নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

হাৰমতী কনিষ্ঠ মহাবিদ্যালয়ত নৱাগত আদৰণি সভা সম্পন্ন

নিয়মীয়া বাৰ্তা, ২০ নৱেম্বৰ: হাৰমতী কনিষ্ঠ মহাবিদ্যালয়ত আজি দিনজোৰা বৰ্নাঢ্য কাৰ্যসূচীৰে নৱাগত আদৰণি সভাখন অনুষ্ঠিত হয় ৷ ন-পুৰণি ছাত্ৰ-ছাত্ৰীসকলৰ মাজত চিনাকীৰ লগতে নতুন সকলক বিভিন্ন নৃত্য গীতেৰে আদৰণি জনায় ৷

হাৰমতী কনিষ্ঠ মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ প্ৰৱক্তা চন্দ্ৰ ভূঞাৰ সঞ্চালনাত অনুষ্ঠিত মুকলি সভাখনৰ সভাপতিত্ব কৰে অধ্যক্ষ লক্ষ্মী শইকীয়াই ৷ সভাত মুখ্য অতিথি হিচাপে উপস্থিত থাকে নৱ নিৰ্বাচিত লখিমপুৰ জিলা ছাত্ৰ সন্থাৰ সভাপতি সীমান্ত নেওগ ৷ ছাত্ৰনেতা জনে কয় যে আমাৰ ছাত্ৰ-ছাত্ৰীসকল উপযুক্ত শিক্ষাৰে প্ৰথমে শিক্ষিত হ’ব লাগিব ৷ বৰ্তমান অসমৰ জাতীয় জীৱনলৈ বহু সমস্যাই জাতিটোৰলৈ সংকট নামি আহিছে ৷ শিক্ষাৰ সমান্তৰালভাৱে ছাত্ৰ-ছাত্ৰীসকলে জাতীয় সমস্যা সমাধানৰ বাবেও গুৰুত্ব দিব লাগিব ৷ খিলঞ্জীয়া অসমীয়াৰ নিৰাপত্তা আৰু সুৰক্ষা স্বাৰ্থত সকলোৱে একগোট হৈ কাম-কাজ কৰাৰ সময় আহি পৰিছে বুলি উল্লেখ কৰে ৷ এই অনুষ্ঠানত মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলে পৰিৱেশন কৰা সাংস্কৃতিক কাৰ্যসূচীৰ জৰিয়তে পৰিৱেশটো অধিক মনোগ্ৰাহী কৰি তুলে ৷

প্ৰেৰকঃ মুকুল ভূঞা

You might also like