নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

দুলীয়াজান মহাবিদ্যালয়ত অনুপ্ৰেৰণামূলক বক্তৃতানুষ্ঠান সম্পন্ন

নিয়মীয়া বাৰ্তা, ২৫ ছেপ্টেম্বৰঃ দুলীয়াজান মহাবিদ্যালয়ৰ সমাজতত্ত্ব বিভাগ আৰু বিভাগৰ প্ৰাক্তন ছাত্র-ছাত্রী সংস্থাৰ উদ্যোগত আজি মহাবিদ্যালয়ৰ সত্ৰ সভাকক্ষত এক অনুপ্ৰেৰণামূলক বক্তৃতানুষ্ঠান অনুষ্ঠিত হৈ যায়। বিভাগটোৰ শতাধিকসংখ্যক সন্মান বিষয়ৰ ছাত্র-ছাত্রীয়ে অংশ গ্রহণ কৰা অনুষ্ঠানটো সঞ্চালনা কৰে বিভাগীয় মুৰব্বী তথা কলা শাখাৰ সমন্বয়ক ডঃ হেমন্ত দাসে। বক্তৃতানুষ্ঠানটো উদ্বোধন কৰে মহাবিদ্যালয়খনৰ অধ্যক্ষ ডঃ লোকবিকাশ গগৈয়ে। উদ্বোধনী ভাষণত তেওঁ আজিৰ জটিল পৰিস্থিতিত ছাত্র-ছাত্রীসকলে শৈক্ষিক দিশত আগবাঢ়ি যাবলৈ হলে এনেধৰণৰ অনুপ্ৰেৰণামূলক বক্তৃতানুষ্ঠানৰ প্ৰয়োজনীয়তা কিমান সেই বিষয়ে বক্তব্য আগবঢ়ায়। বক্তৃতানুষ্ঠানটোত সমল ব্যক্তি হিচাপে সমাজতত্ত্ব বিভাগৰে তিনিগৰাকী সু-প্ৰতিষ্ঠিত ব্যক্তি মাৰ্ঘেৰিটা মহাবিদ্যালয়ৰ সহকাৰী অধ্যাপক ডঃ সুৰেশ কুমাৰ চাহু, হাপেখাটা উন্নয়ন খণ্ডৰ খণ্ড প্রকল্প বিষয়া বিপ্লৱ গগৈ আৰু শৈক্ষিক সংগঠক তথ্য চাচনী গাওঁ পঞ্চায়তৰ সভাপতি জুনটি বড়াই অংশ গ্রহণ কৰে। ইয়াৰ উপৰি বিভাগৰ কেইবাজনো কীৰ্তি ছাত্ৰই অনুষ্ঠানটোত অংশগ্ৰহণ কৰে। সভাখনত সমল ব্যক্তি কেওগৰাকীয়ে নিজৰ জীৱনৰ অভিজ্ঞতাৰ আধাৰত বক্তব্য আগবঢ়াই কয় যে আজিৰ জটিল পৰিস্থিতিত ছাত্র-ছাত্ৰীয়ে অধ্যয়নৰ ওপৰত গভীৰভাৱে মনোনিবেশ কৰাৰ ওপৰিও দৈনন্দিন জীৱনৰ কিছুমান সৰু সৰু বিষয়ৰ ওপৰতো সমানে গুৰুত্ব আৰোপ কৰিব লাগিব। কাৰণ এই সৰু সৰু বিষয়বিলাকেও জীৱনত সফলতা লাভ কৰাৰ ক্ষেত্ৰত বিশেষভাৱে সহায় কৰে। খণ্ড প্রকল্প বিষয়া বিপ্লব গগৈয়ে কয় যে এজন ছাত্র নাইবা ছাত্ৰীয়ে শিক্ষাবিষয়ত দক্ষতা অৰ্জন কৰাৰ ওপৰিও আনকি ৰন্ধন বিষয়তো দক্ষ হব লাগিব। ডঃ সুৰেশ কুমাৰ চাহুৱে কয় যে ছাত্র-ছাত্রীসকল নিজৰ লক্ষ্যত উপনিত হবলৈ হলে অন্য মানুহৰ নিৰাশাজনক মন্তব্যবিলাকক অৱজ্ঞা কৰিব লাগিব আৰু তাৰ বাবে তেওঁ এজন কাণকলা মানুহৰ দৰে আচৰণ কৰিব লাগিব। আনহাতে জুনটি বড়াই কয় যে জীৱনৰ সফলতা এক আপেক্ষিক বিষয় আৰু ইয়াৰ সংজ্ঞা প্রত্যেকৰ বাবে পৃথক পৃথক হব পাৰে, তাৰোপৰি ই এক ধাৰাবাহিক বিষয় বুলিও তেওঁ উল্লেখ কৰে। সভাৰ শেষত সমাজতত্ত্ব বিভাগৰ প্ৰাক্তন ছাত্রী তথা সহকাৰী অধ্যাপিকা মেঘালী দাসে শলাগ জ্ঞাপন কৰাৰ পাছতেই জাতীয় সংগীতেৰে সভাখনি সামৰণি পৰে।

প্ৰেৰক কৃষ্ণা গগৈ 

You might also like