নিয়মীয়া বাৰ্তা, ৫ অক্টোবৰঃ গান্ধী জয়ন্তীৰ উপলক্ষে ৰাজ্য চৰকাৰে ঘোষণা কৰা ২ অক্টোবৰৰ ড্ৰাইডে চলি থকা সময়তে টেঙাখাতৰ বেলবাৰীত দিপু গগৈৰ ঘৰত টেঙাখাত থানাৰ আৰক্ষীয়ে তালাচী চলাই বৃহৎ পৰিমাণৰ বিলাতী সুৰা জব্দ কৰে ৷ আৰক্ষীয়ে জনোৱা মতে ২ অক্টোবৰৰ নিশা কৰ্তব্যৰত এটা আৰক্ষী দলে বেলবাৰী তিনিআলিত উপস্থিত হওঁতেই অৱৈধভাৱে মদৰ বেহা চলি থকা দেখা পাই দিপু গগৈ নামৰ লোকজনৰ ঘৰত তালাচী চলাওতেই অৱৈধভাৱে ৰখা বৃহৎ পৰিমানৰ বিলাতী সুৰা উদ্ধাৰ কৰিবলৈ সক্ষম হয় ৷ উদ্ধাৰ কৰা বিলাতী সুৰাখিনি জব্দ কৰি টেঙাখাত থানালৈ লৈ অনা হয় ৷ আৰক্ষীৰ উপস্থিতিৰ কথা গম পায় দিপু গগৈ পলায়ন কৰে। জব্দ কৰা বিলাতী সুৰাখিনিৰ মূল্য প্ৰায় চল্লিশ হাজাৰ টকাৰ হব বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে ৷ পাছত জব্দ কৰা বিলাতী সুৰাখিনি আইনী ব্যৱস্থা গ্ৰহণ কৰিবলৈ জিলাৰ আৱকাৰী বিভাগক চমজাই দিয়া হয় ৷ ড্ৰাইডেৰ লগতে পূজাৰ উলহমালহৰ পৰিবেশ চলিথকাৰ সময়তে টেঙাখাতৰ বেলবাৰীত বৃহৎ পৰিমাণৰ বিলাতী সুৰা উদ্ধাৰ হোৱা ঘটনাই টেঙাখাতৰ সচেতন লোকক চিন্তিত কৰি তোলিছে ৷ বহুজনে প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয় যে টেঙাখাত আঞ্চলৰ গাৱঁৰ দোকানবিলাকত অবৈধভাৱে বিলাতী মদৰ বেহা চলি আহিছে৷ চৰকাৰী অনুজ্ঞাপত্ৰ থকা বিলাতী মদৰ দোকানৰ পৰা কেনেকৈ এইদৰে বৃহৎ পৰিমাণৰ বলাতী সুৰা ওলাই যায় ইয়াৰো বিচাৰ কৰিবলৈ আবকাৰী বিভাগৰ ওচৰত দাৱী জনাইছে সচেতন লোকে ৷
প্ৰেৰক দীপক গগৈ