গহপুৰৰ বুৰৈ চাহ বাগিচাত খাদ্য সুৰক্ষাৰ ৭০ বস্তা চাউল জব্দ
নিয়মীয়া বাৰ্তা, ৭ মে’ : গহপুৰ মহকুমাৰ একাংশ সমবায় এজেণ্টে দৰিদ্র ৰাইজৰ খাদ্য সুৰক্ষাৰ চাউল আত্মসাৎ কৰাৰ অভিযোগ উত্থাপিত হৈছে৷ চৰকাৰী আঁচনিৰ চাউল আত্মসাৎ কৰাৰ এনে অভিযোগ উত্থাপিত হোৱা এজন সমবায় এজেণ্ট হ’ল হেলেম সমবায় সমিতিৰ অধীনস্থ বুৰৈ চাহ বাগিচাৰ সঞ্জয় শ্বাহ৷
স্থানীয় একাংশ লোকৰ অভিযোগ মতে, সমবায় এজেণ্ট সঞ্জয় শ্বাহে বুৰৈ চাহবাগিচাৰ ৰেছনকার্ড থকা প্রায়বোৰ শ্রমিক পৰিয়ালৰ সৰলতা আৰু অজ্ঞতাৰ সুযোগ লৈ তেওঁলোকৰ বিপৰীতে আবণ্টিত খাদ্য সুৰক্ষাৰ চাউল আত্মসাৎ কৰি চোৰাংকৈ বিক্রী কৰি আহিছে৷ এইবিষয়ে স্থানীয় আটছা নেতাই তেওঁক মাজে–সময়ে সকীয়াই আহিছিল যদিও সমবায় এজেণ্ট সঞ্জয় শ্বাহে আটছাৰ কথাত অকণো গুৰুত্ব দিয়া নাছিল৷ শেহতীয়াকৈ এপ্রিল মাহত তেওঁ আবণ্টন পোৱা খাদ্য সুৰক্ষাৰ চাউল একাংশ হিতাধিকাৰীক বিতৰণ কৰাৰ পিছত ৭০ বস্তা চাউল তেওঁ আত্মসাৎ কৰি ঘৰৰ ভিতৰত ৰাখি থয়৷বুৰৈ চাহ বাগিচাৰ কেইবাজনো আটছা নেতাই লাভ কৰা তথ্যৰ ভিত্তিত কালি এই বিষয়ে তেজপুৰ লোকসভা সমষ্টিৰ সাংসদ পল্লৱলোচন দাস আৰু স্থানীয় প্রশাসনৰ শীর্ষ বিষয়াক অৱগত কৰে৷
আটছাৰ নেতাকেইজনৰ অভিযোগৰ ভিত্তিত আজি দুপৰীয়া গহপুৰ মহকুমা খাদ্য আৰু অসামৰিক যোগান বিভাগৰ দুগৰাকী পৰিদর্শক ক্রমে গুণ গোবিন্দ ফুকন আৰু এছ. গোস্বামীৰ লগতে হেলেম সমবায় সমিতিৰ সভাপতি ঘনশ্যাম চুবেদী উক্ত সমবায় এজেণ্ট প্রতিষ্ঠানটোত উপস্থিত হৈ অনুসন্ধান চলায়৷ সমবায় এজেণ্টগৰাকীয়ে যোৱানিশা চাউলৰ বস্তা থোৱাৰ স্থান সলনি কৰি ঘৰৰ চৌহদৰে আন এটা আওহতীয়া কোঠালৈ চাউলখিনি স্থানান্তৰ কৰাৰ বাবে প্রথম অৱস্থাত আত্মসাৎ কৰি ৰখা চাউলৰ বস্তাসমূহ বিচাৰি উলিয়াবলৈ অসুবিধা হৈছিল যদিও পৰৱর্তী সময়ত সাংবাদিক আৰু আটছা নেতাৰ তৎপৰতাত আওহতীয়া কোঠা এটাত লুকুৱাই ৰখা অৱস্থাৰ পৰা ৭০ বস্তা খাদ্য সুৰক্ষাৰ চাউল উদ্ধাৰ কৰিবলৈ সক্ষম হয়৷ পিছত চাউলখিনি জব্দ কৰি হেলেম সমবায় সমিতিলৈ লৈ অহা হয়৷
পৰিদর্শক দুগৰাকীৰ আগত সমবায় এজেণ্টৰ উপভোক্তা চালামী লুগুন (কার্ড নং ০৩৩৪৬৪৪),মানদি বার্লা (কার্ড নং ৩৬১৮৩৯৮), প্রভাদেৱী সিং (কার্ড নং ৩৬১৮২১১)কে ধৰি বহুকেইজন উপভোক্তাই এজেণ্ট সঞ্জয় শ্বাহৰ বিৰুদ্ধে বহু গুৰুতৰ অভিযোগ উত্থাপন কৰি কয় যে বহু উপভোক্তাক তেওঁ সঠিকভাৱে চাউল নিদিয়াকৈ বঞ্চনা কৰি আহিছে৷আটছাৰ বিশ্বনাথ জিলা সমিতিৰ সাধাৰণ সম্পাদক নীলোৎপল ৰবিদাস, সাংগঠনিক সম্পাদক অনুপ তাঁতী, গহপুৰ শাখাৰ সভাপতি বিশ্বজিৎ তাছা, সদস্য ৰাতুল মির্ধা, ৰাজ তাঁতীয়ে দুর্নীতিত অভিযুক্ত এজেণ্ট সঞ্জয় শ্বাহৰ বিৰুদ্ধে আইনী ব্যৱস্থা গ্রহণ কৰিবলৈ গহপুৰ মহকুমা প্রশাসনৰ ওচৰত দাবী জনাইছে৷