নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বৃহস্পতিবাৰে ৭গৰাকীৰ মৃত্যু, আক্রান্ত ৫০৮গৰাকী

নিয়মীয়া বাৰ্তা, ২৩ অক্টোবৰঃ ৰাজ্যখনত ক্রমশঃ ক’ভিড পৰিস্থিতিৰ উন্নতি ঘটিছে যদিও মৃত্যুৰ ধাৰাবাহিকতা অব্যাহত আছে৷ বৃহস্পতিবাৰ দিনটোতো ৰাজ্যখনত ক’ভিডত আক্রান্ত ৭গৰাকী লোকৰ মৃত্যু হয়৷ ইয়াৰ লগে লগে অসমত এতিয়ালৈ ক’ভিডত মৃত্যু হোৱা লোকৰ সংখ্যা ৮৯৬গৰাকীলৈ বৃদ্ধি পালে৷ স্বাস্থ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই টুইটাৰযোগে জনোৱা অনুসৰি বৃহস্পতিবাৰে ক’ভিডত আক্রান্ত লখিমপুৰৰ মাৰকচ ভাটৰা (৬০), তিনিচুকীয়াৰ উমা বৰা (৫৭), কামৰূপ মেট্র’ৰ ধীৰেন্দ্র কুমাৰ মিলি (৬৫), যোৰহাটৰ সুনীত বৰঠাকুৰ (৭০), গোলাঘাটৰ মহেন দত্ত (৬২), ৰাতুল শর্মা (৬১) আৰু শোণিতপুৰৰ খগেন ডেকা (৬৯)ৰ মৃত্যু হয়৷ মন্ত্রী ড০ শর্মাই আটাইকেইগৰাকী লোকৰ বিয়োগত গভীৰ শোক প্রকাশ কৰাৰ লগতে শোকসন্তপ্ত পৰিয়ালবর্গলৈ সমবেদনা জ্ঞাপন কৰে৷ ইপিনে বৃহস্পতিবাৰৰ দিনটোত ৰাজ্যখনত নতুনকৈ ৫০৮গৰাকী লোক ক’ভিডত আক্রান্ত হয়৷ ইয়াৰে ১০১গৰাকী গুৱাহাটী মহানগৰীৰ৷ বৃহস্পতিবাৰে ৩৪,৩৭৫গৰাকী লোকৰ নমুনা পৰীক্ষা কৰা হয়৷ দিনটোত আক্রান্তৰ হাৰ ১.৪৮ শতাংশ৷

আনহাতে, সুস্থ হৈ উঠাৰ পৰিপ্রেক্ষিতত আজিৰ দিনটোত ১,৫৮৪গৰাকী লোকক হাস্পতালৰ পৰা ৰিলিজ দিয়া হয়৷ মন কৰিবলগীয়া এয়ে যে এতিয়ালৈ অসমত মুঠ ২,০৩,২৮২গৰাকী লোক ক’ভিডত আক্রান্ত হোৱাৰ বিপৰীতে ইতিমধ্যে ১,৭৭,৬৫৯গৰাকী লোক সুস্থ হৈ ঘৰলৈ উভতি গৈছে৷ বর্তমান ২৪,৭২৪গৰাকী লোক বিভিন্ন হাস্পতালত চিকিৎসাধীন হৈ আছে৷ মন্ত্রী ড০ শর্মাই টুইটাৰত উল্লেখ কৰা অনুসৰি বর্তমান ৰাজ্যখনত সুস্থতাৰ হাৰ ৮৭.৩৯ শতাংশ, সক্রিয় ৰোগীৰ হাৰ ১২.১৬ শতাংশ আৰু মৃত্যুৰ হাৰ ০.৪৪ শতাংশ৷

You might also like