নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

পূজাস্থলীসমূহৰ লগতে অত্যধিক জনসমাগম হ’ব পৰা স্থানসমূহত অতিৰিক্ত আৰক্ষী মোতায়েনৰ নির্দেশ

নিয়মীয়া বাৰ্তা, ২৩ অক্টোবৰঃ মাৰাত্মক ক’ৰোনা ভাইৰাছৰ সংক্রমণৰ বাবে সৃষ্টি হোৱা সামগ্রিক পৰস্থিতিৰ প্রতি লক্ষ্য ৰাখি চৰকাৰে বান্ধি দিয়া প্রট’কল আৰু নীতি–নির্দেশনা কঠোৰভাৱে বলৱৎ কৰিবলৈ নির্দেশ দিছে গুৱাহাটী উচ্চ ন্যায়ালয়ে৷

বিশেষকৈ উৎসৱৰ সময়ত হোৱা জনসমাগমে যাতে ক’ভিড–১৯ৰ দ্রুত সংক্রমণ ঘটাব নোৱাৰে, তাৰ বাবে এই বিশেষ ব্যৱস্থা ল’বলৈ উচ্চ ন্যায়ালয়ে নির্দেশ দিছে৷ জ্যেষ্ঠ অধিবক্তা তন্ময়জ্যোতি মহন্তই দাখিল কৰা ৫৩/২০২০ নম্বৰৰ ৰাজহুৱা স্বার্থজড়িত আবেদনৰ শুনানি গ্রহণ কৰি ভাৰপ্রাপ্ত মুখ্য ন্যায়াধীশ এন কটিশ্বৰ সিং আৰু ন্যায়াধীশ মনীষ চৌধুৰীৰ খণ্ড বিচাৰপীঠে পূজাস্থলীসমূহত অতিৰিক্ত আৰক্ষী নিয়োগ কৰিবলৈ নির্দেশ দিছে৷

পূজাস্থলীসমূহৰ লগতে অত্যধিক জনসমাগম হ’ব পৰা স্থানসমূহত অতিৰিক্ত আৰক্ষী নিয়োগ কৰাৰ ক্ষেত্রত আৰক্ষী অধীক্ষক আৰু আৰক্ষী থানাৰ ভাৰপ্রাপ্ত বিষয়াসকলে ব্যৱস্থা গ্রহণ কৰিব লাগিব৷ ৰাজহুৱা স্থানত মাস্ক পৰিধান নকৰা আৰু সামাজিক দূৰত্ব মানি নচলা ব্যক্তিৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্রহণ কৰিবলৈ সংশ্লিষ্ট কর্তৃপক্ষক নির্দেশ দিছে খণ্ড বিচাৰপীঠখনে৷

উল্লেখ্য যে ক’ভিড পৰিস্থিতি নিয়ন্ত্রণৰ বাবে ৰাজ্য চৰকাৰে কেতবোৰ বিশেষ নীতি–নির্দেশনা জাৰি কৰিছে৷ মাস্ক পৰিধান আৰু সামাজিক দূৰত্ব মানি চলাটো বাধ্যতামূলক কৰা হৈছে৷ তৎসত্ত্বেও একাংশ লোকে ক’ভিড প্রট’কল ভংগ কৰি আহিছে৷ এইক্ষেত্রত চৰকাৰে বান্ধি দিয়া নীতি–নির্দেশনা কঠোৰভাৱে বলৱৎ কৰাৰ ক্ষেত্রত ব্যর্থ হৈছে আৰক্ষী প্রশাসন৷ সেয়েহে এইক্ষেত্রত নির্দেশনা বিচাৰি উচ্চ ন্যায়ালয়ত ৰাজহুৱা স্বার্থজড়িত আবেদন দাখিল কৰা হৈছিল৷

You might also like