নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আজি পৱিত্র ঈদ–উজ–জোহা

নিয়মীয়া বাৰ্তা, ১ আগষ্টঃ  সমগ্র দেশৰ লগতে আজি ৰাজ্যজুৰি ইছলাম ধর্মাৱলম্বী লোকসকলে উদ্যাপন কৰিব পৱিত্র ঈদ–উজ–জোহা৷ অৱশ্যে ক’ৰোনা ভাইৰাছৰ সংক্রমণৰ বাবে সৃষ্টি হোৱা পৰিস্থিতিৰ বাবে এই ধর্মীয় উৎসৱ উপলক্ষে সমূহীয়া নামাজত অংশগ্রহণ কৰিব নোৱাৰিব ইছলাম ধর্মাৱলম্বী লোকসকলে৷ সাম্প্রতিক সময়ত কেন্দ্রীয় চৰকাৰে কেতবোৰ শিথিলতা প্রদান কৰিলেও ধর্মীয় সমাৱেশত এতিয়াও নিষেধাজ্ঞা অব্যাহত ৰাখিছে৷ যাৰ বাবে সমূহীয়া নামাজৰ পৰিৱর্তে ঈদ–উজ–জোহাৰ নামাজো ঘৰৰ পৰাই কৰিব লাগিব ইছলাম ধর্মাৱলম্বী লোকসকলে৷ ইতিমধ্যে জিলা প্রশাসনসমূহে ঈদগাহ কমিটীসমূহৰ সৈতে বৈঠক অনুষ্ঠিত কৰি এইক্ষেত্রত যাৱতীয় নির্দেশনা প্রদান কৰা হৈছে৷ কামৰূপ মহানগৰ জিলাৰ মছজিদত সর্বাধিক ৫জন ব্যক্তি সমৱেত হোৱাৰহে অনুমতি দিছে৷ অর্থাৎ ঈদগাহ অথবা মছজিদত সর্বাধিক ৫জন ব্যক্তিয়ে অংশ ল’ব পাৰিব সমূহীয়া নামাজত৷ তদুপৰি মছজিদত সমৱেত হোৱা এই লোকসকলে স্বাস্থ্য সম্পর্কীয় সকলো বিধি অনুসৰণ কৰিব লাগিব৷

উল্লেখ্য যে এই পৱিত্র উৎসৱ উপলক্ষে প্রতিবছৰে মছজিদ আৰু ঈদগাহসমূহ সজাই–পৰাই তোলা হয়৷ ঘৰত প্রস্তুত কৰা হয় বিভিন্ন সুস্বাদু ব্যঞ্জন৷ সমূহীয়া নামাজৰ প্রাক্ক্ষণত ন–সাজ কিনিবলৈ বজাৰত ব্যাপক ভিৰো পৰিলক্ষিত হয়৷ কিন্তু এইবেলি ঈদৰ পৰিৱেশ সম্পূর্ণ বিপৰীত৷ নিত্য–নৈমিত্তিক আৰু অত্যাৱশ্যকীয় সামগ্রী ক্রয়ৰ বাবেহে বজাৰত ইছলাম ধর্মাৱলম্বী লোকসকলে ভিৰ কৰা পৰিলক্ষিত হৈছে৷ সমূহীয়া নামাজত আৰোপ কৰা বাধ্যবাধকতাৰ বাবে সজাই–পৰাই তোলা হোৱা নাই মছজিদ আৰু ঈদগাহসমূহ৷ ইয়াৰ মাজতে পৱিত্র ঈদ–উজ–জোহা উপলক্ষে ইছলাম ধর্মাৱলম্বী লোকসকললৈ শুভেচ্ছা জ্ঞাপন কৰিছে বিভিন্ন দল–সংগঠনে৷ সাংসদ ভুবনেশ্বৰ কলিতাই ঈদৰ শুভেচ্ছা জ্ঞাপন কৰি এক বিবৃতিত কয় যে সুখ–শান্তি আৰু সমৃদ্ধিৰ বতৰা কঢ়িয়াই অনা পৱিত্র ঈদে সকলো ধর্ম আৰু বিভিন্ন জাতি–জনগোষ্ঠীৰ মাজত থকা সাতামপুৰুষীয়া একতা আৰু ভাতৃত্ববোধৰ এনাজৰীডাল অধিক শক্তিশালী কৰি তুলিব৷

You might also like