নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

দুৰ্গা পূজাত বোনাছৰ দাবীৰে মৰিয়নিত চাহ শ্ৰমিকৰ ধৰ্ণা 

বিশেষ বাৰ্তা,  ৯ অক্টোবৰঃ আগন্তুক দুৰ্গা পূজাৰ আগে আগে প্ৰায়বোৰ চাহ বাগিচাই বোনাচ ঘোষনা কৰাৰ ওপৰিও অধিকাংশ বাগিচাই শ্ৰমিকক বোনাচ আদায় দিছে। এতিয়াও একাংশ চাহ বাগিচাই বোনাচ আদায় দিয়া নাই। মৰিয়নিৰ হোলোংগুৰি চাহ বাগিচাই এতিয়ালৈকে বোনাচ আদায় নিদিয়াত আজি শ্ৰমিকসকলে প্ৰতিবাদী কাৰ্য্যসূচী গ্ৰহণ কৰে। আজি পুৱা ৭-৩০ বজাৰ পৰা পুৱা ৯ বজালৈকে বাগিচাখনৰ কাৰ্য্যালয়ৰ সন্মুখত শ্রমিকসকলে ধর্ণা কাৰ্য্যসূচী ৰূপায়ণ কৰে। প্ৰতিবাদী কাৰ্য্যসূচীৰ সময়ত শ্ৰমিকসকলে বিভিন্ন শ্ল’গান দি পৰিবেশ উত্তাল কৰি তোলে। উল্লেখযোগ্য যে দ্য এন্দ্ৰিউ ইয়ুল গ্ৰুপৰ অধীনস্থ হোলোংগুৰি চাহ বাগিচা কৰ্তৃপক্ষই বৰ্তমানলৈকে বোনাচ সম্পৰ্কীয় ঘোষনা কৰা নাই ।এতিয়ালৈকে বাগিচা কৰ্তৃপক্ষই বোনাচৰ সন্দৰ্ভত কোনো আলোচনা নকৰা বা স্থিতি স্পষ্ট নকৰাত বাগিচাৰ শ্রমিকসকল শংকিত হৈ পৰিছে। যাৰ বাবেই আজি এই ধৰ্ণা কাৰ্য্যসূচী ৰূপায়ণ কৰিবলগীয়া হয় । ইফালে, ধৰ্না কাৰ্য্যসূচীৰ পিছতে অসম চাহ মজদুৰ সংঘৰ হোলোংগুৰি বাগিচা গোটে দ্য এন্দ্ৰিউ ইয়ুল গ্ৰুপৰ মহাপ্ৰৱন্ধকলৈ হোলোংগুৰি চাহ বাগিচাৰ পৰিচালকৰ যোগেদি এক স্মাৰক পত্ৰ প্ৰেৰণ কৰি দুই এদিনতে বোনাচ সম্পৰ্কীয় ঘোষনা কৰাৰ লগতে শ্ৰমিকসকলক ২০ শতাংশ বোনাচ আদায় দিবলৈ দাবী জনায়। অন্যথা ধাৰাবাহিকভাৱে আন্দোলন গঢ়ি তোলাৰ হুংকাৰ দিয়ে । আনহাতে, তাৰ ফলত সৃষ্টি হ’ব পৰা যিকোনো পৰিস্থিতিৰ বাবে বাগিচা কৰ্তৃপক্ষই জগৰীয়া হ’ব বুলিও সকিয়াই দিয়া হৈছে। হোলোংগুৰি চাহ বাগিচাৰ প্ৰাথমিক সংঘৰ উদ্যোগত ৰূপায়ণ কৰা এই ধর্ণা কাৰ্য্যসূচীত অসম চাহ মজদুৰ সংঘৰ তিতাবৰ শাখাৰ সভাপতি বগাই ভূমিজ, সম্পাদক নগেন কুর্মী, সহকাৰী সন্দীপ ভূমিজ, সংগঠক অনিল ৰজক, শাখাৰ কার্যনির্বাহক সদস্য গনেশ পুৰাণ আৰু জ্যোতিষ এক্কা, বাগিচা সংঘৰ সভাপতি পবিন মির্ধা, সম্পাদক বাদল কৰ্মকাৰ আদিয়ে অংশগ্ৰহণ কৰে। এই প্ৰতিবাদী কাৰ্য্যসূচীলৈ অসম চাহ জনগোষ্ঠীয় জাতীয় মহাসভায়ো সমৰ্থন আগবঢ়াইছে। অসম চাহ জনগোষ্ঠীয় জাতীয় মহাসভাৰ কেন্দ্ৰীয় সাংগাঠানিক সম্পাদক দীনেশ গঞ্জুয়েও এই ধৰ্ণা কাৰ্য্যসূচীত অংশগ্ৰহণ কৰি শ্ৰমিকসকলৰ প্ৰাপ্য আদায় দিবলৈ দাবী জনায় । প্ৰতিবাদথলীত তিতাবৰ মহকুমাৰ শ্রম পৰিদর্শক দয়ানিধি গগৈ উপস্থিত থাকে। মৰিয়নী আৰু দেবেৰাপাৰৰ আৰক্ষীও প্ৰতিবাদথলীত উপস্থিত হয়গৈ । ধৰ্ণা কাৰ্য্যসূচীৰ মাজতে এক প্ৰতিবাদী সভাও অনুষ্ঠিত হয়। ইফালে চাহ মজদুৰ সংঘৰ তিতাবৰ শাখাই প্রতিবাদ কাইলৈৰ ভিতৰত স্থিতি স্পষ্ট কৰিবলৈ বাগিচা কৰ্তৃপক্ষক দাবী জনাইছে । জানিব পৰা মতে, অসম চাহ মজদুৰ সংঘৰ কেন্দ্ৰীয় সমিতি, অসম চৰকাৰৰ শ্রম বিভাগৰ মূখ্য সচিব আৰু দ্য এন্দ্ৰিউ ইয়ুল গ্ৰুপৰ প্ৰতিনিধিৰ মাজত আজি আলোচনা অনুষ্ঠিত হ’ব আৰু এই আলোচনাতেই বোনাচৰ সম্পৰ্কত চূড়ান্ত সিদ্ধান্ত লোৱাৰ সম্ভাৱনা আছে ।

প্ৰেৰক দিব্যজ্যোতি শইকীয়া

You might also like