নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

সাজু জামুগুৰিহাটৰ ঢুলীয়া-নাচনী : অনুশীলনৰ পৰ্যালোচনা মন্ত্ৰী পীযূষ হাজৰীকাৰ

নিয়মীয়া বাৰ্তা, ২ এপ্ৰিল : ১৪ এপ্ৰিলত  বিশ্ব অভিলেখৰ বাবে প্ৰধানমন্ত্ৰীৰ সন্মুখত সৰুসজাই ষ্টেডিয়ামত নাচিবলৈ সাজু হৈ পৰিছে জামুগুৰিহাটৰ ১০০গৰাকী ঢুলীয়া নাচনী৷ জামুগুৰিহাটৰ পৰিদৰ্শন বঙলাৰ কাষৰ জামুগুৰি বহাগী মেলা বাকৰিত নিতৌ পুৱাৰপৰা বিয়লিলৈকে সেয়ে নাচনী ঢুলীয়াসকল আখৰাত ব্যস্ত হৈ পৰিছে৷ নিয়ম অনুযায়ী যোৱা ৩১ মাৰ্চৰ দিনটোতেই আনুষ্ঠানিক আখৰা শেষ হৈছে যদিও ক’তো যাতে খুট ৰখি নাযাওক সেইবাবেই এইদৰেই সকলোকে প্ৰশিক্ষণ দি আখৰা অব্যাহত ৰাখিছে প্ৰশিক্ষকসকলে৷সম্পূৰ্ণ বিহুৰ সাজপাৰ পৰিধান কৰোৱাই আখৰাথলীত ৪ গৰাকীকৈ প্ৰশিক্ষক ক্ৰমে দ্বিপেন শইকীয়া, হিমাক্ষী হাজৰিকা, অনুৰাগ বন্দিত বিভূ আৰু দীপশিখা শইকীয়াই নাচনী-ঢুলীয়াসকলক নিখুতভাৱে প্ৰশিক্ষণ দিয়াত ব্যস্ত হৈ পৰিছে৷ নিতৌ পুৱাৰপৰাই আৰম্ভ হোৱা প্ৰশিক্ষণথলীৰ ঢোল-পেপা-গগনাৰ মাত আৰু নাচনীসকলৰ বিহু নাচ চাবলৈও সোঁত বৈছে জামুগুৰি বহাগী মেলা বাকৰিলৈ৷ এই প্ৰশিক্ষণথলীৰপৰাই সমগ্ৰ জামুগুৰিহাটত এইবেলি বহু পূৰ্ৱৰপৰাই বিহুৰ আনন্দ উপভোগ কৰাৰো সুবিধা লাভ কৰিছে সকলোৱে৷ইতিমধ্যে জামুগুৰিহাটৰ এই বিহুৰ আখৰাস্থলীত উপস্থিত হৈ মন্ত্ৰী পীয়ুষ হাজৰিকা আৰু শোণিতপুৰ জিলা উপায়ুক্ত দেৱকুমাৰ মিশ্ৰইও আখৰা প্ৰত্যক্ষ কৰি সন্তুষ্টি প্ৰকাশ কৰাৰ লগতে সকলো নাচনী আৰু ঢুলীয়াক আগতীয়াকৈ শুভেচ্ছাও জ্ঞাপন কৰিছে৷ উল্লেখ্য যে শোণিতপুৰ জিলাৰ ১২ টা স্থানত চলি থকা এনে প্ৰশিক্ষণৰ জৰিয়তে শোণিতপুৰৰ ১১০০ ঢুলীয়া নাচনীয়ে ১৪ এপ্ৰিলত সৰুসজাই ষ্টেডিয়ামত বিহু প্ৰদৰ্শণত অংশগ্ৰহণ কৰিব৷
প্ৰেৰক হিৰণ্য বৰা
You might also like