নিয়মীয়া বাৰ্তা, ২৪ অক্টোবৰঃ ষষ্ঠীৰ পৰা দুৰ্গা বন্দনাৰে মুখৰিত হৈ থকা ধুবুৰীৰ স্থানীয় পূজা মণ্ডপবোৰত বৰ্তমানে বিৰাজ কৰিছে এক বিষাদমুখৰ পৰিৱেশ৷ আজি দশমীৰ দিনা ধুবুৰীৰ ঐতিহ্যমণ্ডিত হৰিসভা, কালীবাৰী আদিকে ধৰি ধুবুৰী থানা এলেকাৰ সৰ্বমুঠ ১০৪টা দুৰ্গা পূজাৰ প্ৰতিমাসমূহ মাংগলিক নীতি-নিয়মৰ মাজেৰে ধুবুৰীৰ বৰলুইতত বিসৰ্জন দিয়া হয়। জিলা প্ৰশাসনে পূৰ্বে নিৰ্ধাৰিত কৰি দিয়া চহৰখনৰ ব্ৰহ্মপুত্ৰৰ পাৰৰ ঐতিহ্যমণ্ডিত নেতাই ধুবুনী ঘাটৰ সমীপত বিসৰ্জনথলীত অজি বিয়লিৰ পৰা আৰম্ভ হয় দেবী বিসৰ্জন। আৰক্ষী আৰু অৰ্ধ সামৰিক বাহিনীৰ কটকটীয়া নিৰাপত্তা ব্যৱস্থাৰে এছডিআৰএফ আৰু আভ্যন্তৰীণ জল পৰিবহন বিভাগৰ সহযোগত অনুষ্ঠিত হয় আজিৰ এই বিসৰ্জন পৰ্ব। উল্লেখ্য যে, ধুবুৰীৰ দীৰ্ঘ পৰম্পৰা অনুসৰি এইবেলিও দেৱীক বিসৰ্জন দিয়াৰ পূৰ্বে উলিওৱা হয় বিশাল এক শোভাযাত্ৰা। হৰিসভা, কালীবাৰীকে ধৰি ধুবুৰীৰ ৯২খন কমিটিয়ে অংশ লোৱা শোভাযাত্ৰাটো আজি দিনৰ প্ৰায় ১১-৩০টা বজাৰ পৰা ধুবুৰী চহৰৰ গড়কাপ্তানী বিভাগৰ কাৰ্যালয়ৰ সমীপৰ পৰা আৰম্ভ হয়। দীঘলীয়া সেই সমদলটোত অংশ লোৱা পূজা কমিটিবোৰে নিজৰ নিজৰ দুৰ্গা প্ৰতিমা একোখনকৈ চাৰিচকীয়া বাহনত উঠাই উলিওৱা সেই শোভাযাত্ৰাটোৱে সমগ্ৰ চহৰখনত এক উৎসৱমুখৰ পৰিৱেশৰ সৃষ্টি কৰে। গীত-নৃত্যৰে চহৰখনৰ বিভিন্ন অঞ্চলৰ ৰাজপথ প্ৰদক্ষিণ কৰি বিসৰ্জনথলীলৈ উপস্থিত হোৱাৰ পিছত আৰক্ষীয়ে পূৰ্বেই প্ৰদান কৰা ক্ৰমাং অনুসৰি দূৰ্গা প্ৰতিমাসমূহ এটা এটাকৈ বিসৰ্জন দিয়াৰ কাম আৰম্ভ হয়। উল্লেখ্য যে, পূৰ্বৰ দৰেই এইবাৰো দেৱীক মৰ্ত্যৰ পৰা বিদায় দিবলৈ চহৰখনৰ ১নং ৱাৰ্ডৰ কাষেৰে বৈ যোৱা বৰলুইতৰ পাৰঘাটৰ বিসৰ্জনথলীত উপস্থিত থকা দেখা যায় ভাষা, ধৰ্ম নিৰ্বিশেষে চহৰখনৰ অগণন লোক।
প্ৰেৰক অমিতাভ চক্ৰৱৰ্তী