নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

জিএমচি–এ ভাঙিলে দুলাল বৰাই অবৈধভাৱে নির্মাণ কৰা বিল্ডিং

নিয়মীয়া বাৰ্তা,  ৭ মে’ :  আৰ টি আই আবেদনৰ জৰিয়তে লাভ কৰা তথ্যৰ ভিত্তিত বিভিন্ন চৰকাৰী বিষয়াক ব্লেক মেইলিং কৰি সম্পত্তিৰ পাহাৰ গঢ়া তথাকথিত আৰ টি আই কর্মী দুলাল বৰাৰ মহানগৰীৰ ৰুক্মিণীগাঁৱত থকা বাসগৃহটো বুধবাৰে গুৱাহাটী পৌৰ নিগমে বুলড’জাৰ লগাই ভাঙি পেলায়৷

বুধবাৰে পুৱা পৌৰ নিগমৰ এটা বিষয়া–কর্মচাৰীৰ দল ৰুক্মিণীগাঁৱত উপস্থিত হৈ দুলাল বৰাৰ তিনি মহলীয়া অট্টালিকাটোত বুলড’জাৰ চলায়৷ পৌৰ নিগমৰ বিষয়াই সংবাদ মাধ্যমক জনোৱা মতে, দুলাল বৰাই এই গৃহটো নির্মাণৰ বাবে পৌৰ নিগমৰ পৰা অনুমতি লোৱা নাছিল৷ অনুমতি নোলোৱাকৈ অবৈধভাৱে বাসগৃহটো নির্মাণ কৰিছিল৷ উল্লেখ্য যে ইয়াৰ পূর্বেও গুৱাহাটী পৌৰ নিগমে বৰাই অবৈধভাৱে মহানগৰীৰ খানাপাৰাত নির্মাণ কৰা আন এটা গৃহ কিছুদিন পূর্বে বুলড’জাৰ লগাই ভাঙি পেলাইছিল৷ আনহাতে পৌৰ নিগমে আজি ভঙা গৃহটো দুলাল বৰাৰ দ্বিতীয়টো গৃহ৷ এই গৃহটো নির্মাণৰ ক্ষেত্রত প্রয়োজনীয় নথিপত্র নাই৷

দুলাল বৰাই এই গৃহটো এবছৰ পূর্বে নির্মাণ কৰিছিল৷ উল্লেখ্য যে আৰ টি আই আবেদনৰ জৰিয়তে লাভ কৰা তথ্যৰ আধাৰত বিভিন্ন চৰকাৰী বিষয়াক ব্লেকমেইলিং কৰি ধন দাবী কৰাৰ অভিযোগত মহানগৰীৰ হাতীগাঁও থানাত ৰুজু কৰা এক গোচৰত আৰক্ষীয়ে দুলাল বৰাক গ্রেপ্তাৰ কৰিছিল৷ আনহাতে বন বিভাগৰ এগৰাকী বিষয়াক একেই প্রক্রিয়াৰে ধন দাবী কৰা ঘটনা সন্দর্ভত বিষয়াজনে দাখিল কৰা অভিযোগৰ ভিত্তিত অপৰাধ অনুসন্ধান শাখাই দুলাল বৰাৰ বিৰুদ্ধে আন এটা গোচৰ ৰুজু কৰি গ্রেপ্তাৰ কৰিছিল৷ এই গোচৰত গ্রেপ্তাৰ হোৱা দুলাল বৰা বর্তমান কাৰাগাৰত বন্দী হৈ আছে৷

উল্লেখ্য যে আৰ টি আই আবেদনৰ জৰিয়তে লাভ কৰা তথ্যৰ ভিত্তিত ব্লেকমেইলিং কৰি ধন দাবী কৰা সংক্রান্তত দুলাল বৰাৰ বিৰুদ্ধে কার্বি আংলং জিলাৰ ডিফুতো আন এটা গোচৰ ৰুজু কৰা হৈছে৷ বৰাই আৰ টি আই আবেদনক ধন ঘটাৰ আহিলা হিচাপে ব্যৱহাৰ কৰি তথা বহুকেইগৰাকী চৰকাৰী বিষয়াক ব্লেকমেইলিঙেৰে ধন দাবী কৰি সোঁৱে–বাঁৱে সম্পত্তিৰ পাহাৰ গঢ়ি তুলিছিল৷ বৰাৰ বিৰুদ্ধে ৰুজু কৰা ধন দাবীৰ গোচৰৰ তদন্ত কৰা চি আই ডিৰ বিষয়াই বৰাৰ বেংকত থকা জমা ধন আৰু স্থাৱৰ–স্থাৱৰ সম্পত্তিৰ পাহাৰ দেখি বিচূর্তি খাইছিল৷ এনেদৰেই কোটি কোটি টকাৰ গৰাকী হোৱা বিতর্কিত দুলাল বৰাই মহানগৰীত অবৈধ প্রক্রিয়াৰে এটাৰ পিছত আন এটা গৃহ নির্মাণ কৰিছিল৷ ইয়াৰে এটা গৃহত আজি গুৱাহাটী পৌৰ নিগমে বুলড’জাৰ চলাই ভাঙি পেলায়৷

ইপিনে, প্রশাসনৰ উচ্ছেদক প্রত্যাহ্বান জনায় গুৱাহাটী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ হৈছে দুলাল বৰা৷ এই সন্দর্ভত দাখিল কৰা ২১৬৪/২০২০ নম্বৰৰ লেখ আবেদনৰ শুনানি গ্রহণ কৰি উচ্চ ন্যায়ালয়ে গুৱাহাটী পৌৰ নিগমৰ প্রশাসকৰ সন্মুখত হাজিৰ হ’বলৈ নির্দেশ দিছে বৰাক৷ অহা ১২ মে’ৰ দিনৰ ১১ বজাত প্রশাসকৰ ওচৰত হাজিৰ হ’বলৈ বৰাক নির্দেশ দিছে উচ্চ ন্যায়ালয়ে৷ ইয়াৰ পিছতে বৰাই অবৈধভাৱে নির্মাণ কৰা গহটো ভঙাৰ ক্ষেত্রত যাৱতীয় নির্দেশ প্রদান কৰিবলৈ উচ্চ ন্যায়ালয়ে নির্দেশ দিছে৷

You might also like