নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বিহুৰ জলপান খোৱাৰ অচিলাৰে ইউডিএফ–বাঁওপন্থীৰে কংগ্রেছৰ বৈঠক

নিয়মীয়া বাৰ্তা, ১৭ জানুৱাৰী: সমাগত বিধানসভা নির্বাচনত বিজেপি মিত্রজোঁটক প্রতিহত কৰিবলৈ পুনৰ আৰম্ভ হৈছে কংগ্রেছৰ নেতৃত্বত মহাজোঁট গঠনৰ তৎপৰতা৷ বিৰোধী দলপতি দেৱব্রত শইকীয়াৰ উদ্যোগত এইবাৰ আৰম্ভ হৈছে এই কুচকাৱাজ৷ ভোগালীৰ জলপান খোৱাৰ ছলেৰে শনিবাৰে বিয়লি গুৱাহাটী মহানগৰীৰ তৰুণ নগৰস্থিত হোটেল ‘ছিগনেট ইন’ত কংগ্রেছ, এআইইউডিএফ, সাংসদ অজিত কুমাৰ ভূঞা নেতৃত্বাধীন আঞ্চলিক গণ মর্চা, চিপিআই, চিপিআই (এম), চিপিআই (এম এল), এলডিপিৰ নেতৃবৃন্দ এখন বৈঠকত মিলিত হয়৷

মন কৰিবলগীয়া যে যোৱা বছৰৰ জুন–জুলাই মাহৰ পৰাই কংগ্রেছে বিৰোধী দলসমূহৰ প্রতি মহাজোঁট গঠনৰ প্রস্তাৱ আগবঢ়াইছিল৷ সেই প্রস্তাৱৰ প্রতি সঁহাৰি জনাই যোৱা আগষ্ট–ছেপ্ঢেম্বৰ মাহত এআইইউডিএফ–বাঁওপন্থী দলবোৰে কংগ্রেছৰ সৈতে প্রাৰম্ভিক আলোচনাত মিলিত হয় যদিও নৱগঠিত অসম জাতীয় পৰিষদ, ৰাইজৰ দল আদিয়ে কংগ্রেছৰ সেই আহ্বান প্রত্যাখ্যান কৰে৷ তেনেদৰে প্রথম খোজতে উজুটি খোৱাত যোৱা তিনি–চাৰি মাহ ধৰি মহাজোঁটৰ বিষয়টো তল পৰে৷ নিখিল ভাৰত কংগ্রেছ কমিটীৰ সাধাৰণ সম্পাদক তথা অসম প্রদেশ কংগ্রেছ কমিটীৰ তত্ত্বাৱধায়ক জিতেন্দ্র সিঙে শেহতীয়া অসম ভ্রমণৰ সময়ত যোৱা ১২ জানুৱাৰীত মহাজোঁট গঠনৰ প্রসংগ উত্থাপন কৰে৷ ইয়াৰ পিছতেই শনিবাৰে বিৰোধী দলপতি দেৱব্রত শইকীয়াই ভোগালীৰ জলপান একেলগে খোৱাৰ ছলেৰে বিৰোধী দলৰ নেতৃবৃন্দক আমন্ত্রণ জনায়৷ সেই অনুসৰি, হোটেল ‘ছিগনেট ইন’ত প্রদেশ কংগ্রেছৰ সভাপতি ৰিপুণ বৰা, বিৰোধী দলপতি দেৱব্রত শইকীয়া, সাংসদ গৌৰৱ গগৈ, আব্দুল খালেক, প্রাক্তন মন্ত্রী শৰৎ বৰকটকী, বিধায়ক শ্বেৰমান আলী আহমেদ, প্রাক্তন সাংসদ দ্বিজেন শর্মা, প্রদেশ কংগ্রেছৰ সাধাৰণ সম্পাদক পংকজ বৰবৰা, এআইইউডিএফৰ সাধাৰণ সম্পাদক (সংগঠন) আমিনুল ইছলাম, উপ–সভাপতি আৱাল মজিদ, ছাত্র মর্চাৰ সভাপতি নাচিম আহমেদ, আঞ্চলিক গণ মর্চাৰ অজিত কুমাৰ ভূঞা, অধিবক্তা শান্তনু বৰঠাকুৰ, চিপিআইৰ মুনীন মহন্ত, চিপিআই (এম)ৰ উদ্ধৱ বর্মন, অচিন্ত ভট্টাচার্য, চিপিআই (এমএল)ৰ পংকজ দাস, এলডিপিৰ গুণ গগৈ উপস্থিত হৈ ভোগালীৰ জলপান গ্রহণৰ লগতে অন্তৰংগ আলাপত মিলিত হয়৷ বৈঠকৰ অন্তত প্রদেশ কংগ্রেছৰ সভাপতি ৰিপুণ বৰাই মহাজোঁট গঠনক লৈ যথেষ্ট আশাবাদী বুলি ব্যক্ত কৰি কয় যে যোৱা জুন–জুলাই মাহৰে পৰাই কংগ্রেছে মহাজোঁট গঠনৰ বাবে পদক্ষেপ গ্রহণ কৰি আহিছে৷ কংগ্রেছে আজিও ধনাত্মক চিন্তাধাৰাৰে সেই উদ্দেশ্যে কাম কৰি আহিছে৷ যিকোনো মুহূর্ততে ভাল খবৰ আহিব পাৰে বুলি তেওঁ আশা ব্যক্ত কৰে৷

সেইদৰে বিৰোধী দলপতি দেৱব্রত শইকীয়াই কয়– বিজেপিক পৰাভূত কৰিবলৈ আগন্তুক সময়ত যুটীয়া প্রচেষ্টা যাতে ল’ব পাৰোঁ, সেই ইচ্ছা আমাৰ এতিয়াও আছে৷ ইপিনে, এআইইউডিএফৰ সাধাৰণ সম্পাদক (সংগঠন) আমিনুল ইছলামে কয় যে মহাজোঁট গঠনৰ বিষয়টো চূড়ান্ত পর্যায় পাবলৈ কিছু আলোচনা এতিয়াও বাকী আছে যদিও ভাল ফল আহিব বুলি আশা কৰিছোঁ৷ বিজেপিৰ অসমবিৰোধী স্থিতিৰ বিৰুদ্ধে যুঁজিবলৈ এইবাৰ বিৰোধী একগোট হ’ব বুলি আমি আশাবাদী৷ আজিৰ বৈঠকে আমাক আৰু কাষ চপাই নিব৷ সেইদৰে আঞ্চলিক গণ মর্চাৰ মুখ্য আহ্বায়ক সাংসদ অজিত কুমাৰ ভূঞাই কয় যে সকলো বিৰোধীয়ে মিলি সঠিক দিশত নেতৃত্ব দিব নোৱাৰিলে আসন্ন বিধানসভা নির্বাচনত বিজেপিক পৰাস্ত কৰিব নোৱাৰিব৷ নৱগঠিত আঞ্চলিক দলসমূহকো বাস্তৱমুখী হ’বলৈ আহ্বান জনাই সাংসদ ভূঞাই কয় যে তেওঁলোকে অকল বিজেপিৰ বিৰোধিতা কৰিলেই নহ’ব, নির্বাচনী বুজাবুজিলৈ আহিব লাগিব৷ সকলো বিৰোধী একগোট হ’ব লাগিব৷

আনহাতে, এই বৈঠকতে চিপিআই (এম)ৰ উদ্ধৱ বর্মনে মহাজোঁট গঠনৰ ক্ষেত্রত কংগ্রেছক অতি তৎপৰতাৰে প্রক্রিয়া আৰম্ভ কৰিবলৈ আহ্বান জনায়৷ ইফালে, আসন্ন নির্বাচনৰ প্রতি লক্ষ্য ৰাখি নিখিল ভাৰত কংগ্রেছ কমিটীয়ে জ্যেষ্ঠ পর্যবেক্ষক হিচাপে নিযুক্তি দিয়া কংগ্রেছ নেতা ভূপেশ ৱাঘেল, মুকুল ৱাছনিক আৰু ছাদিক আহমেদ খানে অহা ১৮ জানুৱাৰীত গুৱাহাটীত উপস্থিত হৈ দলৰ সাংগঠনিক স্থিতি সন্দর্ভত পর্যালোচনা কৰিব৷

You might also like