে সচেতন নহয় তেন্তে যুৱপ্রজন্ম পতনমুখী হোৱাটো নিশ্চিত হৈ পৰিছে৷ মহানগৰ আৰক্ষীৰ অপৰাধ অনুসন্ধান শাখাৰ তদন্তত এই ভয়ংকৰ তথ্য পোহৰলৈ আহিছে৷ গুৱাহাটীৰ একাংশ বিলাসী হোটেল, ৰিজ’টত পার্টীৰ নামত চলা নিচাজাতীয় দ্রব্যৰ প্রচলনৰ বিৰুদ্ধে মহানগৰ আৰক্ষীৰ অপৰাধ অনুসন্ধান শাখাই গোপন সূত্রৰ ভিত্তিত অভিযান অব্যাহত ৰখাৰ মাজতে মহানগৰীৰ হেঙেৰাবাৰীৰ পৰা পূব আৰক্ষী জিলাৰ সহযোগত বুজন পৰিমাণৰ কোকেইন আৰু মেন্দী (এমডিএম)এ জব্দ কৰাৰ লগতে দুই সৰবৰাহকাৰীক গ্রেপ্তাৰ কৰে৷ হেঙেৰাবাৰীৰ শেৱালি পথৰ গণপতি এনক্লেভৰ ফ্লেট নং ৪বিৰ পৰা আৰক্ষীয়ে গ্রেপ্তাৰ কৰা ড্রাগ্ছ ব্যৱসায়ীদ্বয় হৈছে দিগ্বিজয় নবীজ ওৰফে বিকী আৰু তেওঁৰ সহযোগী কুন্দন ঠাকুৰ৷ আৰক্ষীয়ে সৰবৰাহকাৰী দুটাৰ পৰা ৩৩ গ্রাম কোকেইন আৰু ১১.৬৪ গ্রাম মেন্দী জব্দ কৰে৷ তদুপৰি আৰক্ষীয়ে সৰবৰাহকাৰী দুটাৰ পৰা কোকেইনৰ সৰবৰাহত ব্যৱহাৰ কৰা এ এছ ০১–এ এম–০০০৮ নম্বৰৰ এখন বিলাসী বাহন আৰু কিছু নগদ ধন জব্দ কৰিবলৈ সক্ষম হয়৷ এই সন্দর্ভত আৰক্ষী আয়ুক্ত দিগন্ত বৰাই সংবাদ মাধ্যমৰ আগত সদৰী কৰা অনুসৰি ধৃত দিগ্বিজয় নবীজে গুৱাহাটী মহানগৰীকে ধৰি উত্তৰ–পূর্বাঞ্চলৰ বিভিন্ন স্থানত চলা ৰেভ পার্টী, একাংশ বিলাসী হোটেল ৰিজ’টত চলা পার্টীত কোকেইনকে ধৰি নিচাজাতীয় দ্রব্য যোগান ধৰি আহিছে৷ দিল্লীৰ পৰা অনা কোকেইন দিগ্বিজয় নবীজে গুৱাহাটীৰ সম্ভ্রান্ত পৰিয়ালৰ যুৱক–যুৱতীক লাখ লাখ টকাৰ নামত যোগান ধৰি আহিছে৷ আৰক্ষীয়ে গোপন সূত্রৰ পম খেদি কালি হেঙেৰাবাৰীৰ পৰা নিষিদ্ধ কোকেইনৰ ব্যৱসায়ত জড়িত দিগ্বিজয় নবীজ আৰু তেওঁৰ সহযোগীক গ্রেপ্তাৰ কৰাৰ লগতে নবীজৰ সৈতে সঘন যোগাযোগ কৰা আন তিনিগৰাকী যুৱতী আৰু দুজন যুৱকক সোধা–পোছা কৰে৷ অৱশ্যে এই সন্দর্ভত আৰু কেইবাজনো যুৱক–যুৱতী আৰক্ষীৰ জালত পৰাৰ সম্ভাৱনা আছে বুলি আৰক্ষী আয়ুক্ত দিগন্ত বৰাই জানিবলৈ দিছে৷
#বাৰ্তা ডেস্ক