অসমসহ উত্তৰ-পূবত পুনৰ ভূমিকম্পৰ জোকাৰণি
নিয়মীয়া বাৰ্তা, ২০ নৱেম্বৰ: অসমসহ উত্তৰ-পূবৰ কেবাখনো ৰাজ্যত পুনৰ আজি এটা মধ্যমীয়া প্ৰাবল্যৰ ভূমিকম্পই জোকাৰি যায়। বৰঝাৰস্থিত আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰৰ তথ্য মতে ভাৰতীয় সময় অনুসৰি বিয়লি ১ বাজি ১২ মিনিট আৰু ১৫ চেকেণ্ডত প্ৰায় ১০ চেকেণ্ডৰ বাবে অনুভূত হোৱা ভূমিকম্পটোৰ ৰিখটাৰ স্কেলত প্রাৱল্যৰ পৰিমাণ আছিল ৪.১ কম্পনাংক।
আনহাতে ভূমিকম্পটোৰ অভিকেন্দ্ৰ আছিল অসমৰ কামৰূপ জিলাৰ উত্তৰ-পূব দিশত ১০ কিঃমিঃ গভীৰতাত । অৱশ্যে বাতৰি লিখাৰ সময়লৈকে ভূমিকম্পৰ ফলত কতো ক্ষয় ক্ষতি হোৱাৰ বাতৰি অহা নাই ।
Earthquake of Magnitude:4.1, Occurred on 20-11-2021, 13:12:15 IST, Lat: 26.07 & Long: 91.36, Depth: 10 Km ,Location: 38km WSW of Guwahati, Assam, India for more information download the BhooKamp App https://t.co/C8bUbOGQRA pic.twitter.com/EVFlVzXPiv
— National Center for Seismology (@NCS_Earthquake) November 20, 2021