নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

অভিযান্ত্রিক–কাৰিকৰী পাঠ্যক্রমত গুৱাহাটী বিশ্ববিঃৰ তুলনাত দুগুণ মাচুল ডিব্রুগড় বিশ্ববিদ্যালয়ত

একেই পাঠ্যক্রম–একেই শিক্ষা

নিয়মীয়া বাৰ্তা ৫ জুলাইঃ একেই শিক্ষা, একেই পাঠ্যক্রম অথচ দুটা প্রতিষ্ঠানত মাচুলৰ বৃহৎ তাৰতম্য৷ ছাত্র–ছাত্রীৰ ওপৰত মাধমাৰ শোধাই বৃহৎ পৰিমাণৰ মাচুল সংগ্রহৰ প্রক্রিয়া দীর্ঘদিন ধৰি চলি আছে ডিব্রুগড় বিশ্ববিদ্যালয়ত৷ বিশ্ববিদ্যালয়খনৰ অভিযান্ত্রিক আৰু কাৰিকৰী প্রতিষ্ঠানৰ আকাশলংঘী মাচুলে বিপদত পেলাইছে বহুসংখ্যক ছাত্র–ছাত্রীক৷ প্রতিষ্ঠানখনৰ শিক্ষার্থীসকলৰ বাৰম্বাৰ দাবীকো আওকাণ কৰি বিশ্ববিদ্যালয় কর্তৃপক্ষই এতিয়াও মাচুল হ্রাসৰ বাবে কোনোধৰণৰ ব্যৱস্থা কৰা নাই৷ অথচ গুৱাহাটী বিশ্ববিদ্যালয়ৰ একেই প্রতিষ্ঠান, একেই পাঠ্যক্রমৰ ছাত্র–ছাত্রীয়ে ডিব্রুগড় বিশ্ববিদ্যালয়ৰ তুলনাত আধা হাৰৰ মাচুল দি অধ্যয়ন কৰি আছে৷

উল্লেখ্য যে ডিব্রুগড় বিশ্ববিদ্যালয়ৰ অভিযান্ত্রিক আৰু কাৰিকৰী প্রতিষ্ঠানত পাঠদান আৰম্ভ হৈছিল ২০০৯ চনত৷ তেতিয়াৰ পৰা বর্তমানলৈকে প্রতিষ্ঠানখনত শিক্ষাগ্রহণ কৰা অনেক ছাত্র–ছাত্রীয়ে ডিব্রুগড় বিশ্ববিদ্যালয়লৈ সুনাম কঢ়িয়াই আনিবলৈ সক্ষম হৈছে৷ কিন্তু আক্ষেপৰ বিষয়টো হ’ল এই প্রতিষ্ঠানৰ উচ্চ হাৰৰ মাচুলে ছাত্র–ছাত্রীৰ লগতে অভিভাৱকসকলক বাৰুকৈয়ে জুৰুলা কৰি আহিছে৷ ডিব্রুগড় বিশ্ববিদ্যালয়ৰ অভিযান্ত্রিক আৰু কাৰিকৰী প্রতিষ্ঠানৰ ডি–টেকৰ চাৰিটা শাখাৰ পাঠ্যক্রমেই চাৰিবছৰীয়া৷ এই পাঠ্যক্রমসমূহৰ প্রতিটো ছেমিষ্টাৰৰ মাচুল এনেধৰণৰ– প্রথম ছেমিষ্টাৰ ৬০ হাজাৰ, দ্বিতীয় ছেমিষ্টাৰ ৫০ হাজাৰ, তৃতীয় ছেমিষ্টাৰ ৬০ হাজাৰ, চতুর্থ, ষষ্ঠ আৰু অষ্টম ছেমিষ্টাৰ ৪০ হাজাৰ, পঞ্চম আৰু ষষ্ঠ ছেমিষ্টাৰ ৫০ হাজাৰ৷

অর্থাৎ ডিব্রুগড় বিশ্ববিদ্যালয়ত অভিযান্ত্রিক আৰু কাৰিকৰী প্রতিষ্ঠানত পঢ়িবলৈ হ’লে এগৰাকী ছাত্র–ছাত্রীয়ে নামভর্তি আৰু অধ্যয়নৰ মাচুলেই ৩ লাখ ৯০ হাজাৰ টকা আদায় দিব লাগে৷ ইয়াৰ বিপৰীতে ডিব্রুগড় বিশ্ববিদ্যালয়ৰ তুলনাত গুৱাহাটী বিশ্ববিদ্যালয়ৰ অভিযান্ত্রিক আৰু কাৰিকৰী প্রতিষ্ঠানৰ মাচুল আধাতকৈও কম৷ গুৱাহাটী বিশ্ববিদ্যালয়ৰ বি–টেক পাঠ্যক্রমৰ প্রথম, তৃতীয়, পঞ্চম আৰু সপ্তম ষাণ্মাসিকৰ নামভর্তি আৰু অধ্যয়নৰ মাচুল ২৬,০৬০ টকা৷ আনহাতে দ্বিতীয়, চতুর্থ, ষষ্ঠ আৰু অষ্টম ষাণ্মাসিকৰ নামভর্তি–ধ্যয়নৰ মাচুল হ’ল ১৯,৪৭০ টকা৷ মাচুলৰ ক্ষেত্রত চলি থকা বৃহৎ বৈষম্যই ক্ষুব্ধ কৰি তুলিছে ডিব্রুগড় বিশ্ববিদ্যালয়ৰ কাৰিকৰী শিক্ষাৰ ছাত্র–ছাত্রীসকলক৷ কিয়নো এই প্রতিষ্ঠানখন হ’ল আইন অনুসৰি স্থাপিত ডিব্রুগড় বিশ্ববিদ্যালয়ৰ অধীনস্থ এখন চৰকাৰী প্রতিষ্ঠান৷ ইয়াৰ শিক্ষক তথা কর্মচাৰীসকলৰ দা–দৰমহা ৰাজকোষৰ পৰাই ব্যয় হয়৷ এনে প্রেক্ষাপটত প্রতিটো ছেমিষ্টাৰত ছাত্র–ছাত্রীৰ পৰা বৃহৎ পৰিমাণৰ মাচুল সংগ্রহ কৰি থকাৰ কোনো যুক্তিযুক্ততা নাই৷

সেইবাবেই এইসকল ছাত্র–ছাত্রীয়ে বাৰম্বাৰ মাচুল হ্রাসৰ দাবী জনাই আহিছে৷ ২০২০ চনৰ মে’ মাহত অভিযান্ত্রিক আৰু কাৰিকৰী প্রতিষ্ঠানৰ সঞ্চালকগৰাকীয়েও বিশ্ববিদ্যালয় কর্তৃপক্ষক এখন পত্রযোগে অনুৰোধ জনায় যে বি–টেক পাঠ্যক্রমৰ মাচুল ৫০ হাজাৰৰ পৰা ২৫ হাজাৰলৈ হ্রাস কৰিব লাগে৷ এই সিদ্ধান্তই পাঠ্যক্রমটো ছাত্র–ছাত্রীৰ বাবে সুবিধাজনক আৰু আকর্ষণীয় কৰি তুলিব৷ কিন্তু সঞ্চালকগৰাকীৰ পত্রকো ডিব্রুগড় বিশ্ববিদ্যালয় কর্তৃপক্ষই গুৰুত্ব নিদি যোৱা এবছৰে পেলাই থৈ দিলে৷ এতিয়া লকডাউনৰ বাবে দীর্ঘদিন ধৰি বিশ্ববিদ্যালয় বন্ধ হৈ আছে যদিও ছাত্র–ছাত্রীসকলে বৃহৎ পৰিমাণৰ মাচুল নিয়মীয়াকৈ আদায় দিয়ে আছে৷

এয়া শিক্ষার্থীৰ প্রতি বৃহৎ অন্যায় বুলি অভিহিত কৰি বিশ্ববিদ্যালয়খনৰ প্রাক্তন সাধাৰণ সম্পাদক তথা সদৌ অসম ছাত্র সন্থাৰ ৰাজ্যিক কার্যনির্বাহক ডেভিদ হাজৰিকাই কয় যে কাৰিকৰী প্রতিষ্ঠানৰ মুৰব্বীগৰাকীয়ে মাচুল হ্রাসৰ পোষকতা কৰাৰ পাছতো প্রতিটো ছেমিষ্টাৰত ৫০ হাজাৰকৈ মাচুল সংগ্রহৰ কোনো যুক্তিয়েই থাকিব নোৱাৰে৷ আছুৱে মাচুল হ্রাস কৰিবৰ বাবে দীর্ঘদিনৰ পৰাই দাবী জনাই আহিছে যদিও এতিয়াও বিশ্ববিদ্যালয় কর্তৃপক্ষই ছাত্র–ছাত্রীসকলক সকাহ দিবৰ বাবে কোনো ব্যৱস্থা গ্রহণ কৰা নাই৷ যদিহে শীঘ্রে মাচুল হ্রাসৰ বাবে বিশ্ববিদ্যালয় কর্তৃপক্ষই যাৱতীয় ব্যৱস্থা নলয়, তেনেহ’লে বিশ্ববিদ্যালয়ৰ পাঠদান নিয়মীয়া হোৱাৰ লগে লগে আছুৱে গণতান্ত্রিক আন্দোলনৰ কার্যসূচী হাতত ল’বলৈ বাধ্য হ’ব৷

You might also like