নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

সম্পাদকীয় : পোহৰ প্রদূষণ

পোহৰৰ উৎসৱ দীপাৱলী উদযাপনৰ পিছতে বায়ু প্রদূষণৰ ভয়াৱহতা চর্চাৰ মাজলৈ আহিছে৷ দেশৰ ৰাজধানী দিল্লীত দীপাৱলীৰ পিছত বায়ু প্রদূষণে অতি ভয়াৱহ ৰূপ ধাৰণ কৰিছে৷ উচ্চতম ন্যায়ালয়ে বায়ু প্রদূষণ ৰোধৰ বাবে আতচবাজীৰ বিক্রী আৰু ব্যৱহাৰত নিষেধাজ্ঞা জাৰি কৰিলেও দীপাৱলীত এই আতচবাজীৰ ব্যৱহাৰ বন্ধ নহ’ল৷ পৰিণতিত বায়ু প্রদূষণে দিল্লীৰ লগতে দেশৰ বিভিন্ন চহৰত ভয়াৱহ ৰূপ লৈছে৷ বায়ু মান সূচক দেশৰ প্রতিখন চহৰতে বৃদ্ধি পাইছে৷ বায়ু প্রদূষণৰ লগতে দীপাৱলীত শব্দ প্রদূষণৰো প্রসংগ উচ্চাৰিত হয়৷ কিন্তু আমি এই কথা পাহৰি যাওঁ যে অতিমাত্রা আলোকসজ্জাৰ খেলে পোহৰ প্রদূষণৰ সৃষ্টি কৰে৷ এই পোহৰ প্রদূষণ মানৱ স্বাস্থ্যৰ লগতে পাৰিপার্শ্বিকতাৰ বাবেও বিপজ্জনক৷ সাধাৰণ দৃষ্টিত পোহৰ প্রদূষণ গণ্য কৰা হয় যদিও এই প্রদূষণে বিশ্বৰ বিভিন্ন ক্ষেত্রত বিশেষকৈ পৃথিৱীৰ পাৰিপার্শ্বিকতাৰ ওপৰত প্রভাৱ পেলোৱাত ইয়াৰ ভাৰসাম্যত আঘাত কৰিছে৷ পৰিণতিত জৈৱ বৈচিত্র্যৰ ওপৰত নেতিবাচক প্রভাৱ দেখিবলৈ পোৱা গৈছে৷ পৃথিৱীৰ পৰিস্থিতি তন্ত্রৰ লগতে জীৱকুলৰ প্রতি ভাবুকি কঢ়িয়াই আছে৷ এই প্রদূষণ হৈছে আলোক প্রদূষণ তথা পোহৰ প্রদূষণ৷ বহিঃভাগত নিশা ব্যৱহাৰ কৰা অত্যধিক কৃত্রিম পোহৰ, কৃত্রিম পোহৰৰ অপব্যৱহাৰ, ভুল দিশত পৰিচালিত তথা অধিক কৃত্রিম পোহৰৰ ফলত সৃষ্টি হোৱা প্রদূষণ৷ এই আলোক প্রদূষণে বায়ুমণ্ডলত কার্বন–ডাই–অক্সাইড বৃদ্ধিত অৰিহণা যোগায়৷ আলোক প্রদূষণৰ ফলত পৃথিৱীৰ পৰিস্থিতি তন্ত্রৰ প্রতি ভাবুকি কঢ়িয়াই অনাৰ লগতে মানৱীয় স্বাস্থ্যৰ প্রতিও সংকট নমাই অনাটো নিশ্চিত হৈছে৷ এই প্রদূষণে দিন আৰু ৰাতিৰ মাজৰ চক্রটোৰ ওপৰত নেতিবাচক প্রভাৱ পেলায়৷ ৰাতিৰ আকাশৰ সৌন্দর্য ম্লান কৰাই নহয়, আকাশৰ তৰা, নক্ষত্র দেখাৰ ক্ষেত্রতো বাধাৰ সৃষ্টি কৰে৷ পৃথিৱীৰ পৰিস্থিতি তন্ত্রৰ ওপৰত নেতিবাচক প্রভাৱ পেলায়৷ বন্য জীৱ–জন্তু, উদ্ভিদ জগতৰ প্রচণ্ড ক্ষতিসাধন কৰে৷ কোটি কোটি বছৰ ধৰি দিন–ৰাতিৰ ছন্দৰ ওপৰত পৃথিৱীৰ জীৱ–উদ্ভিদকুল বর্তি আহিছে৷ পৃথিৱীৰ দিন–ৰাতিৰ চক্রতেই নির্ভৰ কৰে গছ–গছনি আৰু জীৱ–জন্তুৰ জীৱন পৰিক্রমা৷ দিন–ৰাতিৰ আধাৰতেই জীৱ–জন্তুকেই ধৰি উদ্ভিদ জগতৰ প্রজনন, পুষ্টি, নিদ্রা আৰু অন্য জন্তুৰ পৰা সুৰক্ষাৰ আচৰণ নির্ধাৰিত হৈ আছে৷ এনে পৰিপ্রেক্ষিতত কৃত্রিম পোহৰৰ দ্বাৰা আলোক প্রদূষণ সৃষ্টি হোৱাত পৃথিৱীৰ পৰিস্থিতি তন্ত্রৰ ওপৰত নেতিবাচক প্রভাৱ পৰিছে৷ পৰিস্থিতি তন্ত্রৰ নেতিবাচক প্রভাৱ পৰাৰ ফলত পৃথিৱীৰ জীৱকুলৰ স্তন্যপায়ী উভচৰ পক্ষী, কীট–পতংগৰ লগতে গছ–গছনিৰ স্থিতিত ব্যাঘাত জন্মিছে৷ সাধাৰণতে কৃত্রিম পোহৰৰ জৰিয়তে সৃষ্টি হোৱা আলোক প্রদূষণে পৃথিৱীৰ পৰিৱেশ তন্ত্রত ব্যাঘাত জন্মোৱাত দিনত নিদ্রাত থকা প্রাণীসমূহ ৰাতি সক্রিয় হৈ পৰাত ব্যাঘাত জন্মিছে৷ কিয়নো আলোক প্রদূষণৰ ফলত ৰাতিৰ আকাশ পূর্বতকৈ অধিক উজ্জ্বল হৈ পৰিছে৷ এনে ঘটনাও পোহৰলৈ আহিছে যে আলোক প্রদূষণৰ ফলত মানুহৰ আচৰণ সলনি হোৱাৰ লগতে জীৱ–জন্তুৰ আচৰণো সলনি হ’বলৈ আগবাঢ়িছে৷ কৃত্রিম পোহৰে আর্দ্রভূমিৰ বসতিস্থলত প্রভাৱ পেলোৱাত উভচৰ প্রাণী ভেকুলীকে ধৰি বিভিন্ন প্রজাতিৰ প্রজননৰ ক্ষেত্রত ব্যাঘাত জন্মিছে৷

দিন আৰু ৰাতিৰ চক্রৰ সৈতে নিজৰ বংশবৃদ্ধিৰ পৰম্পৰা আগবঢ়াই নি থকা অনেক প্রজাতিৰ জীৱ–জন্তুৰ প্রজননৰ ক্ষেত্রত নেতিবাচক প্রভাৱ পৰিছে৷ ঋতুভেদে বসতিস্থল সলনি কৰি ইটো অঞ্চলৰ পৰা সিটো অঞ্চললৈ যোৱা প্রব্রজনকাৰী চৰাইৰ চক্রত ব্যাঘাত জন্মিছে৷ গৱেষকৰ তথ্য মতে অত্যাধুনিক এল ই ডি বাল্বৰ ব্যৱহাৰে আলোক প্রদূষণৰ মাত্রা বৃদ্ধি কৰিছে৷ নিশাৰ আকাশখন কৃত্রিম পোহৰেৰে উজ্জ্বল কৰি তোলাৰ পৰিপ্রেক্ষিতত নিশাৰ ভাগত প্রজননকে ধৰি চালচলন কৰা বিভিন্ন প্রজাতিৰ জীৱ–জন্তুৰ জীৱনলৈ শংকা নামি অহাই নহয়, ইতিমধ্যে অনেক প্রজাতিৰ জীৱৰ হানি ঘটিছে৷ কৃষি অঞ্চলত থকা কীট–পতংগৰ আলোক প্রদূষণৰ ফলত ক্ষতিসাধন হৈছে৷ মন কৰিবলগীয়া যে আলোক প্রদূষণৰ ফলত মানৱ শৰীৰত বিৰূপ প্রভাৱ পৰিছে৷ পোহৰ আৰু আন্ধাৰত নিয়ন্ত্রিত হোৱা কিম্বা উৎপাদিত হোৱা শৰীৰৰ কিছু চক্রৰ ক্ষেত্রত ব্যাঘাত জন্মিছে৷ মানুহে শোৱাৰ সময়ত পোহৰৰ সৈতে সম্পর্কিত হোৱাত মেলাটোনিনৰ উৎপাদন হ্রাস পাইছে৷ পৰিণতিত নিদ্রাৰ বিসংগতি কিম্বা নিদ্রাৰ বিকাৰ আৰম্ভ হৈ পিছলৈ শৰীৰত বিভিন্ন ৰোগে দেখা দিয়াৰ সম্ভাৱনা প্রকট হৈ পৰে৷ টোপনি হ্রাস পালে মানুহৰ মূৰৰ বিষ বৃদ্ধি পোৱা, কার্যক্ষমতা হ্রাস পোৱা, অলপতে ভাগৰ লগা আদি অনেক ৰোগে আমনি কৰে৷ আনকি আলোক প্রদূষণৰ ফলত নিদ্রাহীনতাই মানুহৰ দেহলৈ কর্কটৰোগৰ আগমনো ঘটাব পাৰে৷ দিন আৰু ৰাতিৰ পৰিক্রমাৰ আধাৰত জীৱন চক্র পৰিচালিত জীৱ–জন্তুৰ ওপৰত আলোক প্রদূষণে মাত্রাধিক প্রভাৱ পেলায়৷ অত্যধিক কৃত্রিম পোহৰৰ ফলশ্রুতিত সম্প্রতি নিশাৰ আকাশখন প্রতিবছৰে ৯.৬ শতাংশ উজ্জ্বলতৰ হৈ গৈ আছে৷ ৮ বছৰ পূর্বৰ নিশাৰ আকাশখনৰ উজ্জ্বলতা এতিয়া দুগুণ বৃদ্ধি হৈছে৷ তথ্য মতে বিশ্বৰ মূল জৈৱ বৈচিত্র্য অঞ্চলৰ দুই তৃতীয়াংশ আলোক প্রদূষণৰ দ্বাৰা প্রভাৱান্বিত হৈছে৷ অর্থাৎ এই দুই তৃতীয়াংশ অঞ্চলত আলোক প্রদূষণে নেতিবাচক প্রভাৱ পেলাই জৈৱ বৈচিত্র্যত আঘাত হানিছে৷ পৃথিৱীৰ পৰিস্থিতি তন্ত্রৰ ওপৰত ব্যাঘাত জন্মোৱা আলোক প্রদূষণ হ্রাস কৰিবলৈ হ’লে কিম্বা নিয়ন্ত্রণ কৰিবলৈ হ’লে প্রতিজন নাগৰিকে অনাহকত মাত্রাধিক কৃত্রিম পোহৰৰ উজ্জ্বলতা পৰিহাৰ কৰিব লাগিব৷

You might also like