নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আজিৰ দিনটোৰ ৰাশিফল

আজি ১৬ নৱেম্বৰ, কাতি মাহৰ ২৯ তাৰিখ
বৃহস্পতিবাৰঃ তিথি–শুক্লা তৃতীয়, নক্ষত্রঃ মূলা, যাত্রাঃ শুভ

মেষঃ ঘৰুৱা উন্নতিৰ চেষ্টাত বাধা কম৷ সৰু–সুৰা বিৰোধী কথাত বেছি মন নিদিলে কর্মক্ষেত্রতো শুভ ফল৷ দাম্পত্যত শুভ৷ শুভ ৰং ক্রীম, শুভ সংখ্যা ২৷

বৃষঃ আর্থিক উন্নতিৰ ক্ষেত্রত যিকোনো চেষ্টাত কিবা নহয় কিবা বাধা অনুভৱ কৰিব৷ বিদ্যাত মধ্যম৷ শৰীৰৰ দুর্বলতা৷ শুভ ৰং বগা, শুভ সংখ্যা ৪৷

মিথুনঃ কর্তব্যত আপোনাৰ যোগ্যতা থাকিব৷ কোনোৱে বাস্তৱ ক্ষেত্রত খোজ পেলাই উপকৃত হ’ব৷ বন্ধুৰ সহায়৷ আর্থিকপ্রাপ্তিৰ আশা৷ শুভ ৰং কমলা, শুভ সংখ্যা ৩৷

কর্কটঃ পূর্বদিনৰ তুলনাত আজি বহুলাংশে যোগাযোগাদিত উন্নত৷ শৰীৰো ভালে যোৱাৰ কাৰক৷ শুভ ৰং পাতল নীলা, শুভ সংখ্যা ৫৷

সিংহঃ কোনো আকস্মিক বাধা বা ক্লেশে লগ ধৰিব পাৰে৷ বাকী দিশত মজলীয়া ফল৷ দাম্পত্যত নতুন চিন্তা অৱশ্যে থাকিব৷ শুভ ৰং হালধীয়া, শুভ সংখ্যা ৮৷

কন্যাঃ কর্মক্ষেত্রত আপোনাৰ ভাবমূর্তি প্রায় ঠিক থাকিব যদিও কোনো কাৰণে চিন্তাৰ কাৰণ হ’ব৷ বিদ্যাত বেয়া নহ’ব৷ ভ্রমণাদিত মধ্যম৷ শুভ ৰং গেৰুৱা, শুভ সংখ্যা ৭৷

তুলাঃ কোনোৱে প্রৱঞ্চকৰ কবলত পৰাৰ কাৰক৷ সাৱধান হ’লে ভয় কম৷ বিদ্যাত যত্নৰ ফল লাভ৷ শৰীৰৰ সাধাৰণ আহুকাল৷ শুভ ৰং ক’লা, শুভ সংখ্যা ৫৷

বৃশ্চিকঃ ক্রমে দিনটো বাঢ়ি অহাৰ লগে লগে মনটো গধুৰ হ’ব পাৰে৷ হ’বলগীয়া কামত অনগ্রসৰ হোৱাৰ যোগ৷ মুঠতে কিছু অসুবিধাৰ কাৰক৷ শুভ ৰং নীলা, শুভ সংখ্যা ১১৷

ধনুঃ উন্নত দিনৰ অনুমান৷ যোগাযোগ খুব বেয়া নহ’ব৷ ভবা কথাৰ লগত সাদৃশ্য কম যদিও প্রতিকূলো নহ’ব৷ শিক্ষক–বুদ্ধিজীৱীৰ সুখ৷ শুভ ৰং ক্রীম, শুভ সংখ্যা ৯৷

মকৰঃ ভঙা–পতা কৰি ভাল পাব৷ ভ্রমণত সষ্টম হওক৷ কিন্তু কোনোৰ প্রিয় বন্ধু–বান্ধৱীৰ সংগত সুখ লাভ৷ যিসকল যোগ্যৱান তেওঁলোকৰ সুনাম৷ শুভ ৰং বগা, শুভ সংখ্যা ৮৷

কুম্ভঃ ৰুক্ষ চিন্তা৷ অত্যধিক খৰচ হ’লেও আয়ত্ত থাকিব৷ পঢ়া–শুনাত মনোযোগ লাগিব৷ পদমর্যাদা লাভ৷ শুভ ৰং হালধীয়া, শুভ সংখ্যা ২৷

মীনঃ আর্থিক যোগাযোগত কিছুদিন উপকৃত তথা খৰচ৷ মতান্তৰ হ’ব লগা কথাত মন নিদিব৷ ভ্রমণত সাৱধান৷ নতুন সম্পদ ক্রয়৷ শুভ ৰং ক’লা, শুভ সংখ্যা ১৷

You might also like