নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নগাঁৱত শিক্ষাবিদ আব্দুল মান্নান ফাৰুকীৰ দেহাৱসান

বিশেষ বাৰ্তা, ১৩ জানুৱাৰী : নগাঁৱৰ বিশিষ্ট সমাজকৰ্মী, শিক্ষাবিদ তথা নগাঁও মহাবিদ্যালয়ৰ ৰাজনীতি বিভাগৰ প্ৰাক্তন মুৰব্বী অধ্যাপক আব্দুল মান্নান ফাৰুকীৰ দেহাৱসান হয় ৷ বিগত কিছুদিন ধৰি শাৰীৰিক অসুস্থতাৰ বাবে নগাঁৱৰ এখন নাৰ্ছিং হোমত ভৰ্তি হৈ থকাৰ পাছত শনিবাৰে পুৱা শেষ নিশ্বাস ত্যাগ কৰে প্ৰাক্তন অধ্যাপকগৰাকীয়ে ৷ ১৯৪৭ চনত জন্মগ্ৰহণ কৰা ফাৰুকী নগাঁৱৰ সমাজ জীৱনৰ লগত ওতপ্ৰোতভাৱে জড়িত আছিল। সৰবৰহী ব্যক্তিগৰাকীৰ মৃত্যুত শোকৰ ছাঁ পৰিছে নগাঁৱত ৷ শনিবাৰে নগাঁও টাউন কবৰস্থানত সমূহীয়া জনাজা সম্পন্ন হয় আব্দুল মান্নান ফাৰুকীৰ ৷

প্ৰেৰক কনক হাজৰিকা

You might also like