নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

হৰিনামৰ ধ্বনিৰে মুখৰ ৰঙিয়াৰ গুৰকুছি পশ্চিম সীতাৰা নামঘৰ

নিয়মীয়া বাৰ্তা, ৫ অক্টোবৰঃ হৰিনামৰ ধ্বনিৰে মুখৰিত হৈ পৰিছে ৰঙিয়াৰ গুৰকুছি পশ্চিম সীতাৰা নামঘৰ। ভাগৱত পাঠ আৰু মহিলাৰ দিহানামেৰে পুৱাৰ পৰা নামঘৰত ভক্তিপূৰ্ণ পৰিবেশৰ সৃষ্টি হৈছে । গুৰকুছি পশ্চিম সীতাৰাৰ স্থানীয় লোকসকলে কেন্দ্ৰীয়ভাৱে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ আৱিৰ্ভাৱ মহোৎসৱৰ আয়োজন কৰিছে। বৰ্ণাঢ্য কাৰ্যসূচীৰে গুৰুজনাৰ ৫৭৪ সংখ্যক কেন্দ্ৰীয় আৱিৰ্ভাৱ তিথিৰ আয়োজন কৰা হৈছে। এই মহোৎসৱৰ লগত সংগতি ৰাখি পুৱাৰ পৰা অনুষ্ঠিত হৈছে পৰিবেশ নিকাকৰণ, নাম প্ৰসংগ, বৃক্ষৰোপণ আৰু আই-মাতৃ সকলৰ দিহানামৰ কাৰ্যসূচী । ইয়াৰ পিছতে ধৰ্মীয় শোভাযাত্ৰা উলিয়াই কেইবাশ লোকে। এই কাৰ্যসূচীত বিভিন্ন প্ৰান্তৰ পৰা অহা বৈষ্ণৱ ভকতসকলৰ লগতে কেইবাশ লোকে অংশগ্ৰহণ কৰে ।

প্ৰেৰক ফাৰুক হুছেইন

You might also like