নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

লখিমপুৰত জ্বলিল কোটিৰো অধিক টকাৰ নিচাজাতীয় সামগ্রী 

বিশেষ বাৰ্তা, ২৬ জুনঃ লখিমপুৰ জিলা প্ৰশাসন আৰু আৰক্ষী প্ৰশাসনে আজি যৌথভাৱে কোটিৰো অধিক টকাৰ ড্ৰাগছকে ধৰি বিভিন্ন নিচাজাতীয় সামগ্রী জ্বলাই ছাই কৰে। নগৰৰ সমীপৰ হাঁহচৰাৰ আৰক্ষী ছাউনিত  প্ৰায় ৫০ লাখ টকাৰ ড্ৰাগছ, ৪৩ লাখ টকা মূল্যৰ গাঞ্জা, ৪২ হেজাৰ মান টকাৰ টেবলেট আৰু তিনি-চাৰি লাখ টকাৰ হেৰইন জ্বলাই দিয়া হয়। জিলা উপায়ুক্ত সুমিত সাত্তাৱান, আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰই নিজৰ হাতেৰে নিচাজাতীয় সামগ্রীসমুহত অগ্নিসংযোগ কৰে। আজি ড্ৰাগছবিৰোধী দিৱস উপলক্ষে লখিমপুৰত এই কাৰ্য্যসূচী ৰূপায়ণ কৰা হয়। দিৱসৰ লগত সংগতি ৰাখি এই কাৰ্য্যসূচী ৰূপায়ণ কৰি জিলা উপায়ুক্তই কয়- নিচাযুক্ত সামগ্ৰীৰ অবৈধ বেহাৰ বিৰুদ্ধে আৰক্ষীয়ে আইনী ব্যবস্থা গ্রহণ কৰি যাব। বিপৰীতে নিচাসক্তসকলক প্ৰশাসনৰ ওচৰলৈ আনিবলৈ তেওঁ ৰাইজলৈ  আহ্বান জনায়। প্ৰশাসনে নিচাসক্তসকলক নিচামুক্ত কেন্দ্ৰলৈ  নি আৰোগ্য কৰিব। তেনে কৰিলে নিচাজাতীয় সামগ্ৰীৰ চাহিদা কমিব আৰু লগতে আমদানি কমিব বুলিও আশা প্ৰকাশ কৰে। এইক্ষেত্ৰত উপায়ুক্তগৰাকীয়ে সকলোৰে সহযোগিতা কামনা কৰে।
প্ৰেৰক জীৱন গোস্বামী
You might also like