🔹 ৩০সংখ্যক সভা মহোৎসৱৰ লাইখুঁটা স্থাপন-নামঘৰৰ প্ৰতিষ্ঠা দিৱস
নিয়মীয়া বাৰ্তা, ১৫ ডিচেম্বৰ : নাম-কীৰ্তন, শংখ-ঘণ্টা-উৰুলিৰে মুখৰ হ’ল নলবাৰী জিলাৰ আখৰা চ’কৰ পূব নামবৰভাগ সভা মহোৎসৱস্থলী ৷ জিলাখনৰ নৱগঠিত টিহু বিধানসভা সমষ্টিৰ পূব নামবৰভাগ গাঁও পঞ্চায়তৰ অন্তৰ্গত আখৰা চ’কত প্ৰতিবছৰে অনুষ্ঠিত হৈ অহা সভা মহোৎসৱখনিৰ এইবাৰৰ ৩০সংখ্যক সভা মহোৎসৱৰ লাইখুঁটা স্হাপন অনুষ্ঠান আৰু নামঘৰৰ প্ৰতিষ্ঠা দিৱস আজি দিনজোৰা কাৰ্যসূচীৰে সভা মহোৎসৱস্থলীত সম্পন্ন হয় ৷ পুৱা নামঘৰত নাম- প্ৰসংগৰে অনুষ্ঠানৰ শুভাৰম্ভ কৰাৰ পাছত দিনৰ ১০ বজাত শংখ, ঘণ্টা, বৰকাঁহৰ শব্দ, আয়তীৰ উৰুলি আৰু হৰিধ্বনিৰ মাজেৰে বন্তি প্ৰজ্বলন কৰি আগন্তুক সভা মহোৎসৱৰ লাইখুঁটা স্হাপন কৰে সমাজকৰ্মী প্ৰভাত বৰ্মনে৷ লাইখুঁটা স্থাপন কৰি বৰ্মনে ভাষণ আগবঢ়াই আখৰা চ’কৰ পূব নামবৰভাগ সভা মহোৎসৱখনিয়ে বৃহত্তৰ অঞ্চলটোৰ সৰ্বস্তৰৰ মানুহৰ মাজত একতা আৰু সম্প্ৰীতি সুদৃঢ় কৰি আহিছে বুলি উল্লেখ কৰে৷ পূব নামবৰভাগ সভা মহোৎসৱ সমিতিৰ প্ৰাক্তন সম্পাদক তথা শিক্ষক ব্ৰজেন বৰ্মনে আঁত ধৰা লাইখুঁটা স্থাপন অনুষ্ঠানত পূব নামবৰভাগ উন্নয়ন সমিতিৰ সভাপতি দীন বৰ্মন, কাৰ্য্যকৰী সভাপতি অনন্ত বেজবৰুৱা, সম্পাদক প্ৰণৱ কুমাৰ বৰ্মন, পূব নামবৰভাগ সভা মহোৎসৱ উদ্যাপন সমিতিৰ সভাপতি মাণিক বৰ্মন, কাৰ্য্যকৰী সভাপতি ভূপেন দাস, সম্পাদক প্ৰধান অচ্যুত শৰ্মা, কৈঠালকুছি সাংবাদিক সন্থাৰ সম্পাদক শৈলেন বৰ্মন, অৱসৰপ্ৰাপ্ত শিক্ষক গোবিন্দ বৰ্মন, পূব বকুৱাজাৰী গাঁও উন্নয়ন সমিতিৰ সভাপতি হৰমোহন বৰ্মন, শিক্ষক দিপুল চন্দ্ৰ বৈশ্যকে ধৰি সভা মহোৎসৱ সমিতিৰ বিষয়ববীয়াসকলৰ লগতে পূব নামবৰভাগ অঞ্চলৰ বিভিন্ন গাঁৱৰ ৰাইজ, বিভিন্ন অনুষ্ঠানৰ মুৰব্বী, বিশিষ্ট ব্যক্তি উপস্থিত থাকে৷ অনুষ্ঠানৰ শেষত সভা মহোৎসৱ উদযাপন সমিতিৰ সম্পাদকপ্ৰধান অচ্যুত শৰ্মাই উপস্থিত সকলোকে শলাগৰ শৰাই আগবঢ়াই ২০২৫ বৰ্ষৰ ১৯ জানুৱাৰীৰ পৰা ২৩ জানুৱাৰীলৈ পাঁচদিনীয়া বৰ্ণিল কাৰ্যক্ৰমণিকাৰে উদ্যাপন হ’ব লগা ৩০সংখ্যক পূব নামবৰভাগ সভা মহোৎসৱৰ কাৰ্যসূচী চলাই নিয়াত সকলো স্তৰৰ ৰাইজৰ সহায়- সহযোগিতা কামনা কৰে ৷
প্ৰেৰক শৈলেন বৰ্মন