নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আজিৰে পৰা আছুৰ দুলীয়াজান অধিৱেশন

নিয়মীয়া বাৰ্তা, ১৮ নৱেম্বৰঃ দুলীয়াজানৰ ছলাকটকী খেলপথাৰত আজিৰে পৰা আৰম্ভ হ’ব সদৌ অসম ছাত্র সন্থাৰ সপ্তদশ অধিৱেশন৷ ৰাজ্যৰ সামাজিক–ৰাজনৈতিক প্রেক্ষাপটত কেইবাটাও দিশৰ পৰা এই অধিৱেশন গুৰুত্বপূর্ণ বিবেচিত হৈছে৷ কিয়নো দুলীয়াজান অধিৱেশনতে সংগঠনটোৰ মুখ্য উপদেষ্টা ড০ সমুজ্জ্বল ভট্টাচার্যই সংগঠনটোৰ পৰা বিদায় ল’ব৷

ইফালে, অধিৱেশনৰ পিছতে আছু এৰি নৱগঠিত আঞ্চলিক ৰাজনৈতিক দল ‘অসম জাতীয় পৰিষদ’ৰ জৰিয়তে ৰাজনৈতিক যাত্রা আৰম্ভ কৰিব কেইবাগৰাকীও শীর্ষ নেতাই৷ সমান্তৰালভাৱে সদৌ অসম ছাত্র সন্থাৰ সভাপতি–সাধাৰণ সম্পাদকৰ পদবীত দেখা যাব নতুন প্রজন্মৰ নেতাক৷

এইদৰে ৰাজ্যৰ বৃহৎ জাতীয় সংগঠনটোৱে দুলীয়াজানৰ পৰাই নতুন ৰূপত, নতুন যাত্রা আৰম্ভ কৰিবলৈ সাজু হৈছে৷ আছুক নতুন ৰূপ দিয়াৰ বাবেই সংগঠনটোৰ সংবিধানৰ কেইবাটাও গুৰুত্বপূর্ণ সালসলনি ঘটোৱাৰ প্রস্তুতিও চূড়ান্ত কৰা হৈছে৷

লগতে পঢ়কঃ হত্যা নে আত্মহত্যা! শুৱালকুছিত অন্তঃসত্ত্বা বোৱাৰীৰ মৃত্যুক লৈ তীব্র উত্তেজনা

উল্লেখ্য যে আছুৰ শেহতীয়া কার্যনির্বাহক বৈঠকত সংগঠনটোৰ সংবিধান সংশোধনৰ বাবে ড০ সমুজ্জ্বল ভট্টাচার্য, দীপাংক কুমাৰ নাথ আৰু লুৰিণজ্যোতি গগৈৰ নেতৃত্বত এখন সমিতি গঠন কৰি দিছিল৷ এই সমিতিখনে ৰাজ্যিক কার্যনির্বাহক সদস্যসকলৰ মতামতৰ ভিত্তিত কেইবাটাও গুৰুত্বপূর্ণ সংশোধনৰ পোষকতা কৰিছে৷ সংবিধানৰ প্রথম সংশোধনী অনুসৰি, আছুৰ ৰাজ্যিক কার্যনির্বাহক সদস্যসকলৰ বয়সৰ ঊর্ধ্বসীমা এতিয়াৰে পৰা হ’ব ৪০ বছৰ৷ তদুপৰি নূন্যতম স্নাতক উত্তীর্ণ হোৱাটোও কার্যনির্বাহক সমিতিত স্থান লাভৰ প্রাথমিক অর্হতা হ’ব৷ একে সময়তে ছাত্র সংগঠনটোৰ মজিয়াত যাতে গণতান্ত্রিক পৰিৱেশ বর্তি থাকে, তাৰ বাবে সময়মতে অধিৱেশন অনুষ্ঠিত কৰাৰ ওপৰতো গুৰুত্ব আৰোপ কৰা হৈছে৷

নতুন সংশোধনী অনুসৰি ৰাজ্যিক কার্যনির্বাহকৰ কার্যকাল এবছৰীয়া হ’ব যদিও সাধাৰণ সভাৰ অনুমোদনমর্মে এই কার্যকাল আৰু দুবছৰলৈ বৃদ্ধি কৰিব পাৰিব৷ অর্থাৎ এতিয়াৰে পৰা সর্বোচ্চ তিনি বছৰীয়া হ’ব ৰাজ্যিক কার্যনির্বাহক সমিতিৰ কার্যকাল৷ তিনি বছৰ অতিক্রম কৰাৰ পিছত এই সমিতিখন নিজে নিজে ভংগ হ’ব৷ এই আটাইকেইটা সংশোধনীৰ বাবে এতিয়া কেৱল প্রতিনিধি সভাৰ অনুমোদনৰ অপেক্ষা৷

লগতে পঢ়কঃ লকডাউনৰ সময়ত ৪২ লিটাৰ স্তন দুগ্ধ দান মুম্বাইৰ এইগৰাকী মহিলাৰ… জনালে কাৰণ

সদৌ অসম ছাত্র সন্থাৰ পৰৱর্তী সভাপতি হিচাপে বিশ্বনাথৰ প্রজ্ঞান ভূঞা, মৰিগাঁৱৰ উৎপল শর্মা আৰু সাধাৰণ সম্পাদক হিচাপে শিৱসাগৰৰ উদ্দীপজ্যোতি গগৈ আৰু ডিব্রুগড়ৰ শংকৰজ্যোতি বৰুৱাৰ নাম চর্চিত হৈছে৷ আটাইকেইগৰাকী ছাত্র নেতাই উচ্চ শিক্ষিত৷ তদুপৰি আছুৰ বিদায়ী সভাপতি দীপাংক কুমাৰ নাথ আৰু সাধাৰণ সম্পাদক লুৰিণজ্যোতি গগৈয়ে এই অধিৱেশনৰ পিছতে নতুন আঞ্চলিক দল ‘অসম জাতীয় পৰিষদ’ত যোগদান কৰিব বুলিও সর্বত্র আলোচিত হৈছে৷ অৱশ্যে প্রতিনিধি সভাৰ পিছতহে এই আটাইবোৰ বিষয় স্পষ্ট হ’ব৷ কিন্তু এটা কথা নিশ্চিত যে দুলীয়াজান অধিৱেশনৰ পৰাই সদৌ অসম ছাত্র সন্থা আৰু অসমৰ আঞ্চলিক ৰাজনীতিত কেইবাটাও লক্ষণীয় পৰিৱর্তন হ’ব৷ যাৰ বাবে আজিৰ পৰা দুলীয়াজানত আৰম্ভ হ’বলগীয়া সদৌ অসম ছাত্র সন্থাৰ অধিৱেশনত সকলোৰে দৃষ্টি নিবদ্ধ হৈ পৰিছে৷

ইয়াৰ বাবে দুলীয়াজানৰ ছলাকটকী খেলপথাৰ আটকধুনীয়াকৈ সজাই তোলা হৈছে৷ বিশাল সভামণ্ডপৰ লগতে প্রতিনিধি শিবিৰ, ভোজনালয়, গ্রন্থমেলা, প্রদর্শনীৰো ব্যৱস্থা কৰা হৈছে৷ কাইলৈ পুৱা চাফাই অভিযানৰ পিছত বাটচ’ৰা, মূল তোৰণ, গ্রন্থমেলা আৰু অতিথিশালাৰ দ্বাৰ মুকলি কৰা হ’ব৷ লগতে ৰাজ্যৰ ভিন্ন প্রান্তৰ পৰা যোৱা প্রতিনিধিসকলৰ পঞ্জীয়নো আৰম্ভ হ’ব৷

You might also like