নিয়মীয়া বাৰ্তা, ২২ অক্টোবৰঃ ৰিব ৰিব মলয়াৰ ছন্দত কঁপি উঠা কঁহুৱাৰ নাচোনত ব্যাকুল হৈ পৰিছে প্রকৃতি৷ চন্দ্রমাৰ স্নিগ্ধ পোহৰত কঁহুৱাৰ ছন্দত নাচি উঠিছে নীলাভ আকাশৰ শুকুলা মেঘ৷ নিয়ৰত সদ্যস্নাতা শেৱালিৰ শুভ্র দলিচাই দিছে শাৰদী ৰাণীৰ আগমনৰ বতৰা৷ শৰৎ মানেই উছৱৰ বতৰ৷ অকাল বোধনেৰে মহিষমর্দিনী দেৱী দুর্গাৰ আৰাধনা৷ ত্রেতা যুগত ভগৱান শ্রীৰামচন্দ্রই লংকাধিপতি ৰাৱণক বধিবলৈ বাসন্তী দেৱী দুর্গাক শাৰদা ৰূপে অকাল বোধন কৰিছিল৷
সেই পৰম্পৰাৰেই অব্যাহত ৰাখি শৰৎ কালত যুগে যুগে পূজা–অর্চনা কৰি আহিছে দেৱী দুর্গাক৷ সমাজৰ অসূয়া–প্রীতি দূৰ কৰি বিশ্বত সংস্কৃতি, সুন্দৰ, শান্তি প্রতিষ্ঠাৰ হকে দুর্গতিনাশিনীৰ ওচৰত প্রার্থনা জনাই আহিছে ভক্তই৷ শাৰদীয় দুর্গাপূজাৰ কাইলৈ মহাষষ্ঠী৷ বিল্ব বৰণেৰে পূজাৰ বেদীত আজি প্রতিষ্ঠা কৰা হ’ব দশভুজাক৷ ঢ়াক–ঢ়োল, দবা–কাঁহৰ পৱিত্র ধ্বনিৰ মাজেৰে আৰম্ভ হ’ব শক্তিৰ প্রতীক মা দুর্গাৰ পূজা–অর্চনা৷ কাত্যায়নীৰ ৰূপত আৰম্ভ হ’ব পূজা৷
পঞ্জিকাৰ গণনা অনুসৰি কাইলৈ পুৱা ৯ বাজি ১২ মিনিট ৫২ ছেকেণ্ডত আৰম্ভ হ’ব দেৱী ষষ্ঠাদিৰ কল্পাৰম্ভ৷ মহাষষ্ঠী উপলক্ষে কাইলৈ সন্ধিয়া আৰম্ভ হ’ব দেৱী দুর্গাৰ আমন্ত্রণাধিবাস৷ মহাষষ্ঠীত দেৱীৰ আৱাহনৰ সৈতে জড়িত হৈ আছে বেলবৰণৰ পৰম্পৰা৷ ৰামকলৰ পুলিৰে পূজাৰ বেদীত প্রাণ দিয়া হ’ব দেৱীক৷ বেলগছৰ যুৰীয়া বেলত পূজা–নৈবেদ্য আগবঢ়াই দেৱীক আৱাহন জনোৱা হ’ব৷ সমগ্র দেশৰ লগতে অসমতো পূজাথলীসমূহ সাজু হৈ উঠিছে ষষ্ঠাদি কল্পাৰম্ভ পর্বৰ বাবে৷
এইবেলি দেৱী দোলাত আগমন ঘটিছে ধৰাৰ বুকুলৈ৷ ইয়াৰ ফলত দেশত মাৰিমৰক তথা অপায়–মংগল বৃদ্ধি পায় বুলি বিশ্বাস চলি আহিছে৷ আনহাতে, হাতীত উঠি ধৰাৰ পৰা গমন কৰিব মা দুর্গাই৷ ইয়াৰ ফলত জলাদি নানা শস্য ফল উৎপন্নদায়ক৷ ষষ্ঠীৰ বেদীত দেৱীৰ প্রাণ প্রতিষ্ঠাৰ লগে লগে ৰাজ্যজুৰি আৰম্ভ হ’ল শাৰদীয় দুর্গোৎসৱৰ আনন্দ–উল্লাস৷ পিছে এইবাৰ মাৰাত্মক ক’ৰোনা ভাইৰাছৰ সংক্রমণৰ বাবে ৰাজ্যত নাই পূজাৰ আনন্দ৷
প্রথমবাৰৰ বাবে ৰাজ্যত ক’ৰোনাকেন্দ্রিক পৰিৱেশৰ বাবে আড়ম্বৰহীনভাৱে অনুষ্ঠিত হ’ব পূজা৷ শাৰদীয় দুর্গোৎসৱৰ সময়ৰ বৃহৎ মণ্ডপ, আকর্ষণীয় আলোকসজ্জাৰে জিলিকি উঠা পূজাথলীসমূহ নিজম হৈ থকা পৰিলক্ষিত হৈছে৷ ইয়াৰ পৰিৱর্তে ৰাজ্য চৰকাৰে বান্ধি দিয়া ক’ভিড প্রট’কলৰ মাজেৰে সম্পূর্ণ বৈদিক পৰম্পৰাৰে মহিষমর্দিনীক পূজা–অর্চনা কৰাৰ প্রস্তুতি চলিছে৷
অধিকসংখ্যক পূজা কমিটীয়ে ঘট পূজা অনুষ্ঠিত কৰি মা দুর্গাৰ নিয়মমাফিক পূজা–র্চনা কৰাৰ সিদ্ধান্ত গ্রহণ কৰিছে৷ অৱশ্যে চৰকাৰে বান্ধি দিয়া নীতি–নির্দেশনাৰ মাজেৰে একাংশ পূজা কমিটীয়ে সাধাৰণ মণ্ডপ নির্মাণ কৰিছে৷ আকর্ষণীয় মূর্তিৰ পৰিৱর্তে সৰু মূর্তি বেদীত স্থাপন কৰি পূজা কমিটীসমূহে আয়োজন কৰিছে পূজাৰ৷ ক’ভিড সংক্রমণৰ প্রতি লক্ষ্য ৰাখি পূজা কমিটীসমূহে বন্ধ ৰাখিছে ভোগ–প্রসাদ বিতৰণ প্রক্রিয়াও৷
সেইদৰে ঐতিহাসিক শক্তিপীঠসমূহত দুর্গাপূজাৰ ক্ষেত্রতো সালসলনি কৰা হৈছে পূজাৰ নীতি–নিয়ম৷ অনাড়ম্বৰপূর্ণভাৱে দেৱী দুর্গাৰ পূজা অব্যাহত ৰাখিছে কামাখ্যা দেৱালয়ত৷ যোৱা ১৮ অক্টোবৰৰ পৰা কুমাৰী পূজা অব্যাহত আছে কামাখ্যাত৷ মহাষষ্ঠীৰ পৰা মহানৱমীলৈ বলি প্রথাৰে পূজা সম্পন্ন কৰা হ’ব৷ মন্দিৰ পৰিচালনা সমিতিৰ তৰফৰ পৰা প্রতিদিনে ম’হ বলি দিয়া হ’ব৷
একেদৰে ঐতিহ্যমণ্ডিত উগ্রতাৰা দেৱালয়ত মন্দিৰ পৰিচালনা সমিতিৰ তৰফৰ পৰা নৱমীৰ দিনা ম’হ বলি দিয়া হ’ব৷ তদুপৰি প্রতিদিনে পঞ্চবলিৰ ব্যৱস্থা কৰা হৈছে উগ্রতাৰাত৷ ক’ৰোনাৰ ভয়াৱহতাৰ প্রতি লক্ষ্য ৰাখি ৰাজ্য চৰকাৰে বান্ধি দিয়া নীতি–নির্দেশনাসমূহ সম্পূর্ণৰূপে পালন কৰিব উগ্রতাৰা দেৱালয়ে৷ ভক্তৰ আগমনৰ ক্ষেত্রতো বান্ধি দিয়া হৈছে সীমাবদ্ধতা৷ ৰাজহুৱা বলি প্রদান দুর্গাপূজাৰ সময়ত সম্পূর্ণৰূপে বন্ধ ৰাখিছে উগ্রতাৰা দেৱালয়ে৷
উল্লেখ্য যে শাৰদীয় দুর্গোৎসৱৰ সময়ত নিজৰ পছন্দৰ সাজ পৰিধান কৰি পূজা উপভোগ কৰাৰ এক অঘোষিত প্রতিযোগিতা চলে৷ যাৰ বাবে অত্যধিক ভিৰ পৰিলক্ষিত হয় ৰাজ্যৰ বজাৰসমূহত৷ ব্যতিক্রম নহয় মহানগৰীৰ বজাৰ–সমাৰ, শ্বপিং ম’লসমূহ৷ কিন্তু এইবাৰ বজাৰ–সমাৰত নাই গ্রাহকৰ ভিৰ৷ ক’ৰোনা মহামাৰীৰ বাবে পূজাৰ উছাহ ম্লান পৰাৰ সময়তে ন–সাজ ক্রয় কৰিবলৈ কাৰো মনত আগ্রহ নাই৷ ক’ৰোনাৰ সংক্রমণৰ বাবে দীর্ঘদিন ব্যৱসায়–বাণিজ্য বন্ধ হৈ পৰাৰ ফলত বহু লোক অর্থনৈতিক লোকচানৰ সন্মুখীন হৈছে৷
সমান্তৰালভাৱে বহু লোকে হেৰুৱাইছে কর্মসংস্থাপন৷ একে সময়তে চাৰিটাকৈ বানে জুৰুলা কৰিছে ৰাজ্যবাসীক৷ এনে এক ম্লান পৰিৱেশৰ মাজত উছাহহীনভাৱেই পৰম্পৰা ৰক্ষা কৰি কাইলৈ অসূয়া–প্রীতি নাশৰ প্রার্থনাৰে ভক্তই মূৰ দোঁৱাব দশভুজাৰ শ্রীচৰণত৷ প্রসংগক্রমে উল্লেখ কৰিব পাৰি যে দুর্গোৎসৱ উদ্যাপনৰ ক্ষেত্রত এছ অ’ পি প্রকাশ কৰিছে ৰাজ্যৰ স্বাস্থ্য বিভাগে৷ সেই অনুসৰি প্রতিখন পূজা কমিটীয়ে ল’ব লাগিব জিলা প্রশাসনৰ অনুমতি৷ পূজা মণ্ডপত মাস্ক পৰিধান আৰু ছেনিটাইজাৰৰ ব্যৱস্থা বাধ্যতামূলক কৰা হৈছে৷
পূজাৰ প্রাকক্ষণত পঞ্চমীৰ দিনা আৰু দশমীৰ পিছদিনা পুৰোহিত আৰু পূজা কমিটীৰ বিষয়ববীয়া আৰু সদস্যসকলক ক’ভিড টেষ্ট কৰিবলৈ নির্দেশ দিয়া হৈছে৷ নিশা ১০ বজাৰ ভিতৰত বন্ধ কৰিব লাগিব পূজা মণ্ডপসমূহ৷ পূজাৰ সময়ছোৱাত কোনো ধৰণৰ সাংস্কৃতিক কার্যসূচীৰ আয়োজন কৰিব নোৱাৰিব৷