নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ইডেনত আজি অষ্ট্ৰেলিয়া-দক্ষিণ আফ্রিকাৰ মাজত দ্বিতীয় ছেমি

বিশেষ বাৰ্তা, ১৫ নৱেম্বৰঃ বিশ্বকাপত ব্যর্থতাৰ ধাৰা ভংগৰ লক্ষ্য লৈছে দক্ষিণ আফ্রিকাই৷ ভাৰতত চলি থকা আই চি চি এদিনীয়া বিশ্বকাপৰ আজি কলকাতাৰ ইডেন গার্ডেনত অনুষ্ঠিত হ’ব দ্বিতীয়খন ছেমিফাইনেল৷ এই মেচখনত প্রটিয়াজ বাহিনীৰ প্রতিদ্বন্দ্বী হ’ল পাঁচ বাৰৰ বিশ্ব চেম্পিয়ন অষ্ট্রেলিয়া৷ চলিত বিশ্বকাপত প্রথমৰ পৰাই দুর্দান্ত প্রদর্শন দাঙি ধৰা দক্ষিণ আফ্রিকাই এইবাৰ ফাইনেলত প্রৱেশ কৰি পূর্বৰ ব্যর্থতা ভংগ কৰি এক নতুন অভিলেখ গঢ়াৰ লক্ষ্য লৈছে৷ প্রটিয়াজ বাহিনীয়ে অন্তিমবাৰৰ বাবে ১৯৯৯ চনৰ বিশ্বকাপৰ ছেমিফাইনেলত প্রৱেশ কৰিছিল৷ উক্ত মেচখনত দক্ষিণ আফ্রিকাৰ প্রতিপক্ষ আছিল অষ্ট্রেলিয়া৷ মেচখনত জয়ৰ বাবে অন্তিম চাৰিটা বলত দক্ষিণ আফ্রিকাক এক ৰানৰ প্রয়োজন আছিল যদিও মেচখন নাটকীয়ভাৱে ড্র হৈছিল আৰু ছুপাৰ ছিক্স পর্যায়ত উচ্চস্থানত থকাৰ বাবে অষ্ট্রেলিয়াই ফাইনেললৈ অগ্রসৰ হৈছিল৷ আনহাতে, ২০০৩ৰ বিশ্বকাপতো ভাগ্যই লগ নিদিয়া দক্ষিণ আফ্রিকাই ২০১১ চনৰ বিশ্বকাপৰ কোৱার্টাৰত হতাশজনক প্রদর্শন দাঙি ধৰিছিল৷ ২০১৫ চনৰ বিশ্বকাপৰ ছেমিত দক্ষিণ আফ্রিকাই নিউজিলেণ্ডৰ হাতত পৰাস্ত হৈছিল৷ কিন্তু এইবাৰ এক নতুন ইতিহাস ৰচনা কৰাৰ লক্ষ্যৰে কাইলৈ ছেমিত নামিব দক্ষিণ আফ্রিকাই৷ পূর্বৰ সকলো ব্যর্থতা পাহৰি এইবাৰ এক নতুন উদ্যমেৰে অষ্ট্রেলিয়াৰে মুখামুখি হ’বলৈ সম্পূর্ণৰূপে সাজু হৈছে৷ বর্তমান বেটিং আৰু বলিং উভয়তে প্রটিয়াজ বাহিনীয়ে চমকপ্রদ প্রদর্শন দাঙি ধৰিছে৷ যদি কাইলৈও এই ধাৰা অব্যাহত ৰাখিব পাৰে, তেতিয়াহ’লে এইবাৰ দক্ষিণ আফ্রিকাক ফাইনেলত প্রৱেশ কৰাত কোনেও বাধা দিব নোৱাৰে৷ কুইণ্টন ডি ক’ক, হেনড্রিকছ, ক্লাছেন, মার্কৰাম আৰু মিলাৰে দুর্দান্ত বেটিং দাঙি ধৰিছে৷ অৱশ্যে কেংগাৰু বাহিনীয়ে প্রটিয়াজ বাহিনীৰ সকলো ধৰণৰ ৰণনীতি প্রতিহত কৰাৰ বাবে সাজু হৈছে৷ কোৱার্টাৰত আফগানিস্তানৰ বিপক্ষে বিধ্বংসী ইনিংছ খেলা মেক্সৱেল বর্তমান সম্পূর্ণ সুস্থ আৰু কাইলৈৰ মেচখনত অংশ ল’ব বুলি সদৰী কৰিছে অধিনায়ক কামিনছে৷ উল্লেখ্য আজি বিজয়ী দলে ১৯ নৱেম্বৰত আহমেদাবাদত ভাৰতৰে ফাইনেল মেচত অৱতীৰ্ণ হব।
খেলৰ সময়ঃ দিনৰ ২ বজা৷

#বাৰ্তা ডেস্ক

You might also like