নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ৰঙিয়াত পুনৰ চুৰি সৌৰশক্তিৰ লাখ টকীয়া প্লেট; বন্ধ পানী যোগানঃ কৃষকৰ হাহাকাৰ

নিয়মীয়া বাৰ্তা, ২০ নৱেম্বৰ: ৰঙিয়াত পুনৰ জলসিঞ্চন বিভাগৰ সৌৰশক্তিৰ লক্ষাধিক টকাৰ প্লেট চুৰি কৰি নিয়ে চোৰে । এমাহৰ ভিতৰত জলসিঞ্চন বিভাগৰ পানী যোগান আঁচনিৰ ৬ টাকৈ সৌৰশক্তিৰ প্লেট চুৰি কৰি নিয়ে । মাহতলিত যোৱা নিশা দুৰ্বৃত্তই লুটি নিলে জলসিঞ্চন বিভাগৰ পানী যোগান আঁচনিৰ সৌৰ শক্তি উৎপাদন কৰা ৯ খনকৈ প্লেট । ৰঙিয়া জলসিঞ্চন সংমণ্ডলৰ অধীনৰ এই আঁচনিখনৰ কেইবা লক্ষাধিক টকা মূল্যৰ সৌৰশক্তি উৎপাদন কৰা প্লেটসমূহ নিশাটোৰ ভিতৰতে চুৰি হোৱাত বৰ্তমান পানী যোগান বন্ধ হৈ পৰিছে ।

জলসিঞ্চন বিভাগৰ পানী যোগান আঁচনিৰ সৌৰ শক্তি উৎপাদন কৰা প্লেট চুৰি কৰা কাৰ্য্যত কোনো ঠিকাদাৰ জড়িত থাকিব পাৰে বুলি স্থানীয় ৰাইজে সন্দেহ কৰে । সৌৰশক্তি উৎপাদন কৰা পানী যোগান আঁচনিৰ পৰা নিশাৰ অন্ধকাৰত দুৰ্বৃত্তই এফালৰ পৰা প্লেটবোৰ খুলি চুৰি কৰি নিয়ে ।

আৰক্ষীয়ে এনেধৰণৰ ধাৰাবাহিক চুৰি কাৰ্যৰ লগত জড়িত অপৰাধীৰ কোনো সম্ভেদ উলিয়াব নোৱাৰাৰ বাবে এটাৰ পিছত আন এটা সৌৰশক্তিৰ প্লেট চুৰি কাৰ্য সংঘটিত হবলৈ ধৰিছে । আঁচনিখনৰ পৰিচালনা কমিটিৰ লোকসকল ইতিমধ্যে তুলসীবাৰী আৰক্ষী চকীত গোচৰ তৰিছে ।

উল্লেখ্য যে প্ৰায় এবছৰ পূৰ্বে নিৰ্মাণ সম্পূৰ্ণ হোৱা আঁচনিখনৰ পৰা স্থানীয় ৰাইজে কৃষিকৰ্মৰ বাবে পানী লাভ কৰি আছিল । পানী যোগান আঁচনিখনৰ পৰা অঞ্চলটোৰ কৃষি ভূমিত পানী যোগান ধৰা হৈছিল । শালি খেতিৰ অন্তত কৃষক সকলে ৰবি শস্যৰ বাবে প্ৰস্তুতি চলাই আছিল যদিও এতিয়া পানী যোগান বন্ধ হৈ থকা বাবে খেতি কৰাৰ সমস্যাই দেখা দিছে। এইক্ষেত্ৰত শীঘ্ৰে দোষীক কৰায়ত্ব কৰাৰ লগতে পুনৰ পানী যোগানৰ ব্যৱস্থা কৰিবলৈ ৰাইজে দাবী জনাইছে ।

প্ৰেৰকঃ ফাৰুক হুছেইন , ৰঙিয়া 

You might also like