নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

২২ জানুৱাৰীত মৰিগাঁও জিলাত ড্ৰাই ডে’ ঘোষণা

নিয়মীয়া বাৰ্তা, ২০ জানুৱাৰী : অযোধ্যাত নতুনকৈ নিৰ্মাণ কৰা ৰাম মন্দিৰৰ উদ্বোধন উপলক্ষে মৰিগাঁও জিলাত অহা ২২ জানুৱাৰীৰ পৱিত্ৰ দিনটোত পুৱা ৫ বজাৰ পৰা বিয়লি ৫ বজালৈ ড্ৰাই ডে’ অৰ্থাৎ সুৰা নিষিদ্ধ দিন হিচাপে ঘোষণা কৰা হৈছে। জিলা আয়ুক্তই জাৰি কৰা এই সম্পৰ্কীয় নিৰ্দেশনাত কোৱা হৈছে যে অসম আবকাৰী আইন আৰু বিধি-২০১৬ ৰ ৩২৬ (বি) বিধি অনুসৰি উল্লিখিত দিনটোত মৰিগাঁও জিলাৰ অধীনৰ অনুজ্ঞাপ্ৰাপক বিপণীসমূহত সুৰাৰ ব্যৱসায় বন্ধ থাকিব। এই নিৰ্দেশ উলংঘা কৰিলে অসম আবকাৰী আইন আৰু বিধি ২০১৬ অনুসৰি ব্যৱস্থা গ্ৰহণ কৰা হ’ব ।

প্ৰেৰক প্ৰতাপ হাজৰিকা

You might also like