নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

জোনাইত প্ৰচণ্ড ধুমুহা : বন্ধ ৫১৫নং ৰাষ্ট্ৰীয় ঘাইপথ

নিয়মীয়া বাৰ্তা, ২ এপ্ৰিল : জোনাইত আজি পুৱাই অহা এজাক প্ৰচণ্ড ধুমুহা বৰষুণে বিস্তৰ ক্ষতি সাধন কৰিলে কেবাটাও অঞ্চলত বিভিন্ন প্ৰান্তৰ লগতে জোনাইতো আজি পুৱা অহা এজাক প্ৰচণ্ড ধুমুহা- বৰষুণে বিস্তৰ ক্ষতি সাধন কৰিলে কেবাটাও অঞ্চলত৷ জোনাইৰ গিনে মহমৰাত বিধ্বংসী ধুমুহাই বিধ্বস্ত কৰে প্ৰায় ৬০ টাৰো অধিক পৰিয়ালৰ বাসগৃহ,বাৰীৰ মূল্যবান গছগছনি,বিদ্যালয় গৃহ,বিদ্যুতৰ খুঁটা আদি৷ ইয়াৰে বিধ্বংসী ধুমুহাত গিনে মহমৰাৰ প্ৰায় কুৰিৰো অধিক পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে বিধ্বস্ত কৰাত এতিয়া গৃহহাৰা হৈ পৰিছে পৰিয়াল সমুহে৷ জানিব পৰামতে হঠাৎ অহা বিধ্বংসী ধুমুহাই ঘৰৰ টিন,বেৰ উৰুৱাই নিয়াৰ সমান্তৰালকৈ গিনে মহমৰাৰ পেঃচুক চাৰহ নামৰ এগৰাকী প্ৰায় ৬০ উৰ্দ্ধৰ বৃদ্ধাক ঘৰৰ ওপৰৰ পৰা তললৈ উৰুৱাই নি পেলাই দিয়াত দুখন বৰি সম্পূৰ্ণৰূপে ভাঙি পৰে বৃদ্ধা গৰাকীৰ৷ আনহাতে বিধ্বংসী ধুমুহাত ঠায়ে ঠায়ি  বিদুৎ পৰিবাহী খুটা আৰু জোনাইৰ ৰতকেস্থিত ৫১৫ নং ৰাষ্ট্ৰীয় ঘাইপথত প্ৰকাণ্ড এজোপা গছ বাগৰি পৰাত বহু সময় ধৰি ৰাষ্ট্ৰীয় ঘাইপথত আৱদ্ধ হৈ পৰে শ শ যান বাহনৰ লগতে ব্যাহত হৈ পৰিছে বিদ্যুত যোগান।
প্ৰেৰক কৰবী দলে
You might also like