নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

গৰৈমাৰীৰ মহিমাৰীত বন বিভাগৰ অভিযান

নিয়মীয়া বাৰ্তা, ৪ অক্টোবৰঃ পশ্চিম কামৰূপ বন সংমণ্ডলৰ অন্তৰ্গত ছয়গাঁও সমষ্টিৰ গৰৈমাৰীৰ মহিমাৰীত আজি বন বিভাগে অভিযান চলাই বৃহৎ পৰিমাণৰ মূল্যবান কাঠ জব্দ কৰাৰ লগতে কাঠ ফলা কিছু সামগ্ৰী জব্দ কৰে । ঘটনাৰ বিৱৰণীত জানিব পৰা মতে, পশ্চিম কামৰূপ বন সংমণ্ডলৰ বন সুৰক্ষা বিষয়া লক্ষেশ্বৰ দাসে গৰৈমাৰীৰ মহিমাৰীত বৃহৎ পৰিমাণৰ মূল্যবান অবৈধ কাঠ থকাৰ খবৰ বিশেষ সুত্ৰে লাভ কৰে । এই খবৰ লাভ কৰাৰ পিছতে বন সুৰক্ষা বিষয়া গৰাকীয়ে বন কৰ্মীৰ সৈতে আজি দিনৰ প্ৰায় ১ বজাৰ পৰা মহিমাৰীত অভিযান চলাই মানুহ দুঘৰৰ তাত চেগুন আৰু শালৰ ফলা কাঠ লগতে এঘৰ মানুহৰ তাত চেগুনৰ টুকুৰা জব্দ কৰিবলৈ সক্ষম হয় । জব্দকৃত কাঠ খিনিৰ মূল্য প্ৰায় ৪ লাখ টকা হব বুলি বন বিভাগৰ পৰা জানিব পৰা গৈছে । উল্লেখ্য যে গৰৈমাৰীৰ মহিমাৰীত দীৰ্ঘ দিন ধৰি অবৈধ কাঠ জমা কৰি বিভিন্ন ঠাইলৈ সৰবৰাহ কৰি আহিছিল । সম্প্ৰতি জব্দকৃত কাঠখিনি বামুনীগাঁও বনাঞ্চলিক বিষয়াৰ কাৰ্যালয়লৈ অনা হৈছে।

You might also like