নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

একালৰ বন্ধু প্ৰয়াত আনন্দ কুমাৰ চেতিয়াৰ বাসগৃহত শিক্ষামন্ত্ৰী ডা: ৰণোজ পেগু

বিশেষ বাৰ্তা, ৭ আগষ্ট : আজি সদৌ অসম মটক যুৱ-ছাত্ৰ সন্মিলনৰ প্ৰাক্তন সভাপতি প্ৰয়াত আনন্দ কুমাৰ চেতিয়াৰ বাসগৃহত অসম চৰকাৰৰ শিক্ষা, ভৈয়াম জনজাতি আৰু পিছপৰা শ্ৰেণী কল্যাণ মন্ত্ৰী ডাঃ ৰণোজ পেগুৱে উপস্থিত হৈ শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ সমবেদনা জ্ঞাপন কৰে। তেওঁৰ সৈতে উপস্থিত থাকে সদৌ অসম মটক সন্মিলনৰ সভাপতি চান্দ কুমাৰ গোহাঁই, সাধাৰণ সম্পাদক কিৰণ ৰাজখোৱা, সদৌ অসম মটক যুৱ-ছাত্র সন্মিলনৰ সাধাৰণ সম্পাদক স্বৰূপ গোহাঁই, সদৌ অসম মটক মহিলা পৰিষদৰ সাধাৰণ সম্পাদিকা পূৰবী খনিকৰ, চাবুৱা বিধানসভা সমষ্টিৰ বিধায়ক পোনাকণ বৰুৱা, মটক স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী পাৰিষদ ডেভিড চেতিয়া, অধ্যক্ষ সৰোজ গোহাঁই, অসম যুৱ আয়োগৰ উপাধ্যক্ষ অৰুণজ্যোতি মৰাণকে প্ৰমুখ্য কৰি বিভিন্ন ব্যক্তি আৰু স্থানীয় ৰাইজ ৷ মন্ত্ৰীগৰাকীয়ে তেওঁৰ একালৰ বন্ধুৰ অকাল বিয়োগত শোক প্ৰকাশ কৰি স্মৃতি বিজড়িত কিছু মনৰ কথা ৰাইজৰ সন্মুখত ব্যক্ত কৰে। আজি প্ৰয়াত আনন্দ কুমাৰ চেতিয়াৰ বাসগৃহত অনুষ্ঠিত হোৱা এখন সভাত সৰ্বসন্মতিক্ৰমে দুটা বিশেষ প্ৰস্তাৱ গ্ৰহণ কৰা হয়। প্ৰথম প্ৰস্তাৱ অনুসৰি প্ৰয়াত আনন্দ কুমাৰ চেতিয়াৰ সহধৰ্মিণী ইৰিণা শইকীয়া চেতিয়াক মটক স্বায়ত্তশাসিত পৰিষদত অন্তৰ্ভুক্তিকৰণ কৰা আৰু দ্বিতীয় প্ৰস্তাৱ অনুসৰি পানীতোলা-বৰডুবি সংযোগী লোকনিৰ্মাণ বিভাগৰ পথটো প্ৰয়াত আনন্দ কুমাৰ চেতিয়াৰ নামেৰে নামকৰণ কৰাৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰা হয়।

প্ৰেৰক বিবেক বড়া

You might also like