নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

শিল্পী পেন্সনৰ পৰা বঞ্চিত ঢুলীয়া শিল্পী সূৰ্য্যকান্ত দাস

নিয়মীয়া বাৰ্তা, ২৪ অক্টোবৰ : জীৱন সংগ্ৰামৰ মাজেৰে সংস্কৃতিৰ বিশাল ক্ষেত্ৰখনলৈ নিঃস্বাৰ্থ অৱদান আগবঢ়াই অহা তথা অসমীয়া সংস্কৃতিৰ লগত গভীৰভাৱে সম্পৃক্ত ৰাজ্যখনৰ এগৰাকী ঢুলীয়া শিল্পী হ’ল সূৰ্য্যকান্ত দাস৷ ওৰেটো জীৱন সংস্কৃতিৰ প্ৰচাৰ আৰু প্ৰসাৰত ব্যস্ত থকা নলবাৰী জিলাৰ গোৱৰাদল মিলন কামৰূপীয়া ঢুলীয়া দলৰ ঢুলীয়া শিল্পী আৰু ঢুলীয়া চংৰ বায়ন সূৰ্য্যকান্ত দাস নামৰ এইগৰাকী লোকশিল্পী আজিও চৰকাৰৰ বৰঘৰৰ পৰা উপেক্ষিত, অৱহেলিত হৈ আছে।সংস্কৃতিৰ বৰপথাৰখনত অনন্য প্ৰতিভা দেখুৱাবলৈ সক্ষম হোৱা সূৰ্য্যকান্ত দাস আজিও শিল্পী পেন্সন পাবলৈ সক্ষম হোৱা নাই। উল্লেখযোগ্য যে ৮ বছৰ বয়সৰ পৰাই সুদীৰ্ঘ ৫৯ বছৰত ঢুলীয়া শিল্পৰ সকলোখিনি আয়ত্ত কৰি বৰ্তমান ঢোল আৰু তালবাদনৰ লগতে ঢুলীয়া চংৰ বায়ন কৰি দৰ্শক ৰাইজক আমোদ দি অহা শিল্পীজন কিন্তু আজি অভাৱগ্ৰস্ত আৰু হতাশাগ্ৰস্ত৷ জীৱনৰ সকলো বিসৰ্জন দি অশেষ কষ্ট কৰি এইজন শিল্পীয়ে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ সভা, পূজা, বিবাহ, ৰাস উৎসৱ আদি মাংগলিক কাৰ্য্যত ঢোলবাদ্য পৰিৱেশন কৰাৰ লগতে ঢুলীয়া চংত বায়নৰ ভাও প্ৰদৰ্শন কৰি আজি ৬৯ বছৰত ভৰি দিছে৷ পৰম্পৰাগতভাৱে আপুৰুগীয়া অসমীয়া কৃষ্টিক জীয়াই ৰখা তথা প্ৰাণভৰি ঢুলীয়া কৃষ্টিক ভালপোৱা এইগৰাকী শিল্পীয়ে বৰ্তমানেও গোৱৰাদল মিলন কামৰূপীয়া ঢুলীয়া দলৰ ঘাই ঢুলীয়া হিচাপে শিল্পকৰ্ম চলাই আহিছে৷ কিন্তু আজিও চৰকাৰৰ অৱজ্ঞাৰ ফলত এইগৰাকী ঢুলীয়া শিল্পীয়ে শিল্পী পেন্সন লাভৰ পৰা বঞ্চিত হৈ আছে। সাংস্কৃতিক ক্ষেত্ৰখনলৈ প্ৰভূত বৰঙণি আগবঢ়োৱা  শিল্পীগৰাকীক কোনো এখন চৰকাৰেই উচিত প্ৰাপ্য মর্যাদা প্রদান নকৰাৰ লগতে কোনোধৰণৰ আর্থিক সাহায্যও আগবঢ়োৱা নাই। আনকি শিল্পী পেন্সনৰ বাবে চৰকাৰৰ লগত যোগাযোগ কৰিও আজিকোপতি কোনো ফল লাভ নকৰা বুলি  অশীতিপৰ শিল্পীগৰাকীয়ে আক্ষেপ প্ৰকাশ কৰিছে। বিগত ৫৯ বছৰে কামৰূপীয়া ঢুলীয়া কৃষ্টিৰ লগত জড়িত থকা ঢুলীয়া সংস্কৃতিৰ আজন্ম প্ৰেমিক তথা প্ৰচাৰবিমুখ শিল্পী সূৰ্য্যকান্ত দাসে চৰকাৰৰ পৰা প্ৰাপ্য সন্মান কেতিয়াকৈ পাব, ই আজিৰ তাৰিখত শিল্পীগৰাকীৰ শুভাকাংক্ষী ৰাইজৰ বাবে লাখটকীয়া প্ৰশ্ন। সেয়ে বিভিন্ন দল-সংগঠন, অনুষ্ঠান-প্ৰতিষ্ঠানকে ধৰি বিভিন্ন মহলে ঢুলীয়া শিল্পী সূৰ্য্যকান্ত দাসক শিল্পী পেন্সন প্ৰদান কৰি উচিত সন্মান দিবলৈ ৰাজ্য চৰকাৰ তথা সংশ্লিষ্ট বিভাগক  দাবী উত্থাপন কৰিছে।
প্ৰেৰক শৈলেন বৰ্মন
You might also like